Friday 14 June 2013

গেলা গৰমত আকৌ উদ্ভৎ চিন্তা . . . জাতীয় সংগঠনসমুহৰ দায়বদ্ধতা কিমান?

গেলা গৰমত আকৌ উদ্ভৎ চিন্তা . . .  [লঘু ৰচনা]


আমাৰ জাতীয় সংগঠনসমুহৰ অসমৰ খিলঞ্জীয়া, ল'কেল, ভূমিহীন, সৰ্বহাৰা, বিদেশী, স্বদেশী, ভূমিপুত্ৰ সকলৰ প্ৰ্তি দায়বদ্ধতা কিমান? বৰ ক্ৰিটিকেল কুৱেচ্চন নহয়নে? হওঁতে অলপ খেলি মেলি নথকা নহয়...। উদাহৰণ কেইটামান চাওক . . .

(১) এই ধৰক, ৰাষ্ট্ৰীয় ঘাইপথেদি এখন গাড়ী তীব্ৰ গতিত গৈ আছে; পথৰ দুয়োকাষে এক তৃতীয়াংশ অধিকাৰ কৰি "ৰাজহুৱা সম্পত্তিক নিজৰ সম্পত্তি" বোলা কথাষাৰৰ দ্বাৰা উদ্ভুত্ত হোৱা স্থানীয় লোকে দীঘলীয়াকৈ ধান শুকোৱাই আছে। হঠাৎ এৰাল চিগি সন্মুখলে গৰু এটা দৌৰি আহিল আৰু চালকৰ হাজাৰ চেষ্টা স্বত্বেও এক অৱধাৰিত দুৰ্ঘটনাৰ পৰা গৰুটোক বচাব নোৱাৰিলে। তাৰ পিছত দূটা সম্ভাব্য পৰিস্থিতি - গাড়ীখন পথৰ কাষৰ খাৱৈত বাগৰি পৰিল আৰু ওচৰৰ মানুহ আহি গৰুটো মৰাৰ বাবে গাড়ীখন জ্বলাই দিলে। নহলে গাড়ীখনে দুৰ্ঘটনা সংঘতিত কৰি পলাই গ'ল। এতিয়া কল্পনা কৰকছোন তাৰ পিছত... এজম দুজন কৈ ওচৰৰ ৰাইজ ওলাই আহিল; তাৰ মাজতে ধুমকেটুৰ দৰে উপস্থিত হ'লহি এশৰো অধিক জাতীয় সংগঠনৰ কোনো এটাৰ এজন দায়িত্বশীল সদস্য। "পথ অৱৰোধ কৰিব লাগে।" মাত্ৰ উচ্চাৰণ হ'ল কি নহ'ল; ৰাইজ ৰাস্তাত বহিলেই। এফালে উদাত্ত ভাষন, আনফালে ৰাইজৰ 'হয় হয় বা হায় হায়'। আৰু ৰাস্তাৰ দুয়োমুৰে যান বাহনৰ দীঘলীয়া শাৰি। শেষত কেই ঘন্টামানৰ পাছত এজন দণ্ডাধীশ/পুলিচ বিষয়া/উপায়ুক্ত/চক্ৰবিষয়াক (দুৰ্ঘটনাৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি) স্মাৰক পত্ৰ প্ৰদান। .... জাতীয় সংগঠনৰ এৰাব নোৱাৰা অৱদান... নহয়নে?

(২) বাৰেৰহনীয়া অসমীয়া সংস্কৃতি ৰক্ষাৰ্থে বিহু/পূজাৰ সময়ত চান্দা বিচাৰি কেইজনমান ডেকাই ঘৰে, দোকানে, পেট্ৰল পাম্পে বৰঙনী সংগ্ৰহ কৰিছে। নিজ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থতে বাটৰ কচু গাত ঘহি নোলোৱা বেছিভাগেই 'প্ৰাণ ঢালি' বৰঙনী দিছে। কোনোবা জনক আকৌ ধৰক সাংগঠনিক কামতে ইফাল সিফাল কৰিবলৈ বাইক, গাড়ীত পেট্ৰ্ল/ডীজেলৰ দৰকাৰ হৈছে; পিছে আমাৰ ৰংচঙীয়া সংস্কৃতিৰ ভু ভা নোপোৱা পেট্ৰ্ল পাম্পৰ কৰ্মচাৰি বা মালিকৰ লগত লাগিল খকা-খুণ্ডা। বিনামূলীয়াকৈ আৰু কিমান পেট্ৰ্ল/ডীজেল দিব... বচ, আমাৰ জাতীয় জীৱনৰ ধ্বজাবাহী কোনো জাতীয় সংগঠনৰ এই বীৰ সেনানী সকল জপিয়াই পৰিল ... নিমিষতে পাম্পৰ সকলো আচ-বাব,আইনাৰ টুকুৰা ভুলুন্থিত। প্ৰ্শাসনে মৰ সাহ কৰি যদি এজন দুজন বীৰক গ্ৰেপ্তাৰ কৰে, তাৰ পিছত আৰু কোনে পায়??!! অনিৰ্দিষ্ট কাললৈ অসম বন্ধ। আমাৰ প্ৰ্তি
জাতীয় সংগঠনৰ এয়া অৱদান নহয় বুলি আপুনি ডাঠি ক'ব পাৰিবনে ??

(৩) তিনিটা চোৰ - আলি, ৰহমান আৰু বসুমতাৰি। এনেই তিনিওটাই তামাম দোষ্ট। নিজ পৰিশ্ৰমৰ পৰা হোৱা উপাৰ্জনৰ পৰা তিনিওটাই মুটামুটি ভাল জীৱন যাপন কৰি আছে। চুলাইৰ ডেইলী কোটা আৰু বাকী খানা-পিনাৰ পিছত মাতাল হৈ লাগিল এদিন কাজিয়া, মাৰা-মাৰিৰ পিছত বসুমতাৰি মৰি থাকিল। পিছ দিনাৰ পৰা পৰিস্থিতি লাহে লাহে উত্তেজনাপূৰ্ণ হৈ আহিল। আকৌ আবিৰ্ভাৱ কোনো জাতীয় সংগঠনৰ সচেতন সদস্য; মচলা, ৰহন আদিৰ প্ৰ্কোপত তিনি চোৰৰ কাজিয়াই গৈ পালেগৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰুপ। পিছৰ খিনি ক'ম জানো ? এতিয়াও আপুনি ক'বনে আমাৰ সচেতন, দেশৰ, দহৰ হকে প্ৰাণ পৰ্য্যন্ত আহুতি দিবলৈ সদাপ্ৰস্তুত কিছু জাতীয় সংগঠনৰ আমাৰ প্ৰ্তি দায়বদ্ধতা নাই বুলি??

(৪) গুৱাহাটী - উত্তৰ পূৱৰ দুৱাৰ মুখ আৰু প্ৰকৃতিয়ে অকৃপন হাতেৰে সজাই পৰাই আমালৈ অগবঢ়োৱা এক অনুপম অৱদান। এফালে বূঢ়ালুইত আৰু কেইবাখনো পাহাৰে চাৰিওফালে আগুৰা আমাৰ ৰাজধানী চহৰ খনে বিশ্বৰ যিকোনো ধুনীয়া ঠাইৰ সতে ফেৰ মাৰিব পৰা ক্ষমতা আছে... কিন্তু.... কি কিন্তু আৰু? এজাক বৰষুণত টকালা পাহাৰৰ মাটি পানীৰ লগত বৈ আহি কেনে এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে সেয়া নেদেখাজনে কল্পনাও কৰিব নোৱাৰে। মাজে মাজে গুৱাহাটীখন ভেনিচ যেনো হয়..!! মাটি কালিৰে ক্ৰমবৰ্ধমান এইহেন চহৰলৈ বহু যুগ ধৰি বিভিন্ন লোকৰ পেটৰ ভাত মুঠি মোকলোৱাৰ স্বাৰ্থতে প্ৰবজন হৈ আহিছে। বহু লোকে পাহাৰৰ ওপৰত হাবিভাঙি, মাটি কাটি ঘৰদুৱাৰ সাজিছে। কোন বৈধ কোন অবৈধ কথাটো অলপ গণ্ডগোলীয়া। পিছে আমাৰ সেই গোলাঘাটৰ ফালৰ খেতিয়্ক জনযে,হাত-মুৰ জোকাৰি, চিঞৰি চিঞৰি কথা কয়, তেওঁ আৰু তেওঁ নেতৃত্ব দিয়া জাতীয় সংগঠনটোৰ মতে কিন্তু এই পাহাৰ কটা, হাবিভঙা সকলো বৈধলোক। তাৰ বাবে লাগিলে গুৱাহাটী উটিয়েই যাওক। পাহাৰ শেষ হৈ যাওক, কোনো কথা নাই। কেতিয়াবা বিলৰ পাৰত, কেতিয়াবা পাহাৰৰ ওপৰত, কেতিয়াবা পৃথানীৰ ঘৰৰ চোতালত ধৰ্না আন্দোলন চলি থাকে হাতত এসোপা সচা মিছা তথ্য থকা কাগজ লৈ। কুৰি শতিকাৰ আটাইতকৈ মহান পৰিশ্ৰমী খেতিয়্কৰ সন্মান পাওঁ পাওঁ অৱস্থাত থকা এইজনাৰ নেতৃত্বত থকা জাতীয় সংগঠনটোৰ তেনে হলে আপুনি দায়বদ্ধতা নাই বুলি ক'ব নেকি??!!

এইয়া মাত্র হাজাৰটাৰ ভিতৰত কেইটামান নগন্য উদাহৰণহে . . . .

হলেও, মোৰ কিন্তু বিশেষ এটা কথাত আমাৰ জাতীয় সংগঠনৰবোৰৰ দায়বদ্ধতাৰ অভাৱ বাৰুকৈয়ে অনুভুত হৈছে...!! এই যে যোৱা কেইদিনৰ উৎকৎ গৰম; চাৰিওফালে অসমৰ খিলঞ্জীয়া, ল'কেল, ভূমিহীন, সৰ্বহাৰা, ভূমিপুত্ৰ, বিদেশী, স্বদেশী সকলোৱে চটফটাই মৰিছে; বটলে বটলে ঠাণ্ডাই হওক গৰমেই হওক কল্ডড্ৰিংক খাইছে (পি ছে), উজাগৰি নিশা যাপন কৰিছে তাৰ প্ৰ্তি কিন্তু কাৰোৰ কাণসাৰ নাই। কেৱ্ল মাত্ৰ আমাৰ দৰে নগন্য লোকেহে ফেচবুকত আস্ফালন কৰি মৰিছো। আপুনি দেখিছেনে এই গৰমৰ বিৰুদ্ধে কোনো এটা জাতীয় সংগঠনে এষাৰ হলেও মাত মাতিছে?? ওহো; নাই..কাৰো কোনো সাৰ সুৰ নাই। মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জাঘৰ যত আমাৰ ভগৱানসকলে বাস কৰে, তাৰ সন্মুখত অন্তত ধৰ্না এটাকে দিব পাৰিলেহেতেন.... প্ৰ্তিকী অনশন এটাকেই যদি কৰিলেহেতেন... বা ভগৱানে লওকেই বা নলওকেই, স্মাৰক পত্ৰ এখনকে দিব পাৰিলেহেতেন .... চেষ্টা এটা কৰি চোৱাত আপত্তি ক'ত কওকছোন? এইবোৰ কৰাৰ পাছত যদি ভগৱানে নুশুনে বা গৰম নকমায় তেতিয়া আমাৰ সকলোবিলাক জাতীয় সংগঠন মিলি অনিৰ্দিষ্ট কাললৈ অসমবন্ধ দিব পাৰিলেহেতেন... আমিও তেতিয়া অলপ সকাহ পাই গেলা উৎকৎ গৰমত কাম কাজ নকৰি ঘৰতে বহি টিভি চিৰিয়েল বা চেম্পিয়ঞ্চ ট্ৰফিকে চাই থাকিলোহেতেন ... নাই, দায়বদ্ধতা বোলা বস্থুটো একেবাৰে নাই আমাৰ জাতীয় সংগঠন বোৰৰ দেই... আপোনালোক (জাতীয় সংগঠন) এতিয়াও জীয়াই আছে বুলি জনাব পৰা ইমান ডাঙৰ সুযোগ এটা হেৰোৱালে দেই ....

[ এতিয়া আৰু লাভ নাই, ইতিমধ্যে এটোপ দুটোপ বৰষুণ পেলাইছেই ..]

# সুৰজিত নেওগ / ১৪ জুন ২০১৩, আবেলি ৪.৩০ বজা
https://www.facebook.com/groups/axomiyakothabotora/permalink/559001080819059/ 

Monday 10 June 2013

ইমু চৰাই আৰু অসমত ইয়াৰ বাণিজ্যিক প্রসাৰতাৰ সুযোগ



ইমু চৰাই আৰু অসমত ইয়াৰ বাণিজ্যিক প্রসাৰতাৰ সুযোগ . . .


Emu
বা ইমু চৰাই যাৰ বৈজ্ঞানিক নাম Dromaius novaehollandiae, অষ্ট্রেলিয়া মহাদেশৰ এবিধ স্থানীয় চৰাই যি উচ্চতাৰ ফালৰ পৰা পৄথিৱীৰ ভিতৰতে দ্বিতীয় বৄহত্তম চৰাই । এই চৰাইবিধ অষ্ট্রিচ চৰাইৰ বংশধৰ । এই চৰাইবিধ অষ্ট্রেলিয়াৰ মুলভুখণ্ডতে থাকে যদিও ইহঁতে সাধাৰণতে জনবসতি অঞ্চল বা ঘনহাবিতলীয়া ঠাই এৰাই চলে । এই চৰাইবিধৰ গাটো মিহি মুগা বৰণীয়া পাখিৰে আবৄত যদিও ইহঁতে উৰিব নোৱাৰে । পুৰ্ণবয়স্ক ইমু চৰাইএটা প্রায় ২ মিটাৰ বা ৬.৬ ফুট পৰ্য্যন্ত ওখ হয় । দীঘল ডিঙি আৰু দীঘল ভৰিৰে গঠিত এই চৰাইবিধে খাদ্য বা আন কাৰণত বহুদুৰ বাট অতিক্রম কৰিব পাৰে আৰু প্রয়োজন অনুসাৰে ঘন্টাত প্রায় ৭০ কিমি প্রতিঘন্টা বেগেৰে দৌৰিবও পাৰে । ইহঁতৰ দীঘল ভৰিকিটাৰ সুবাদত এবাৰত বা এখোজত প্রায় ৯ ফুট মান আগুৱাই যাব পাৰে ।




ইমু চৰাইবোৰ সাধাৰণতে অঘৰি স্বভাবৰ হয় আৰু খাদ্যৰ সন্ধানত বহু দুৰ ভ্রমি ফুৰে; ইহঁতে আনকি কেইবা সপ্তাহলৈকে একো নোখোৱাকৈও ঘুৰি ফুৰিব পাৰে । পোক পৰুৱা আৰু বিভিন্ন উদ্ভিদ ইহঁতৰ প্রধান খাদ্য । আচৰিত যেন লাগিলেও সঁচা যে ইহঁতি খাদ্য খোৱাৰ পিছত সৰু সৰু শিলগুটি, কাচঁৰ টুকুৰা বা আন ধাতুৰ টুকুৰা গিলি খায় যাতে এইবিলাকে ইহঁতৰ খাদ্যবস্তুবোৰ পিহি পাচন প্রক্রিয়াটো সহজ কৰি তোলে । ইমুৱে নিয়্মীয়াকৈ পানী নাখালেও এবাৰত যথেষ্ঠ পৰিমানে পানী খায়; ইহঁতি পানীৰ ওপৰত অতি সহজতে ওপঙি থাকিব পৰাৰ লগতে ভালকৈ সাতুৰিবও পাৰে । এই চৰাইবিধ যথেষ্ঠ উৎসুক স্বভাৱৰ হয় আৰু আন যিকোনো জন্তু বা মানুহক অবিকল ভাৱে নকল কৰিব পাৰে । এই বৄহত চৰাইবিধে ৰাতি একেৰাহে নুশুৱে যদিও  চুটি চুটি কেইবাটাও খেপত বহি বহি টোপনীয়াই ।

বেচ মজবুট হাতোৰাৰে গঠিত ইহঁতৰ ভৰি দুখনেই আত্মৰক্ষাৰ প্রধান আহিলা । যিকোনো এনে চৰাই বা জন্তুৰ ভিতৰত ইহঁতৰ ভৰি দুখন আটাইতকৈ শক্তিশালী আৰু ইয়াৰ সহায়ত ইমুৱে আনকি তাৰঁৰ বেৰা পৰ্য্যন্ত ফালি বা চিঙি পেলাব পাৰে । ইহঁতৰ দৄষ্টিশক্তি আৰু শ্রৱনশক্তি বৰ প্রখৰ যাৰ সহায়ত অতি সহজেই চিকাৰ কৰিব পাৰে । ইহঁতি প্রাকৄতিক ভাৱে যিকোনো পৰিবেশৰ লগত নিজকে খাপ খোৱাই ল'ব পাৰে আৰু নিজৰ গাৰ ৰং প্র্য়োজন অনুসৰি camouflage কৰিব পাৰে । এই চৰাইবিধে ভিন্ন তাপমাণৰ সুদীৰ্ঘ তাৰতম্য সহ্য কৰিব পাৰে আৰু নিজৰ গাৰ তাপমাণ প্রয়োজন অনুসৰি নিয়ন্ত্রিত কৰিব পাৰে । মতা-মাইকী চকুৰে চাই চিনাত যথেষ্ঠ কঠিন যদিও মাইকী জনীৰ তীব্র মাতটোৰ পৰা প্রাথক্য বুজিব পৰা যায় । এজনী ইমুৱে বছৰটোৰ মে আৰু জুন মাহত কণী পাৰে; ইহঁত বহুগামী, এটা চিজনত কেইবাবাৰো সহবাস কৰে আৰু কেইবাদিনৰ অন্তৰে অন্তৰে কণী পাৰে । কণীবোৰ মতা ইমুৱে (দেউতাকে) প্রতিপাল কৰে; কণীফাটি পোৱালী ওলোৱাৰ পিছত প্রায় ৬ মাহৰ ভিতৰত পূৰ্ণ ৰুপ ধাৰণ কৰে । ইহঁতি ১০ ৰ পৰা ২০ বছৰমান জীয়াই থাকে ।

##
অসমত ইমু চৰাই ##

শেহতীয়াকৈ ২০০৬ চনত ইমু চৰাইক অসমলৈ আমদানি কৰা হয় ব্যৱসায়িক ভিত্তিত ইয়াৰ প্রসাৰ কৰিবৰ উদ্দেশ্যে । আৰম্ভনীতে ই যথেষ্ঠ খৰচি যদিও দীৰ্ঘম্যাদী ব্যৱসায়ৰ বাবে অতি লাভজনক । যদিও এই সমষ্ট কাৰবাৰটো ভাৰতবৰ্ষত নতুন তথাপিও ইয়াৰ প্রসাৰতাৰ বহুতো থল থকাৰ ওপৰিও ব্যৱসায়িক ভাবে অতি লাভজনক । ইমু পালন ঠিক আমাৰ আন মূৰ্গী বা হাঁহ বা গাহৰী পালনৰ নিচিনাই এটা ব্যৱসায় যদিও ইয়াৰ লাভালাভ আন আন জন্তুতকৈ বহুত বেচ ভাল বুলি ইয়াৰ স্থানীয় পালক সকলে কয় । অৱশ্যে আমি সচৰাচৰ বিচৰা হ্রস্বম্যাদী ব্যৱসায়ৰ বাবে ই উপযুক্ত নহয় । এজোৰ ইমুৰ আৰম্ভনী দাম প্রায় ৫০ হাজাৰ টকা হলেও ইয়াৰ পৰা হ'বপৰা লাভ বহু বেছি যি প্রায় ২০ ৰ পৰা ২৫ বছৰৰ ভিতৰত ঘুৰি আহিব । ইমু চৰাইৰ বৄহত আকাৰৰ সেউজীয়া ৰঙৰ কণীটো সজোৱা সামগ্রী হিচাপে প্রায় ২০০০ টকাত বিক্রি হয় । তাৰোপৰি ইয়াৰ চৰ্বিৰ পৰা উলিওৱা তেল ৫ ৰ পৰা ৭ হাজাৰ টকা লৈকে দেশত বিক্রি হয় আৰু আন্তৰাষ্ট্রীয় বজাৰত ইয়াৰ মূল্য প্রায় ২০ ৰ পৰা ২৫ হাজাৰ টকা ! ইমু চৰাইৰ মাংস ১০০০ টকাৰ পৰা ৮০০০ টকালৈকে বিক্রি হয় চৰাইটোৰ আকাৰ অনুসৰি । অসমৰ জলবায়ু আৰু তাপমানৰ লগত খাপ খুৱাই ইমু চৰায়ে শীতকালত প্রতি ৩ দিনৰ মুৰে মুৰে কণী পাৰে ।

পানীৰ উৎস থকা ঠাই ইমু পুঁহিবৰ বাবে উৎকৄষ্ট আৰু এই ব্যৱসায় মুঠেও শ্রমিকপ্রধান (labour intensive) নহয় ইমু চৰাই মুটামুটি কোনো বেমাৰৰ দ্বাৰৈ অক্রান্ত নোহোৱাটো এটা প্রধান সুবিধা ।

সমগ্র পূৰ্বাঞ্চলতে প্রথমবাৰৰ বাবে গুৱাহাটীৰ ছয়মাইলৰ ওচৰত ইমু ফাৰ্ম খোলে Live Stock Research and Trading Private Limited নামৰ ব্যক্তিগত ব্যৱসায়িক প্রতিস্থানটোৱে । এই ব্যৱসায়ৰ ধাৰণাটো ক্রমে আমাৰ ইয়াৰ থলুৱা লোক সকলৰ মাজত শিপাইছে যদিও ইয়াৰ ব্যপ্ততা খুবেই খীন । ইচ্ছু যুৱব্যৱসায়ী সকল আগবাঢ়ি আহিলে ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ পুৰামাত্রাই সম্ভাৱনা আছে ।

Thursday 6 June 2013

শনি আৰু দেওবৰীয়া টাইমপাচ



লঘু ৰচনা - কিছু বিক্ষিপ্ত চিন্তা, কিছু বিক্ষিপ্ত কথা আৰু কামেৰে শনি আৰু দেওবৰীয়া টাইমপাচ

 
আমাৰ দৰে ব্যক্তিগত খণ্ডৰ চাকৰিয়াল সকলৰ বাবে সপ্তাহৰ অন্তত শনিবাৰ আৰু দেওবাৰবোৰৰ আকৰ্ষন তথা প্ৰয়োজন অপৰিসীম। আকৰ্ষন এইবাবেই যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পুৱা চাৰে আঠ বজাৰপৰা ৰাতি চাৰে আঠ বা বজালৈকে গেবাৰি (মানে গৰু খাটন বা তাধ খাটন !!) খটাৰ পিছত নিত্যনৈমিত্তিক কামখিনি বা দৈনিক অপৰিহায্য কামখিনিৰ বাদে দিনটোৰ শেষত আন কিবা গঠনমুলক কাম কৰিবলৈ শক্তি, ইচ্ছা বা ধৰ্য্য একোৱেই নাথাকেগৈ। কেৱ্ল শৰীৰটো চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা খাদ্য

গ্ৰহনৰ বাদে মানষিক পুষ্টিৰ বাবে কিতাপ এখন পঢ়া, নিজৰ প্ৰিয় গীতটো শুনা বা নিজে ভাল পোৱা বাদ্যযন্ত্ৰটো টুং-টুঙোৱা, টিভিত ভাল কিবা এটা অনুস্থান বা বোলছবি এখন চোৱাৰ আনকি নিকতাত্মীয় কাৰোবাৰ লগত দুৰভাষতে হওক, কথা এষাৰ পতাৰ বাবেও যেন সময়ৰ টনাটনি। নিজ পুত্ৰ-পৰিবাৰৰ লগতো কেইষাৰমান কথা (তাকো অতি প্ৰয়োজনীয়!!) ৰাতি শোৱাপাটিতহে হয়। সততে শুনি অহা 'সময়ৰ সদব্যৱহাৰ' ওপৰত এতিয়ালৈকে 'অৰ্জা' সকলো জ্ঞান, প্ৰায় নিয়্মীয়াকৈ (বছৰত এবাৰকে হলেও) উপস্থিত থকা 'টাইম মেনেজমেন্টৰ' ওপৰত বিভিন্ন অনুস্থান, বিজ্ঞজনৰ এইবিষয়ত দিয়া ভাষন ইত্যাদিবোৰ সপ্তাহৰ এই পাচোটি দিনত অসাৰ যেন ভাৱ হয়... আৰু এই পাচোটি দিনৰ শৃংখলৰপৰা ওলাই আহিবলৈ উদগ্ৰীৱ হৈ থকা মনটো বা শৰীৰটোৰ বাবে সেয়ে সপ্তাহান্তিকৰ এই দুটাদিন যেন জীৱনৰ আটাইতকৈ অমূল্য সময়বোৰ অন্যতম।

কিমান যে কাম? বাৰিষাৰ আগমনৰ লগে লগে ঘৰৰ বাৰীখনত চাৰিওফালে ঘাহ-বন এডাল এডাল কৈ হৈ আগুৰি ধৰিছে। চিকুনাব লাগে; এওঁক কলো, এই শনিবাৰে তোমাৰ লগত এইবোৰ চাফা কৰিম। গেৰেজটোৰ ওপৰত মকৰাজালে আগুৰি ধৰিছে। এওঁ ঢুকি নোপোৱা, ঘৰটোৰ ওপৰৰ ফালে অলপ অলপ মকৰাজাল হৈছে, সেইবোৰ আতঁৰাব লাগে। এই শনিবাৰে কৰিম। ফুলৰ টাবথোৱা দীঘল লোহাৰ ৰেইলিংখন অলপ অলপ মামৰে ধৰিছে; বৰষুন ভালকে অহাৰ আগেয়ে 'লা ৰংটো দি দিব লাগিব। ৰঙৰ টেমা আৰু ব্ৰাছ দুডালমানো আনি থোৱা আছে। ৰং দিলেই 'ল।  এই শনিবাৰ আৰু দেওবাৰে ৰং মাৰিমেই। ঘৰৰ সন্মুখৰ কেচা বাটডোখৰ এইকিদিন বৰষুনত একেবাৰে পথাৰৰ ঘেলঘেলীয়া বোকা হোৱা দৰে হৈছে। প্ৰ্তিবেশী শৰ্মা, দাস, দেৱদা, বলেনহতঁৰ লগত আলোচনা কৰি জামমাটি বা আন তেনে কিবা পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। গাইপতি পাচঁশ মানকে উঠালে হৈ যাব লাগে; অফিচতে বহি মনে মনে হিচাপ এটা কৰিলো। নাই, এনেকৈ আৰু সেই লেতেৰা বাটটোৰে নোৱাৰি দেই; এই শনিবাৰে আলোচনা কৰি দেওবাৰে বাটটো ঠিক কৰিবই লাগিব। গাড়ীখনৰ তলৰফালটো চাব নোৱাৰা হৈছে; জি,এচ ৰোডৰ ফিন ফিনিয়া ৰাস্তাৰ ওপৰত মানুহবোৰে যেন মোৰ বোকাৰে পোতখোৱা গাড়ীখনলৈ চাই ফিচিঙা-ফিচিং কৰি কয় 'এহ, গাড়ী চলাই হে, চফাযে কৰিব লাগে তাকো নিশিকিলে!' .. নাই নাই, এই শনিবাৰে শুই উঠি চাহ খাই প্ৰথম কাম গাড়ী ধুম। কিমান যে কাম? মনে মনে হিচাপ কৰি চাওঁ, এই দুটা দিনত 'বগৈ নে বাৰু? ' ', কিয় নহ'? কিনো ডাঙৰ কথা, সময়ৰ সদব্যৱহাৰ কৰিম আক' টাইম মেনেজমেন্ট.. বছ। ইমান দিনৰ কাগজে-পত্ৰই শিকা কথাখিনি এইবাৰ ব্যৱহাৰিক দিশত সুপ্ৰয়োগ কৰাৰ সময় সমাগত। মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাবে অপেক্ষা।

অলেখ কিবা কিবি কৰাৰ আশাৰে এটা ফৰকাল মন লৈ শুক্ৰবাৰে নিশা বিচনাত পৰিলো। চিৰাচৰিত অভ্যাশৰ তাগিদাত শনিবাৰেও পুৱা ঠিক ছয বজাত সাৰ পালো। ইকাটি সিকাটি কৰি থাকোতে থাকোতে সাত বাজিবৰ 'ল। বিচনাত মই আৰু 'ৰাটো; এওঁ উঠি 'লেই ইতিমধ্যে। কুকুৰ মেকুৰি কিটাৰ বিননি, ভোক লাগিছে; আমি খাওঁ নাখাওঁ, সিহঁতকটো সময়মতে দিবই লাগিব। লেলাই ধেণ্ডাই উঠি, মুখ-হাত ধুই তলৰ খোৱা মেজ পাওঁগৈ মানে চাৰে আঠ বাজিলেই। আহ, আক' সেই একে সময়। সদায় খোৱাৰ সময়। আজি কিবা অফিচ আছে নেকি? অলপ দেৰিকৈ চাহ জলপান খাম; এওঁক কলো। 'আমাৰ অসম' খন মেলি ললো, প্ৰথম পৃষ্ঠাত পঢ়িবলগীয়া একো খবৰ নায়েই। ট্ৰিবিউন খন ইতিমধ্যে 'ৰাটোৱে কব্জা কৰিছেই। চাহ খাই থাকোতে আক' এবাৰ নিজকে নিজে সোৱঁৰাই ললো; আজিৰ কামৰ বিষয়ে। জলপান খাই উঠি টিভিটো লগালো নমান বজাত; আজিৰ ব্ৰেকিং নিউজ কিটা চাই লওঁ বুলি। মনৰ মতন (মানে গা ৰম ৰমাই যোৱা !) ব্ৰেকিং নিউজ নায়েই। গোটেই কিটা চেনেল লিৰিকি বিদাৰি চালো; নাই কতো তেনে কোনো ভাগি চিগি যোৱা খবৰ নাই। এইবাৰ পকালো ৰাষ্ট্ৰীয় ( তথাকথিত !) চেনেল কিটাত। আন খবৰ নাথাকিলেও, অন্তত দেশৰ বিভিন্ন প্ৰান্তত এটা হলেও ধৰ্ষন আৰু নৃশংস হত্যাৰ বাতৰি থাকেই...!!

ক্ৰিং ক্ৰিং ক্ৰিং... 'হেৰা, তোমাৰ ফন হে... হুঁ লোৱা' বুলি পৰিবাৰলৈ তেওঁৰ মোবাইলটো আগবঢ়াই দিলো। এওঁ লগে লগেই চিঞৰি উঠিল; "এহ মোৰ দুয়োখন হাত লেতেৰা, কঠালৰ আঠা লাগি আছে। তুমিয়েই ধৰাছোন।" মই 'নটো ধৰাত সিফালৰ পৰা কলে, মই ৰক্তিমৰ মাকক বিচাৰিছিলো। মই বোলো "মোক ' পাৰে যদি কওকছোন, এওঁ এতিয়া ' ধৰিব পৰা অৱস্থাত নাই। মই স্পীকাৰ 'ডত দি দিছো আপুনি কথা পাতক।" বুলি 'নটো এওঁৰ ওচৰত ধৰিলো।  কথাবতৰাৰ সাৰাংশখিনি ' -- 'ৰাটোৰ স্কুলৰ আগন্তুক বসন্ত উৎসৱত সি দুটা আধুনিক গীতত, এটা বিহুত তবলা বজাব আৰু এটা মিচিং বিহু নৃত্যত নাচিব। গতিকে প্ৰেক্টিচৰ বাবে তাক বিদ্যালয়লৈ লৈ যাব লাগে আজি...!! যি আজ্ঞা বুলি ওলালো 'ৰাটোক লৈ। ঘুৰি আহি পাওঁ মানে দুপৰীয়া ভাত পানী খাই এওঁলোকৰ আৰোহনলৈ যাবৰ হলেই। ময়ো কিনো কৰিম বুলি বিচনাখনতে বাগৰ এটা দিলো। আজিৰ কামখিনি আবেলিকে কৰিম। হঠাৎ ক্ৰিং ক্ৰিং ক্ৰিং... ধৰমৰাই উঠি 'নটো ধৰিলো .. 'কি কৰিছা?" এওঁ সিফালৰ পৰা মাত লগালে। "এহ, শুই আছিলো হে! ইমান দেৰি ' গমকে নাপালো।" ... এওঁ ধমকিৰ সুৰত 'লে "আও, ইমান মেৰাই মেৰাই শুব লাগে নে? শুনা, বৰষুণ দিব, কাপোৰ কিটা আৰু আচাৰ খিনি ভৰাই দিয়া। সোনকালে। আৰু শুনা, ইহঁতকিটাক (মানে আমাৰ চাৰিঠেঙিয়া কিটা) খোৱা দি বাহিৰত অলপ উলিয়াই দিবা, প্ৰ্স্বাব পাইখানা কৰি লবলে। আমাৰ অলপ দেৰি ', থ্ৰেডিং কৰিম আৰু মাইনাৰ পেইন্টিঙৰ বস্তু কিনিব লাগিব।"  মই বুলি শলাগি 'নটো থৈ বাহিৰলৈ চাওঁতে দেখো আন্ধাৰেই 'ল। হঠাৎ মনত পৰিল আজি ৰাতি ক্লাবো আছে, মনটো ভাল লাগি 'ল।

এওঁ সোৱঁৰাই দিয়ামতে কামখিন কৰি উঠো মানে মাক-পুতেক আহি পালে। চাহ একাপ কৰি আবেলিৰ (গধুলীৰ) জলপান আমি তিনিওটাই খাই উঠি দেখো চাৰে সাত বাজো বাজো। কলা ডাড়ি বিচাৰি নোপোৱা মুখখন অলপ চিকুনাই লওঁ বুলি বাথৰুমত সোমালো। ৰাতি বাৰ মান বজাত শুবলে লৈ মনত পৰিল, আজি দেখোন ৰুটিন মতে একো কামেই নহ'ল। ', অহা কালি আৰু এদিন আছে হাতত... একেদিনাই অলপ কষ্ট  ', একো নাই। মাজত এওঁ মাত লগালে "কালি ' দিলে ইহঁতকিটাক (চাৰিঠেঙিয়া কিটা) গা ধুৱাব লাগিব; দুসপ্তাহেই ' গা নোধোৱা সিহঁতক।" মই ' বুলি শলাগি শুবলৈ যো যা কৰিলো।

ছ্য়বজাত টোপনী ভাঙিল। আজি আৰু লিং লাং নকৰো বুলি তুৰন্তে উঠি দেখো বাহিৰত ধাৰাষাৰ বৰষু্ণ। ভালেই ', কাম এটা কমিল বুলি গাড়ীখন গেৰেজৰ পৰা উলিয়াই বাহিৰত দিলো; বৰুণ দেৱতাৰ কৃপাত ফ্ৰি চাৰ্ভিচিং। "হেৰা, শুনাছোন, এই মকৰাজাল এৰোওৱা লাঠিডাল ' হে?" বুলি সুধিছোহে, এওঁ মাত লগালে "আহা চাহ খাই লোৱাহি।" চাহ জলপানখাই উঠি  "এই বৰষুণত আজি আৰু ' কুকুৰ মেকুৰী গা ধুৱাবা হে" বুলি পৰিবাৰক কম বুলি ভাবোতেই দেখো 'দটো টিক টিকাই ওলাই আহিছে। ' ', চব কৰিম আজি.... ঘাহঁ-বন চিকুনাম, ৰং মাৰিম, মকৰাজাল এৰুৱাম, ঘৰৰ সন্মুখৰ বাট ঠিক কৰিম, কুকুৰ মেকুৰী গা ধুৱাম, টিভি চাম, পৰিবাৰৰ লগত কথা পাতিম... সদ্যহতে বাতৰি কাকতখন চাই লওঁ বুলি আৰামেৰে বহিছোহে, 'ৰাটোৱে মাত লগালে "দেউতা, তোমাক কালি 'বলৈ পাহৰিলো; আজি আকৌ প্ৰেকটিচ আছে নহয়.." কি বুলি থৰ লাগিলো... মানে পুনৰ যোৱাকালিৰ ৰুটিনৰ পুনৰাবৃত্তি..!! চেহ.. উপায় নাই।

আবেলি এওঁলোক যোৱাৰ পিছত টিভিটো মেলি বহিলো . . . ৰাষ্ট্ৰীয় চেনেল কিটাত গৰমা গৰমী... আমাৰ শ্ৰেষ্ঠ অসমীয়া অৰ্ণবে দেখো একদম ফালি দিছে... ৰেলমন্ত্ৰীৰ ভাগিনীয়েকে কোটি টকা ঘোচ লৈ চিবিআইৰ হাতত ধৰা পৰিল। ইতিমধ্যে চাকৰি কৰি সোঁৱে বাঁৱে টকা ঘটা এজনক আৰু বেছি টকা খোৱাৰ সুবিধা থকা পদোন্নতিৰ বিনিময়ত কোটিৰ টকাৰ উৎকোচ!! হিচাপ কৰিলো, এক কোটি, মানে এশ লাখ টকা... ওৱা, ইমান টকাৰ ঘোচ দিয়েনে? আমাৰ ইয়াত দৰমহা নোপোৱা মাষ্টৰ চাকৰিৰ পৰা অসম লোক সেৱা আয়োগলৈ ৫০ হাজাৰৰ পৰা লাখ বা অতি বেছি ২০ লাখ... হেৰৌ তোৰ যদি দুই কোটি টকাই আছেই চাকৰি কৰ কিয়? মজা পালি এতিয়া? ... চেনেল পকাই গৈছো... হঠাৎ আমাৰ লকেল ব্ৰেকিং নিউজ এটাত চকু পৰিল .... তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহু সমিতিৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ বিহু কমিতিৰ ফালৰ পৰা দান দক্ষিণাৰ পৰিমান ফিক্সড কৰা হৈছে। শ্ৰীপুৰীয়া অঞ্চলৰ প্ৰ্তি ঘৰৰ পৰা নুন্যতম এহাজাৰৰ পৰা দুহাজাৰ, প্ৰ্তিখন পাণ-তামোলৰ দোকান, সৰু সুৰা চাহ দোকান, ঠেলাৱালা, ৰিক্সাৱালা, কুহিয়াৰৱালাৰ পৰা এহাজাৰ টকা, দৰবৰ দোকানৰ পৰা দুহাজাৰ, কাপোৰ, হাৰ্ডৱেৰ বা তেনেজাতীয় দোকানৰ পৰা দুইৰ পৰা দহহাজাৰ, ব্যৱসায়িৰ পৰা বিছ হাজাৰ টকাৰ নুন্যতম চান্দা ধাৰ্য্য কৰা হৈছে....!! বাহ..!! এয়া হে খাটি অসমীয়া বিহু... তিনিচুকীয়াৰ স্থানীয় চেনেল এটাৰ লগত জড়িত মোৰ পৰিবাৰৰ বায়েকলৈ ' লগালো কথাটো কনফাৰ্ম কৰিবলে। হয়, তেওঁ 'লে। তেওঁলোকৰ চেনেলৰ মালিকৰ পৰাও হেনো ৫০ হাজাৰ টকা বিচাৰিছে... ভাল লাগিল শুনি !! অসমীয়াৰ বাপতি সাহোন বিহুটো যদি তুমি দকা হকা দাবী ধমকী দি চান্দা তুলি নাপাতিলাই তেন্তে কি অসমীয়া হে?? অসমীয়া বিহু জীয়াই থাকিব কেনেকে?? হুহঁ ...!! তাৰোপৰি বিহুৰ নামত ইমান খটাৰ পিছত যদি নিজলৈ দুপইছা নাথাকে সেইয়া কেনেকৈ '...?? যিকি নহওক, বাতৰি আৰু নাচাওঁ বুলি ভাল একচন মুভি এখনকে লগাই বহি গলো...!!

ইতিমধ্যে এওঁলোক আহি পাইছে... আহিয়েই এওঁ কলে.. "আজি 'কলা কে খাম দেই ... লগত '' .. "  .. শনিবাৰ, দেওবাৰৰ গধুলিৰ চাহ কাপ বনোৱাটো মোৰ কাম... খাই বৈ উঠি এওঁক কলো.. "বলা অলপ ওপৰৰ বাৰান্ডাত বহোগৈ; কথা পাতিম।" ... এওঁ খেং খেঙাই উঠিল "কি যে কোৱা? এতিয়া মই তোমাৰ লগত পেন পেনাই থাকিলে ' নেকি? ভাত পানী কোনে ৰান্ধিব? কালিলৈ দেওবাৰ নহয়। 'ৰাৰ স্কুল, তোমাৰ অফিচ নাই নেকি? সোনকালে খাই বৈ উঠি নুশুলে ৰাতিপুৱা কেনেকৈ উঠিম..?" মই লাহেকৈ নেগুৰডাল পেলাই আতৰি যোৱা মেকুৰীৰ দৰে চুচুক চামাককে আহি অকলেই বাৰান্ডাত বহি চিগাৰেট এটা জ্বলাই বহিলোহি .... ভাবিলো, নাহ, এতিয়া মোৰ কিছু নিজস্ব ভাৱে সময় কটোৱা খুবেই প্ৰয়োজন...  তললৈ নামি আহি কাটগ্লাচৰ চেটটোৰ পৰা মোৰ প্ৰিয় গ্লাচটো লৈ ফ্ৰিজটো খুলি বৰফ কেইটুকুৰা মান উলিয়াই লওঁতেই এওঁ মাত লগালে .."যোৱা, মই চিকেন কেইটুকুৰা মান ফ্ৰাই কৰি লৈ গৈ আছো"... মনটো ফৰকাল লাগি '.... এম্পলি স্পীকাৰ বক্সটোত গীটাৰখন লগাই লৈ টুং টুঙাইছো.. "যদি কাহানিবা সুৰবোৰ শেষ হয়, নাও মেলোতেই ভাৱ সাগৰত...." ... '..বাকীখিনি কাম অহা শনিবাৰে আৰু দেওবাৰে কৰিম ...কৰিমেই এইবাৰ..!!!

# সুৰজিত নেওগ --- মে' ২০১৩, সোমবাৰ, আবেলি .৩৫ বজা