Thursday 8 August 2013

তন্দুৰি চিকেন আৰু তন্দুৰৰ জুই, ফটিকাপানী, শান্তি, অশান্তি ইত্যাদি . . .



অশান্তি অশান্তি কৈ কিয় ইমান অশান্তি কৰে হাঃ

আচ্ছা এটা কথা কওকছোন, এই কিদিন যে পেপাৰে পত্ৰই টিভিত অনবৰতে অসমত জুই জ্বলিছে, হিংসা-হত্যাৰ দাবানল, পৃথক ৰাজ্যৰ দাবীত মৰা-মৰি, কটা-কটি চলিছে বুলি বাতৰি পঢ়িছো, দেখিছো সেইবোৰ গোকাট মিছা কথা নহয়নে বাৰু? কোনো চক্ৰান্তকাৰিৰ উৰাবাতৰি, বিৰোধিৰ অপচৰ্চা যেন হে লাগিছে...

কি কয় হে? ক'তনো ইমান অশান্তি দেখিলে? আমাৰ খুদ ৰাজধানী গুৱাহাটীত দেখোন সেইবোৰ একো অশান্তি চশান্তি নাই... তেনে কিবা হৈ আছে বুলি একো ভূকে পোৱা নাই হে ..নিয়ম মাফিক অফিচ আহিছো, তামাম কাম চাম কৰি আড্ডা চাড্ডা মাৰি ৰাতি ঘৰলৈ গৈছো... ক'ত অশান্তি? ক'ত জুই জ্বলিছে হে? জুই জ্বলিছে যদি কেৱল নিজৰ পাকঘৰত, তাকো গেছত জ্বলিছে... আৰু জ্বলিছে হোটেলৰ ডাঙৰ ডাঙৰ ধুনীয়া পাকঘৰবোৰত চে'ফবোৰে জ্বলোৱা সেই জুইকুৰা, তাকো আপোনাৰ মোৰ জিভাৰ তৃপ্তিৰ বাবে ... অ' আৰু কেইটামান ঠাইত জ্বলিছে, ফুটপাথৰ কাষে কাষে থকা তন্দুৰী চিকেনৰ তন্দুৰবোৰত.... আৰে এই জুই জ্বলিবই, তন্দুৰত জুই নজ্বলিলে এনে তন্দুৰৰ ওচৰত শাৰি শাৰি গাড়ী, বাইকবোৰত বহি আপুনি মই প্লাষ্টিকৰ গিলাচত সেই শান্তিপানী কণ কেনেকৈ গলাধকৰন কৰিম কওকছোন... যত চব বাজে কথা,,, চকু চৰহাৰ দল.... হেৰৌ আগৰ অগপৰ দিনত ইমান তন্দুৰ গুৱাহাটীত আছিল নেকি? হুহ, ইমান ৰাতিলৈকে বিন্দাচ আপুনি ময়ে নিৰাপদে পুলিচৰ খেদা নোখোৱাকৈ ক'ত এনেকৈ ৰাস্তাৰ কিনাৰত বহি শান্তিত তন্দুৰী চিকেনৰ লগত প্লাষ্টিকৰ গিলাচত....?? যাতা কথা কৈ মানুহক উত্তেজিত কৰি নাথাকিব দেই ...

কতা অশান্তি? চাইৰেন বজাই মন্ত্ৰী, বিষয়া, স্বায়ত্বশাসিত পৰিষদৰ সদস্য কনভয়ত গৈয়ে আছে..। পূৱা গধুলী যেতিয়া আপোনাৰ মোৰ দৰে নগন্যলোক সকল ট্ৰেফিকজামত 'ফচো' তেতিয়া দেখোন এনে বিয়াগোম বিয়াগোম লোকৰ কনভয় এটা পাই গলে কিমান স্বস্তি অনুভৱ কৰো.. হয়নে? মিছা ক'লে কিডাল হ'ব? বছ তাৰ পিছত আপোনাৰ বাইকখন, মোৰ গাড়ীখন কেনেবাকৈ তাৰ পিছত লগাই দিয়্ক ... কোনো চিন্তা নাই, ট্ৰেফিক চিগনেল টিগনেল নামানি ফো ফোঁৱাই বৰলোকৰ কনভয়ৰ পিছত নিজৰ গাড়ী-বাইক চুটাই দিয়্ক.... আৰু প্ৰায়ে দেখিব এই কনভয়টো চিধাই আমাৰ ক্ৰিকেট খেলমন্ত্ৰীৰ হোটেলত ডাইৰেক্ট সোমাই গৈছে... অলপ আড্ডা মাৰিব আক'...!! কি,আপুনি ক্ৰিকেট খেলমন্ত্ৰীৰ হোটেল চিনি নাপায়? আৰে বেলতলাত হে... আহিব এদিন, বহি একেলগে টানিম..

হৈৰি, এনেই অশান্তি অশান্তি কৰি টি আৰ পিৰ ধান্দাত নাথাকিবছোন... কাম বন নাই নেকি? কৰবাত টায়াৰ জ্বলাই লেখিছে ডিভাইদ আচাম ফিফ্টি ফিফ্টি আৰু আপোনালোকে তাকে ব্ৰেকিং নিউজ বনাই বাৰে বাৰে দেখুৱাই আছে... আৰে ইমান ব্ৰেকিং নিউজ দেখুৱাব মন আছে গৰুচোৰক পিতন দিয়া, পৰকীয়া প্ৰেম কৰি ধৰা পৰি চুলি খুৰাই দিয়া, বান্দৰে গিলাচত কেনেকৈ ভাং খাই আছে, এজোপা কলগছৰ ৫ টা কলডিল ওলাইছে সেইবোৰ নিউজ দেখুওৱাক না... আৰু শুনক, যদি আন একো ব্ৰেকিং নিউজ নাপায় তেন্তে লেটেষ্ট যৌন কেলেংকাৰিৰ ঘটনাটোকে মা-মছলা সানি দিয়ক প্ৰাইম টাইমত...মাৰ্কেটত ইমান হট নিউজ ক'ত পাব? কি কয়? সেইটো বেলেগে ষ্টিং কৰিলে। তাতে কি হ'ল, ধুৰ, নিউজটো দেখুৱাই থাকোতে 'আৱাৰ এক্সক্লুচিভ কভাৰেজ' বুলি স্ক্রল কৰিবলৈ নাপাহৰিব... লটাৰীকিঙৰ বাবে এইবোৰ কিনো ডাঙৰ কথা? কিমান ফুৰ্টি কৰিলে... এটা ধৰিলে, তাতে কি হ'ল? আৰে অৱতাৰী পুৰুষ হ'ল বুলি দৈহিক প্ৰয়োজন নাথাকিব নেকি? আৰে ভাই, ঈচ্চৰে কৰিলে লীলা আৰু আমি কৰিলে কিলা... হুঁহ...!! ইমান শান্তিৰে মিলাপ্ৰিতিৰে থকা মানুহ খিনিক লৈ অশান্তি অশান্তি কৰি কিয় থাকেনো?

হবই দিয়্কছোনপ অকণমান দিগদাৰি...সেই মাজে মাজে ক'ৰবাত পুলিচ, মিলিটেৰিৰ চেকিং টেকিং থাকে, সেইটোনো কি ডাঙৰ কথা? ১৫ আগষ্টৰ আগে আগে তেনে কৰেই আৰু... দুদিনমান আপুনি দুচকীয়াত দুজন উঠিব নোৱাৰিলে তাতে কি হ'ল? বাচত যাওক, অ'টত যাওক... দেশৰ নিৰাপত্তাৰ কাৰণে আপুনি এইকন সহ্য কৰিব নোৱাৰে নেকি? আমাৰ পুলিচৰ ইমান সময় নাই যে আপোনাৰ পিছত কোন উঠি ক'ত গ্ৰেনেড দলিয়াব তাক চাই থাকিব !! মুঠতে আপুনি পুলিচে, মিলিটেৰিয়ে ৰখালে হেলমেটটো খুলি মুখখন দেখুৱাই দিব; তেওঁলোকে পৰেশ বৰুৱাক চিনি পায়; আপোনাক এৰি দিব, যাওক।

শুনক, আমাৰ ৰাজ্যত কোনো অশান্তি নাই। কোনোবাই এনেই আবোল তাবোল বকিছে; তাতে আহি খেতিয়কেও চং দিছে। আৰে ভাই, ভাৱৰীয়াই ভাও নিদিলে অপুনি মই দিম নেকি? গুৱাহাটীত দৈনিক বিয়া পতাই ধুম ধাম বিয়া পাতিছে, জন্মদিন পতাই হোটেলত পাৰ্টি দিছে, ডান্সবাৰত মদ ভাং খাই মতলীয়া হৈ ৰাইজে বিন্দাচ নাচিছে, ফুৰ্টি কৰিছে, চিনেমা হলত দেইলি মুভি ৰিলিজ হৈয়ে আছে, চিনেমেক্সত মিল্খাৰ পিছে পিছে ৰাইজ দৌৰিয়েই আছে... কি কলে? ৰাতিৰ গুৱাহাটী ইমান চেফ নহয়? আপোনালোকে চকু মুদি থাকে নেকি হে? দেখা নাই প্ৰ্তি দেউবাৰে দেউবাৰে হাজাৰ হাজাৰ ভক্তগণ গেৰুৱা বসন পৰিধান কৰি বশিষ্টৰ পৰা পানবজাৰলৈকে শান্তভাৱে খোজ কাঢ়ি গৈয়েই আছে... অকণমান অবুজন কেইজনমানে বাটে পথে উদ্ভণ্ডালী কৰিলেই যেনিবা, তাতে আপোনাৰ কি অসুবিধাটো হ'ল? আফটাৰ অল ৱি আৰ এ' চেকুলাৰ কান্ট্ৰি এণ্ড ৱি দিমাণ্ড ৱি আৰ অ'নলি চেকুলাৰ পিপ'ল...!! আৰু কিমান উদাহৰণ লাগে হে আপোনাক? আমাৰ ইয়াত কেৱল শান্তিয়েই শান্তি। এইবোৰ চব বিৰুধীৰ চক্ৰান্ত। ইউ চুদ অলচ' আন্ডাৰষ্টেণ্ড দিজ ইম্পৰটেন্ট মেটাৰচ।

যাওক যাওক, যা তা কথা কৈ নাথাকিব। আপোনালোকে ভাল ভাল খবৰবোৰ নেদেখে! সেইযে এজন বিলাত ফেৰত ডেকাই লং পেন্ট চাৰ্ট পিন্ধি কেমেৰালৈ চাই ভূৱনভোলোৱা হেবাং হাঁহিটো মাৰি হাল বাই আছিল সেইবোৰ নেদেখিলে নেকি আপোনালোকে? হাঃ.. ইমান কষ্ট কৰি মুখত মাতৃভাষাটোকে নুফুটা বেচেৰা হেবাঙৰ ভাও ধৰা বাপেকৰ পুতেকে হাল বাই 'বলক বলক' বুলি গৰু হালক হেচুকি গোটেই পথাৰখন টহিলং কৰিলে... সেইবোৰ নেদেখে... হুহঁ.. তাৰ এটা ব্ৰেকিং নিউজ বনাব নোৱাৰিলে? আপোনালোকৰ নিচিনা টিভি চেনেলবোৰে আৰু বাতৰি কাকত বোৰে আগতে দেখোন সেই ৰাউল গেন্ধাই বোলাটোৱে মুৰত পাথৰৰ টুকুৰি লৈ হাজিৰা কৰা মাইকী মানুহৰ লগত শিল কঢ়িয়াই থকা ফ'ট দেখি গোটেইখন তাল ফাল লগোৱা নাছিলনে? এতিয়া এই খাৰখোৱা ডেকাটোৰ প্ৰ্তি ইমান অবিচাৰ কিয়? নাপায় নাপায়, ইমান পাৰচেলিটি কৰিব? অসমীয়া ক'ব নোৱাৰে সেইটোনো কি কথা, শিকি ল'ব। এবাৰ গাডীখনত বহিবলৈ দিয়কছোন....

ছেহঃ ক'ৰ কথা কলৈ গ'ল... নকলেও ফটা মুখ... মেডামে কৈছেই অলপ শান্তি দিল্লীৰ পৰা পঠিয়াই দিছেই... সোনকালে পাবহি... ইমান শান্তিৰ মাজত আকৌ অশান্তি সৃষ্টি নকৰিব। টি আৰ পি ৰ কাৰণে বেলেগ ব্ৰেকিংনিউজ মেনুফেকচাৰ কৰক.... নহলে নাকত তেল দি শুই থাকক...

# সুৰজিত নেওগ - ০৮/০৮/২০১৩, আবেলি ৬:১৫ বজা, গুৱাহাটী

Wednesday 7 August 2013

ব্রিটিচ স্বাস্থ্যমন্ত্রী বনাম খাৰখোৱা মন্ত্রী ... মানসিকতাৰ তফাৎ আৰু আমিবোৰ !!

আমাৰ ৰাজ্যখনৰ মুৰব্বীসকলৰ বাবে গুৰুত্বপূৰ্ণ 'বিষয়' কি?

বি বি চিৰ বাতৰি অনুস্থানটো প্ৰায়ে চাওঁ। যোৱা নিশাও অলপ সময়ৰ বাবে চাই আছিলো; গতানুগতিক বাতৰি কেইটামানৰ পিছত হঠাৎ দেখিলো কেমেৰাই লণ্ডন মেট্ৰো ষ্টেচনত এজন মানুহক অনুসৰণ কৰিছে। মানুহজন কুবাকুবিকৈ ট্ৰেইন এখন ধৰিবৰ বাবে গৈছে। তেনেতে সাংবাদিকজনে মানুহজনক ৰখাই সুধিলে "চাৰ আপোনাৰ দহ মিনিট মান সময় ল'ব পাৰোনে?" মানুহজনে "হয়" বুলি কোৱাত সাংবাদিকজনে প্ৰশ্ন দুটামান কৰিলে কিবা বিষয় এটাৰ ওপৰত.... তলত স্ক্ৰ্ল হৈ থকা কথাখিনিৰ পৰা বুজিলো এই ইন্টাৰভিউ দি থকা মানুহজন এলাপেছা লোক নহয়; তেখেত হ'ল ইংলণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডেন প'ল্টাৰ..!! NHS (National Health Service) অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ বিভিন্ন জনকল্যানমুখি আচনি সমুহ ব্ৰিটিচ নাগৰিকৰ আৰু অধিক কাষ চপাই অনাৰ বাবে কি কি কঠোৰ পদক্ষেপ লোৱা হৈছে তাৰেই এক থুলমুল আলোচনা টিভি সাংবাদিক জনৰ লগত হৈছে...। ১০ মিনিটমানৰ পিছত মন্ত্ৰীগৰাকীয়ে
অতি নম্ৰভাৱে সাংবাদিক জনক ক'লে "বেয়া নাপাব, মোৰ এখন জৰুৰী মিটিং আছে, মই যাব লাগে।" বুলি কৈ খৰধৰকৈ ট্ৰেইন এখনত উঠি গন্তব্যস্থানলৈ গুচি গ'ল .....

এইকথা খিনি ব্ৰিটেইনৰ NHS ৰ বিষয়ে আলোচনা কৰিবলৈ বুলি মই ইয়াত লেখা নাই...!! অনুস্থানটো চাই থাকোতে আৰু তাৰো বহু পিছলৈ মোৰ মনত আন এটা কথাইহে বাৰে বাৰে এক তুলনাত্মক পৰিস্থিতি এটাৰ জোকাৰণি দি গৈছিল... অপুনি কল্পনা কৰিব পাৰেনে আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে [বা আন যিকোনো মন্ত্ৰীয়ে..] এনেকৈ ৰাজহুৱা পৰিবহন ব্যৱস্থা এটাত উঠি নিজৰ চৰকাৰি কামত গৈছে। অতি নম্ৰভাৱে (আমাৰ অতিচতুৰ বাকপটু স্বাস্থ্যমন্ত্ৰীৰ জেলেপী পাকৰ কথা কোৱা নাই) কিবা কৈছে....!!! আমাৰ ইয়াত প্ৰ্থমেই উগ্ৰপন্থীৰ দোহাই দি জেদ কেটেগৰি নিৰাপত্তাৰ কথা উঠিব। ইংলণ্ডত মন্ত্ৰীসকল ইমান নিৰাপদ নেকি? তাত আমাৰ ইয়াতকৈ বহুগুণে বেছি আলকায়দা আদিৰ ভাবুকি আছে; অথচ ???

কায়িকভাৱে বা বৈষয়িকভাৱে আচলতে আমাৰ ইয়াৰ লগত ইংলণ্ডৰ বিশেষ একো প্ৰাৰ্থক্য নাই; প্ৰাৰ্থক্য মাথো মানসিকতাৰহে। দায়্ত্ববোধহীনতাৰ চৰম নিদৰ্শন আমি ইয়াত পদে পদে দেখি থাকো। আমাৰ সাম্প্ৰ্তিক অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতেই হেনো আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীকে আদি কৰি আন বহু জ্যেষ্ঠ নেতা মন্ত্ৰী যোৱাকালি মুখ্যমন্ত্ৰীৰ বাসভৱনত মিলিত হৈ এক 'গুৰুত্বপূৰ্ণ' বিষয়ৰ ওপৰত গভীৰ নিশালৈকে আলোচনাত মগ্ন হ'ল... অতি আচৰিত ধৰনে কিন্তু স্বাভাৱিকভাৱেই 'গুৰুত্বপূৰ্ণ' আলোচনাৰ বিষয়-বস্তু কিন্তু আমাৰ জ্বলন্ত সমস্যাবোৰ নহয়। চাৰিওফালে হাজাৰ ঘন্টীয়া বন্ধ, পথ অৱৰোধ, চৰকাৰি কাৰ্য্যালয়ত অগ্নিসংযোগ, কটা-কটি মৰা-মৰি এইবোৰ অতি স্পৰ্শকাতৰ আৰু জৰুৰী কথাই এনেহেন এখন 'হাইলেভেল' মিটিঙত তেৰাসৱে আলোচনাৰ যোগ্য বুলি নাভাবিলে...। এতিয়া দিল্লীত মেডামৰ একমাত্ৰ লক্ষ্য-উদ্দেশ্য হ'ল "খাদ্য নিৰাপত্তা বিধেয়্ক" আৰু ইয়াৰ গইনা লৈ আগন্তুক লোকসভা নিৰ্বাচনত এই চৰকাৰে কেনেকৈ গাডি সুৰক্ষিত কৰিব পাৰে....!! আৰু তাৰ বাবে আমাৰ আমাৰ বেবেৰি বাং বকা গগৈডাঙৰীয়াক দিল্লীলৈ তলব...আৰু তেৰা ঘুৰি আহিয়েই "খাদ্য নিৰাপত্তা বিধেয়্ক"ৰ ওপৰত 'হাইলেভেল' মিটিং....!!

ইয়াতকৈ দুখৰ কথা, দুৰ্ভাগ্যৰ কথা আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ বাবে কি হ'ব পাৰে? ওহোঃ একো হ'ব নোৱাৰে.... চুৱা চেলেকা সদায় চুৱা চেলেকাই হৈ থাকিব... বড়ো-অবড়োৱে, কাৰ্বি-অনাকাৰ্বিয়ে কাজিয়া লাগি থাকক, পথবন্ধ দিয়্ক... অৰ্থনৈতিক অৱৰোধ হওক; তাতে আমাৰ মন্ত্ৰীসবৰ বা নেতাবোৰৰ কি আহে যায়....!!

এনেই অকনমান সময় উলিয়াই তুলনা কৰকছোন দুজন জনপ্ৰ্তিনিধিৰ মানসিকতাৰ... ডেন প'ল্টাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ...!!! হেবাং বুৰ্বকৰ ভাও ধৰা আমাৰ ৰাজ্যৰ ৰজাজনে হেনো বিদেশ ভ্ৰমন কৰি ভাল পায়; কাৰণ তেখেতে বহু কথা শিকে...ভাল কথা... ভাল ভাল কথা শিকক... একমাত্ৰ পুত্ৰৰ বাবে হ'বলগীয়া বোৱাৰিয়েকৰ দেশৰ এনে ধৰণৰ কথাবোৰ তেখেতে হয়তো আজিলৈকে দেখাই নাই বা এনেকুৱা যে হ'ব পাৰে তেখেতৰ কিজানি কল্পনাৰো অগোচৰ...

# সুৰজিত নেওগ - ০৬/০৮/২০১৩, গুৱাহাটী
অসমীয়া কথা বতৰা গোটত প্ৰ্কাশিত - লিংক - https://www.facebook.com/groups/axomiyakothabotora/permalink/584029058316261/