Sunday 2 December 2012

অবাধ স্বাধীনতা এৰাল চিঙা গৰুৰ দৰে হৈছে নেকি ?

অবাধ স্বাধীনতা এৰাল চিঙা গৰুৰ দৰে হৈছে নেকি ?
 
সাম্প্র্তিক আমাৰ ৰাজ্যখনৰ তথা দেশৰ বিভিন্ন অংশত ঘটি থকা বিক্ষিপ্ত ঘটনাৰাজিৰ সপক্ষে-বিপক্ষে ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন তথা ব্যক্তি বিশেষে বিভিন্ন মতামত আগবঢ়াইছে । কাৰো বেনাৰত নগৈ আমাৰ দৰে সাধাৰণ নাগৰিকসকলো এই সমষ্ট প্রক্রিয়াটোৰ লগত জৰিত হৈ পৰিছো ফে'চবুক, টুইটাৰ আদি সামাজিক মাধ্যমবোৰৰ যোগেদি । দেশৰ শুভচিন্তক প্রতিজন নাগৰিকেই নিজ নিজ মতাদৰ্শ আগ বঢ়াইছে । কিছু কিছু তৰ্ক-বিতৰ্কও হৈছে; অতি স্বাভাৱিক ।

তৰোৱালতকৈ কলমৰ ধাৰ বেছি বোলা কথাষাৰ পুনৰবাৰ প্র্মাণ কৰি এই সামাজিক মাধ্যমবোৰে আজি কেইবছৰমানৰ পৰা আমাৰ সামাজিক দায়বদ্ধতাৰ উজ্জ্ব্ল নিদৰ্শনৰ সাক্ষি হৈ আহিছে । আন্না হাজাৰেৰ পৰা বৃহৎ নদীবান্ধ আন্দোলনলৈ ইয়াৰ প্রভাৱ অসামান্য । আমাৰ দৰে সাধাৰণ নাগৰিকসকলৰ কিছুমানে এই সামাজিক মাধ্যমবোৰৰ ব্যৱহাৰ কৰোতে কেতিয়াবা কেতিয়াবা যেন 'সীমা পাৰ হৈ' নক'বলগীয়া কথা বা প্রসংগৰ অৱতাৰনা কৰিছো । আমি অতি পৰিতাপেৰে লক্ষ্য কৰিছো, এই মাধ্যমবোৰ ব্যৱহাৰ কৰি কিছু লোকে উৰাবাতৰি প্র্চাৰ কৰিছে, উগ্র ধৰ্ম্মীয় প্রৰোচনামূলক বক্তব্য বা আলোকচিত্র প্র্চাৰ কৰিছে, এটা ধৰ্মৰ লোকক আন এটা ধৰ্মৰ লোকৰ বিপক্ষে উচতাইছে... হয়, এই সকলোবোৰ ঘৃননীয় গৰিহনাযোগ্য কাম দুষ্টলোক সকলে ফে'চবুক, টুইটাৰ আদি সামাজিক মাধ্যমবোৰৰ যোগেদিয়েই কৰিছে । লগতে গ্রুপ SMS/MMS ৰ ব্যৱহাৰ কৰিছে ।

অতি সম্প্রতি খবৰত পঢ়িবলৈ পোৱা মতে এনে প্রায় ১৮০ টা মান বিষ-বাস্প বিয়পোৱা ৱেব-চাইট ভাৰত চৰকাৰে চিনাক্ত কৰি ভাৰতত প্র্চলন বন্ধ কৰাৰ ব্যৱস্থা কৰিছে । বেছ আদৰনীয় কথা । এই খবৰবোৰৰ মাজতে পঢ়িলো চৰকাৰে ফে'চবুক আৰু টুইটাৰৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ চিন্তা-চৰ্চা কৰিছে । কাৰণ এনে বহুতো 'হে'ট মেচেজ' ফে'চবুক আৰু টুইটাৰৰ যোগেদিও প্রচাৰ হৈছিল (বা হৈ আছে কিজানি) । হয়, এখন স্বাধীন, সাৰ্বভৌম, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্রৰ নাগৰিক হিচাবে আমাৰ যিকোনো কাম কৰাৰ বা কথা কোৱাৰ স্বাধীনতা আমাৰ সংবিধানে দিছে; কিন্তু সেইবুলি অবাধ স্বাধীনতাৰ নামত আমি দেশৰ বা দহৰ অধিক অপকাৰ কৰিব পৰা গৰ্হিত কাম বা কথা কোৱাৰ স্বাধীনতা নিচ্ছ্য় নাই ।

কেইটামান পাষন্ডই এনে কাম কৰিলে বুলিয়েই চৰকাৰে কাইলৈ ফে'চবুক, টুইটাৰত লেকাম লগাই দিব.. এই বিষয়্ত এখন বিল পাছ হওঁ হওঁ কৈ আছে । এই লেকাম ডালৰ কথা চৰকাৰে বেছ সক্রিয় ভাৱে চিন্তা কৰি আছে লোকপাল বিলৰ আন্দোলনটোলৈ সমগ্র জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে দেশৰ ৰাইজে অকুন্থ সমৰ্থন আগবঢ়োৱাৰ পিছত, ক'লা টকা বিদেশৰ পৰা ওভোতাই অনাৰ আন্দোলনৰ পিছত... আৰু এতিয়া আহিল দেশৰ আভ্যন্তৰিন নিৰাপত্তাৰ ক্ষেত্রত ভাবুকি (!!) হিচাপে ঠিয় দিয়া ফে'চবুক, টুইটাৰ ; যাৰ কিছু সদস্যৰ অবাধ স্বাধীনতাৰ বহিৰ্প্র্কাশৰ বাবে । চৰকাৰৰ বাবে বোধকৰো ইয়াতকৈ উত্তম সময় বা সুজোগ আৰু কেতিয়াও নাহে ফে'চবুক, টুইটাৰক নাকী লগাবৰ বাবে । ইতিমধ্যে ড্রাফ্ট তৈয়াৰ হৈ গৈছে কিজানি কোনে জানে ?!!
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/428199663899202/ 

জীৱনটো এবাৰ ওভতি চাওঁ . . .

জীৱনটো এবাৰ ওভতি চাওঁ - খণ্ড ২

মোৰ মন যায় ... মন যায় বহুত কিবা কিবি কৰিবলৈ . . . মন যায় আহিন কাতি মহীয়া সোণোৱালী ধাননী পথাৰৰ মাজে মাজে সৰু সৰু আলিয়েদি দেই দি দেই দি দৌৰি ফুৰিবলৈ . . . এহাতত এখন ধনু, ডিঙিত এটা বাটুল গুটি ভৰ্তি মোনা, সেই কাঠনীডৰাৰ ফাঁকে ফাঁকে বান্দৰ খেদি ফুৰিবলৈ . . দুপৰীয়া ঘৰৰ যেতিয়া সকলোৱে এখন্তেক ভাত ঘুমটি মাৰে, তেতিয়া মনে মনে বৰশীডাল লৈ পিছ ফালৰ পুখুৰীত মাছ মাৰিবলৈ ... মাছ পাওঁ বা নাপাওঁ, গোহালীটোৰ পিছফালে থকা গোবৰ ডৰাৰ পৰা কেচু খান্দি বৰশীৰ টোপ লগাই একান্তমনে পুঙাটোলৈ চাই থাকিবৰ মোৰ মন যায় . . . মায়ে ডবিয়াই, এই ভৰ দুপৰীয়া পুখুৰীৰ পাৰৰ পৰা আহিলিনে বুলি . . . গাত 'বাক' লাগি আহিব, গম পাবি তেতিয়া . . .

মনত আছে, সৰু থাকোতে আমি বছৰটোত কেইবাবাৰো মোৰ ককাৰ ঘৰলৈ দিঘলীয়াকৈ থাকিবৰ বাবে গৈছিলো । তেতিয়া যাতায়ত বুলিবলৈ মাৰ্ঘেৰিটাৰ পৰা ভজোলৈ কেৱল দুখন পেচেঞ্জাৰ ট্রেইন চলিছিল । এখন ৰাতিপূৱা আৰু এখন আবেলি । যোৱাৰ আগদিনা দেউতাই দুটা বস্তু আনিছিল । এটা ডাঙৰ মাছ, মায়ে ধুই পখালি, ৰেপি ৰেপি নিমখ আৰু হালধি সানি থৈছিল আগনিশা । আমাৰ তেতিয়া ফ্রিজ নাছিল বাবে এনেকৈ থলে পিছদিনাখনলৈকে ভাল হৈ থাকিছিল । তেতিয়াৰ দিনত ডাঙৰ মাছ সহজলব্ধ নাছিল, বিশেষকৈ গাওঁ অঞ্চলত । সেয়ে দেউতাই ককা-আইতালৈ এনেকৈ মাছ এটা লৈ গৈছিল । আৰু এটা বস্তু আছিল, মলাধঁপাত । কোৱা শুনো, মাৰ্ঘেৰিটাৰ মলাধঁপাত হেনো বৰ বিখ্যাত আছিল । সেয়া ককা-আইতাৰ বাবে স্পেচিয়েল গিফ্ট । ককাৰ হোকা খোৱাৰ স্টাইলটো . . .আহ । নিজেও মনে মনে টানি চৰচৰণি খাই চকুৰে সৰিয়হৰ ফুল দেখি গৈছিলো ।

যাত্রাৰ দিনা পূৱাই উঠি কুবাকুবিকৈ ৪.৩০ মান বজাত ওলাওঁ । বেগ চেগ বোৰ দেউতাৰ ৰ'ভাৰ চাইকেলখনত লাদি বুঢ়ীদিহিং নদীৰ সিপাৰে থকা ৰেলষ্টেচনলৈ বুলি ঢাপলি মেলো । ষ্টেচন পাই দেউতাই চাইকেলখন ওচৰৰ এন. কে. ঘোষৰ দোকানৰ পিচফালে থৈ আহে; ধুৰি আহিবৰ দিনা লৈ যোৱাৰ বন্দোবস্তিৰে । দুটা ফুল আৰু এটা হাফ টিকট কিনি আমি অধিৰ আগ্রহেৰে ৰেল অহালৈ অপেক্ষা কৰো । প্র্থম ঘন্টাটো বাজিলে মানে গ'ম পাওঁ ৰেল লিডু এৰিলে । দ্বিতীয়টো মানে বৰগোলাই এৰিলে; উৎকন্থাটো অলপ কমে । তৃতীয়টো বজাৰ লগে লগে প্লেটফৰ্মত থকা মানুহবোৰৰ খদম দম লাগে । আমিও বস্তু-বাহানি বোৰ আকৌ গণি-পিতি ভালকে ধৰি ঠিয় হওঁ । তেনেকোৱাতে দেখো, এটা ধোৱা বৰণীয়া চোলা পিন্ধা এজন মানুহে এডাল ডাঙৰ ৰিং হাতত লৈ ৰৈ আছে । সেই ৰিংডাল আহিব লগীয়া ৰেলখনৰ ড্রাইভাৰক তেওঁ দি দিয়ে আৰু ড্রাইভাৰে তেনেকোৱাই আন এডাল ৰিং প্লেটফৰ্মলৈ দলিয়াই দিয়ে . . . ।

ৰেলত উঠাৰ পিছত এটাই চিন্তা . . খিৰিকিৰ কাষত বহিবলৈ পাওঁ নে নাপাওঁ । কাঠৰ চিট । যেনে তেনে যোগাৰ কৰো খিৰিকিৰ কাষত বহাতো । কেতিয়াবা খিৰিকি বোৰত লোহাৰ ৰেইলিং থাকে; তেতিয়া মনটো মৰি যায়, মুৰটো বাহিৰলৈ উলিয়াব নোৱাৰাৰ দুখত । চকুত প্রায়ে কয়লাৰ গুৰি সোমাইছিল । ক'লা ধোৱা উৰোৱাই উৰোৱাই ৰেল আগবাঢ়ে . . . পাৱৈ, ডিগবৈ . . . তিনিচুকীয়া । ইয়াতে নামি মৰিয়্নী পেচেঞ্জাৰখন ধৰিব লাগে । দৌৰা দৌৰি কৈ নামি ৰৈ থকা সিখন গাড়ীত উঠোগৈ । আকৌ ৰেল চলে . . কিছু সময়ৰ পিছত বৰডুবি ... নামৰুপ, নাহৰকটীয়া . . সাপেখাটি, লংপতীয়া . . ভজো । ইয়াতে নামি পুনৰ এটা আমনিদায়ক যাত্রাৰ বাবে সাজু হওঁ । প্রায় ৫ কিমি দুৰৈৰ কাকতিবাৰি; একমাত্র বাহন চাইকেল নহলে ৰিক্সা । আগতে ঠিক কৰি থোৱা অনুসৰি ককাই পঠিয়াই দিয়া নিমাই চাইকেল দোকানিৰ দুখন ৰিক্সা সাজু হৈ থাকে ককাৰ নুমলীয়া পুতেকক পো-বোৱাৰী সহ আদৰি নিবলৈ. . . এখনত দেউতা, বস্তু বাহানিৰে সৈতে আৰু আনখনত মই আৰু মা । ভজো ৰেলস্টেচনত দেখা মোৰ বাবে আৰু এটা অবিৰস্মৰণীয় বস্তু আছিল ২-৩ খনমান টেম্প’ ভান গাড়ী । গীয়েৰডাল আছিল বাহঁৰ, ড্রাইভাৰ ওচৰতে এটা হেল্পাৰ থাকে; সি গীয়েৰডাল ধৰি থাকে, নহলে পিচলি যায় হেনো । সেইকিখন চলিছিল সোণাৰীলৈ । মোৰ তেনে এখনত উঠি চাবলৈ বৰ মন গৈছিল তেতিয়া; কিন্তু সেয়া আজিলৈকে হৈ নুঠিল । যেইকিনহওক, ৰিক্সাত ঘেটেং মেটেং কৰি কেলধোপ কেলধোপ কৈ ঘৰ আহি পাওঁতে কিজানি ১-২ মান বাজে । প্রায় আধা ফাৰ্লং মান দীঘল পদুলি মুৰত দুজোপা নাহৰ গছে আমাক আদৰনী জনায় । পদুলিত সোমাই বাহৰ দলংখন পাৰ হৈ কিছু দুৰ আহি নঙলা কেইডাল খুলি দিওঁতেই আমাৰ পোহনীয়া প্রকাণ্ড কুকুৰটোৱে (টম) যেনেকৈহে নেজ জোকাৰে দেখি সকলো দুখ ভাগৰ পাহৰি যাওঁ । সি ইমান দিনৰ পিছত দেখিলেও মোক ভালকে চিনি পাইছিল; ময়ো জানো, ইয়াত থকা কিদিন সিয়ে মোৰ লেঙুটিয়া য়াৰ; মোৰ ইয়াত থকাকিদিনৰ অবিচ্ছেদ্য সংগী টম । মই যলৈকে নাযাওঁ, সি মোৰ লগত যাবই । সেয়ে ককাই তাক আগদিনাই গা পা ধুৱাই চাফ চিকুনকৈ ৰাখিছিল ।

দিন বাগৰাৰ লগে লগে মই আমাৰ গাৱঁৰ ঘৰখনৰ প্র্তিটো কাম কাজৰ লগত পুৰণা হৈ পৰিছিলো । দুপৰীয়া ভাতপানী খোৱাৰ পিছত সকলোৱে যেতিয়া এঘুমতি মাৰে, তেতিয়া মই প্রস্তুত হওঁ বৰশী বাবৰ বাবে । লগত মোৰ দোস্ট টম । আৰু এজন ল’ৰা আছিল আমাৰ ঘৰত; তাৰ নাম পকা । আচল নাম আজিলৈকে গমেই নাপালো । মোত্কৈ কেইবাবছৰো ডাঙৰ । ককাৰ মেইন মানুহ; Man Friday । অৱশ্যে মাৰ শেন চকু সদায় মোৰ ওপৰত আছিল মই কি কৰো কলৈ যাওঁ । যদিও মই সচৰাচৰ উৎপতিয়া স্বভাৱৰ নাছিলো, তথাপিও মায়ে সদায় চকু ৰাখিছিল । অলপ আবেলি হলেই ধাননী পথাৰলৈ ধাপলি মেলো । চকুৰে মণিব নোৱাৰালৈকে এখন সোনোৱালী পথাৰ । পথাৰৰ সৰু সৰু আলিয়েদি দৌৰি খুব ফুৰ্টি পাওঁ; পিছে পিছে টম । আমাৰ এখন প্র্কাণ্ড বাঁহনি আৰু কাঠনি বাৰি আছিল । ১৫ বিঘা মানৰ এখন সৰু চাহ বাগিছাও আছিল । আছিল এখন বেতবাৰী আৰু খেৰনী । মোৰ ককা যথেষ্ঠ পৰিশ্রমী আছিল । পিছত বুজিছিলো, আমৰ ১০০ বিঘাৰো ওপৰ মাটি বাৰি আছিল (আৰু এতিয়াও আছে) ।

ৰাতি (সন্ধ্যা) ককাৰ লগত বহি থকাতো হয়তো তেতিয়া মোৰ জীৱনৰ অন্যতম এক আকৰ্ষন আছিল । জোনাক নিশা বাৰাণ্ডাত বহি হোকাটো টানি টানি ককাই বিভিন্ন কথা বুজাইছিল মই বুজি পোৱা ধৰনেৰে । আকাশৰ তৰা, হাতী, বাঘ, বান্দৰ, খোজনীয়া, শাক পাচলী, খেতি ... কত যে টপিক । আমাৰ ককা এনে এজন ব্যক্তিত্বসম্পন্ন লোক আছিল যে যাৰ লগত সকলোৱে সম্ভ্রম সহকাৰে কথা পাতিছিল । ব্রিটিচৰ দিনতেই ককাই স্থানীয় চাহবাগিছা দিপলীংত (পিছলৈ Assam Tea Corporation ৰ হাতত পৰি এতিয়া মৃত্যুৰ ক্ষন গণিছে) ‘বৰবাবু’ হি্চাপে চাকৰী কৰিছিল । সন্ধিয়া আমাৰ লগত মেলত আইতাও বহিছিল চিলিম একোটা লৈ । মোৰ আইতা লাকুৱা অঞ্চলৰ বিখ্যাত ৰাজকুমাৰী (ৰাজকোৱঁৰ ) পৰিয়ালৰ আছিল আৰু সেই সময়ত যি বুজিছিলো, ককা আইতা নিজৰ মতত বিয়া হোৱা বাবে কিছু খেলিমেলিৰ সৄষ্টি হৈছিল যাৰ ফলত ককাই চিৰজীৱনৰ বাবে লাকুৱা এৰি আহি কাকতিবাৰিত থিতাপি লৈছিলহি । ৰাতি বৰ জয়াল পৰিবেশ এটাৰ সৃষ্টি হৈছিল । আমাৰ ঘৰৰ আশে পাশে কোনো জনবসতি নাছিল প্রায় ১-১/২ ফাৰ্লং মান দুৰলৈ । দুৱাৰদলিলৈকে নাহৰফুটুকী আৰু কুকুৰনেচিয়া বাঘৰ খোজ আমি প্রায়ে দেখা পাইছিলো । এনে অৱস্থাৰ বাবে আমাৰ কাৰোবাৰ বেমাৰ আজাৰ হলে বৰ আহুকাল হৈছিল । অৱশ্যে ওচৰৰ বাগিছাখনৰ ডাক্টৰজনক মাতিলেই তেখেত আহিছিল । আমি তেখেতক গগৈ বৰতা বুলিছিলো ।

বছৰটোৰ বিভিন্ন সময়ত আমি কাকতিবাৰিৰ ঘৰত কটাইছিলো । মোৰ বাবে আটাইতকৈ ৰঙিন সময় আছিল বহাগ বিহুৰ সময়ত । কাৰণ তেতিয়াই ককাৰ আটাই কিজন পু-বোৱাৰী একেলগ হৈছিল বিভিন্ন ঠাইৰ পৰা আহি । মোৰ ডাঙৰ আপা (জেঠাই) ওচৰতে মাহমৰাত থাকে । পেহীদেউ আহিছিল শিৱসাগৰৰ পৰা । ডাঙৰ বৰতা আহিছিল গোলাঘাটৰ পৰা আৰু সৰু বৰতাহঁত আহিছিল কোকৰাঝাৰৰ পৰা । লগত আহিছিল এইসকলোৰে ল’ৰা-ছোৱালীবোৰ যি বেলেগ বেলেগ স্তৰত কাণ সমনীয়া আছিল । যেনে পেহীৰ দুজনী ছোৱালী আৰু সৰু বৰতাৰ সৰু ল‘ৰাটো মোৰ কাণ-সমনীয়া । কেনে যে ফুৰ্টি লাগিছিল তাক ভাষাৰে বৰ্নোৱা নাযায় । যৌথপৰিয়াল কাক বোলে তেতিয়াহে হৃদয়ংগম কৰিব পাৰিছিলো । বহাগমহীয়া পথাৰত ডোঙা বন্ধা পানী যুৱলীত দেউতাৰ লগত মাছ ধৰিবলৈ যোৱাৰ আনন্দই বেলেগ আছিল । ব্র্হ্ম পূৱাতে উঠি গোবৰ, তুহ গুৰিৰে সৰু সৰু লাড়ু বনাই এই পানীৰ ডোঙাবোৰত্ দি অহা হয় । সেয়া মাছৰ খাদ্য । মাছবোৰ যেতিয়া এই খোৱাবোৰ খাবলৈ আহি একেলগে থাকে (প্রায় ১ ঘন্টা মানৰ পিছত), তেতিয়াই জালখন পেলোৱা হয় । পুঠি, ভাঙন, সৰু বৰালী, চেং মাছ আদিয়েই প্রধানকৈ উঠে । এবাৰ এনেকৈ জাল মাৰিবলৈ যাওতে মই নিজে মাৰি জালে মানুহে পানীত পৰিছিলো গৈ । অলপ চলপ লেতেৰা পানী খালোও । পকা আৰু দেউতাই ধৰি কোনোমতে উঠালে । পিছলৈ অৱশ্যে মই মুটামুটি পাকৈত জালুৱৈ হৈছিলো ।

প্রত্যেক বাৰেই এদিন আকৌ উভতি আহিবৰ হয় । আকৌ সেই একেই যাত্রা । প্রথমে ৰিক্সাত, তাৰ পিছত ট্রেইনত আৰু ফাইনেলি চাইকেলত উঠি আহি ঘৰ । পুনৰ একঘেয়েমি; পঢ়া-শুনা, স্কুল । বৰ আমনিদায়্ক । মই আজিলৈকে সম্ভৱ এটা কাম কৰি কেতিয়াও ভাল নাপালো; সেইটো হৈছে স্কুল-কলেজৰ পাঠ্যপুথি পঢ়ি । পঢ়াশুনা কৰাটো মোৰ বাবে চৰম কষ্টকৰ কাম আছিল ।

এই কাহিনীবোৰ বৰ্ণাই থকিলে কেতিয়াবা যে শেষ হ’ব সন্দেহ । দিন কাল বদলি হ’ল । আমাৰ ল‘ৰাহঁতে এই কামবোৰৰ প্র্তি কোনো আকৰ্ষন অনুভৱ নকৰে দেখোন । অৱশ্যে এদিন বা দুদিনতেনো কেনেকৈ একাত্ম বোধ কৰিব ? কিছুদিন ৰখাৰো যে উপায় নাই !! টিউচন, হ’মৱৰ্কত পিছ পৰি যাব যে । এনেকৈ গাৱঁৰ নিৰ্মল হাৱা পানী খাই বেছি দিন থাকিবলৈ হলে যে সিহত জীৱনৰ যুজৰ নিগনি–মেকুৰি দৌৰত বেয়াকৈ হাৰি যাব । ৯৫% নম্বৰ স্ক’ৰ বনাম নিৰ্মল আনন্দ . . . choice is yours ....!!
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/455749134477588/

জীৱ্নটো এবাৰ ওভতি চাওঁ . . .

জীৱ্নটো এবাৰ ওভতি চাওঁ – খন্ড ১
বিভিন্ন সময়ত মোৰ ল’ৰাটোৰ পৰা আৰম্ভ কৰি সহকৰ্মি, বন্ধু-বান্ধৱৰ তথা ঘৰৰ ওচৰে পাজৰে থকা বিভিন্ন বয়সৰ সৰু-ডাঙৰ ল’ৰা-ছোৱালী বোৰ দেখি মোৰ নিজৰ এৰি অহা শৈশৱ, কৈশোৰৰ দিনবোৰলৈ বৰকৈ মনত পৰে কেতিয়াবা কেতিয়াবা । মাত্র দুটা বা তিনিটা দশকৰ ব্যৱধানত হোৱা শৈশৱ, কৈশোৰৰ মানষিক আৰু ভৌতিক পৰিবৰ্তনবোৰ দেখিলেটো মোৰ কেতিয়াবা জোৰেৰে চিঞৰি ক’বৰ মন যায় ময়ো এসময়ত শিশু আৰু কিশোৰ আছিলো ।


মই জন্মসুত্রে উজনি অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু মফচলীয় চহৰৰ । সৰুতে কি ক’ত কিয় বিখ্যাত বুলি শ্রেণীত লেখোতে আমাৰ চহৰখনৰ বিখ্যাতৰ কাৰণটো কয়লা আৰু প্লাইউদ কাৰখানা আছে বুলি লেখি খুব গৌৰববোধ কৰিছিলো । আমি এটা ক’লনীত ডাঙৰ দীঘল হৈছিলো । যদিও মোৰ জন্ম আন এটা কলনীত, বিদ্যায়তনিক শিক্ষা আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে আমি এই কলনীটোলৈ গুছি আহিছিলো । ঘৰৰ গাতে লাগি আছিল এখন প্রকান্ড খেলপথাৰ, স্থানীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নিজা । সেই বিদ্যালয়খনৰ শিক্ষকসকলৰ ১৫ জনমানৰ সমষ্টিটোৱেই আছিল এই কলনীটো । প্রায়্ভাগৰ ঘৰতেই এটা বা দুটা কাণ সমনীয়া .. তাৰ ভিতৰত আমাৰ গোটটোৱেই আটাইতকৈ ডাঙৰ আছিল, একে শ্রেণীতে পঢ়া ৫ টা ল’ৰা আৰু ৩ জনী ছোৱালী । আমাৰ প্রাথমিক বিদ্যালয়খন অৱশ্যে ১.৫ কি.মি. মান দুৰৈত অৱস্থিত । কোনোবাই ক’ত পঢ়া বুলি সুধিলে তপৰাই মাত দিছিলো ১ নং আলুবাৰী নিম্ন বুনিয়াদি বিদ্যালয় বুলি । হে’ডচাৰ গগৈচাৰ, গোহাঁই চাৰ, প্র্ফূল্ল চাৰ, প্র্তিমা বাইদেউকে ধৰি এজন হে’ডচাৰ, তিনিজন চাৰ আৰু দুগৰাকী বাইদেউৰ সুপৰিচালনাত আমাৰ বিদ্যালয়খন এখন বেছ নামজ্বলা প্রতিস্থান আছিল অঞ্চলটোৰ ভিতৰত । পিছ্ফালেদি বৈ গৈছিল বুঢ়ীদিহিং নদীখন; বিদ্যালয়ৰ ঠিয়গৰাইদি পানীখোৱা চুটিৰ সময়ত সদায় লুকাই চুৰকৈ চাৰ বাইদেউহঁতে নেদেখাকৈ নামি গৈছিলো সমনীয়া কেইটাৰ লগত ।

আমি ক’লনীৰ পৰা দহটামান সদায় ঠিক ৯ মান বজাত ওলাওঁ । সবৰে হাতত ৫ ৰ পৰা ২৫ পইচা ; পানীখোৱা চুটিৰ সময়্ত খাবলৈ চানা, কেচা নাৰিকল, লগৰ কেইটামানে অনা পকা পকা বগৰী, কৰ্পূৰ (এবিধ সুগন্ধি গা-গছ), পনিয়্ল বা আন তেনে বস্তু কিনিবলৈ । শিলগুটি লঠিয়াই-দলিয়াই, বোকা পানী খচকি, ইটোৱে সিটোক ঠেলা ঠেলি কৰি সেই ডেৰ কিমি বাট অতিক্রম কৰোতে আমাৰ ৪৫ মিনিটমান লাগিছিল । কোনোমতে ‘ৱাৰ্নিং বেল’ টো মৰাৰ আগতে বিদ্যালয় পাইছিলোগৈ । তাৰ পিছ্ত দমকলত হাত-ভৰি ধুই কিতাপ-পত্র থৈ প্ৰাৰ্থনা গাবলৈ বাহিৰত থকা প্র্কান্ড আহত জোপাৰ তলত থিয় হওঁহি । ৰোল নং ১, আছো চাৰ, ২ আছো চাৰ, ৩, ‘পেজেন’ চাৰ …..। প্র্ফুল্ল চাৰলৈ আমি আটাইতকৈ ভয় কৰিছিলো কাৰণ নেওঁতা মুখস্থ নোৱাৰিলে বা আখৰকিটা কুকুৰা ঠেঙিয়া হ’লে বা আমটোৰ ঠাৰিদাল ভালকৈ আকিব নোৱাৰিলে চেকনী দালেৰে দুখপোৱাকৈ সাৰোপ সাৰোপকৈ পিটিছিল । কেতিয়াবা বজাৰে সমাৰে মোৰ সন্মুখত চাৰে দেউতাক লগ পালে মোৰ কীৰ্তি-কাহিনীবোৰ সবিস্তাৰে কৈ দিছিল; তেতিয়া দেউতাই চাৰক কয় “দুচাট মান আৰু দিব” বুলি ! বৃত্তি প্ৰৰীক্ষাৰ সময়্ত আমাৰ চাৰহঁতে যে কিমান কষ্ট কৰিছিল আমাক বৃত্তি পোৱাবলৈ; তেনে কিছুমান কষ্টৰ বিনিময়তে মই অনায়াসে বৃত্তি পাবলৈ সক্ষম হৈছিলো । যদিও সেইসময়ত এই বৃত্তি প্ৰৰীক্ষাটোৰ মোল বৰ ভালকৈ উপলব্ধি কৰিব পৰা নাছিলো, পিছ্ত ওভতি চাই দেখো, এইটোৱেইছোন মোৰ জীৱনৰ প্রথম প্র্তিযোগিতামুলক বিদ্যায়্তনিক সাফল্য ।

সঠিককৈ পাহৰিলো আমাৰ ছুটি কেইটা বজাত হৈছিল, বোধহয় ২.৩০ বা ৩ টা মানত হৈছিল । একেই ওভতনি যাত্রা … ‘কট্টি’ হৈ থকা (মানে কেঞা আঙুলী লগাই নমতা-নমতি) কেইটা বেলেগ এটা দলত । বাটত এঘৰ মানুহৰ ঘৰত ঠিক ৰাস্তাৰ কিনাৰতে দুডালমান অমৰা গছ আছিল । অমৰা পকা দিনত আমাৰ ‘টাৰ্গেত’ সদায় সেইকিডাল গছ । মোৰ অমৰা প্রিয় ফল ন’হলেও ময়ো সমনীয়া কেইটাৰ লগত পৰি সদায় ফৰ্মুটি দলিয়াইছিলো । সৰিলেই বাহঁৰ জেউৰা পাৰহৈ বুটলী দে পলা… ঘৰটোৰ গৰাকী আছিল এগৰাকী বঙালী বৃদ্ধা; তেওঁও আমালৈ সদায় খাপ পিটি থাকে ।এদিন এনেকৈ অমৰা পাৰোতে খাপ পিটি থকা বৃদ্ধাই ধৰিলে এটাক, তাৰ নাম আছিল মনোহৰ… সি অলপ স্ল’ আছিল, কাৰণ তাৰ হাপানী বেমাৰ আছিল । আমিবোৰ ফৰিংচিতিকা দি যিয়ে যিফালে পাৰো পলালো । মই আৰু মোৰ লগৰ বিজু বেলেগ এটা ৰাস্তাধৰি কেৱ্ল দৌৰিছো । সেই ৰাস্তাটো আচলতে কলৈ যায় আমি নাজানিছিলো । তথাপিও প্রায় আধা কিমি মান যোৱাৰ পিছ্ত দেখো একেবাৰে অচিনাকী । অথচ ঘূৰি আহিবলৈও ভয় । যি হয় হ’ব বুলি মই আৰু বিজু আগবাঢ়িব ধৰিলো । এইদৰে আমি আৰু আধাঘন্টামান সোঁৱে-বাৱেঁ, বাৱেঁ-সোঁৱে গৈ একেবাৰে প্লেচ অৱ ন’ ৰিটাৰ্ন ওলালোগৈ । চকু পানী ওলাওঁ ওলাওঁ, চলচলীয়া । কলৈ যাওঁ কি কৰো ? তেনেতে এজন চূৰীয়া পিন্ধা লোকৰ আমাৰ চাল চলনৰ ওপৰত সন্দেহ ওপজাত তেখেতে আমাক সুধি প্র্কৃত কথাখিনি জানিব পাৰি আমাক আমাৰ ঘৰত থৈ আহিব বুলি ক’লে । আমাৰ ভয়াৰ্ত চেহেৰা কিটা দেখি আমাক প্রথমতে দুগিলাচ পানী খাবলৈ দিলে ; লগতে এটা এটা জাহাজী কল । তাৰপিছত তেখেতৰ লগত আহি ঘৰ পাওঁতে নিৰ্দিষ্ট সময়তকৈ ইতিমধ্যে ডেৰঘন্টা মান পলম হৈছেই । ঘৰৰ পৰা বিচাৰ খোচাৰ আৰম্ভ হৈ গৈছে । দেউতা মোক বিচাৰি ওলাই গৈছে… ঘৰত মা আছিল । মানুহজনে সবিস্তাৰে আমাৰ চমজাই হেৰোৱা কাহিনী কৈ গ’লগৈ ।

আজিও মনত আছে, সেইদিনা গধূলী পৰত দেউতাই মোৰ পিঠিত হালোৱা এচাৰিৰে দিয়া কোব কেইটা । সেই তেতিয়াই অমৰাৰ প্রতি জন্মা বৃতিষ্ণাটো পিছে এতিয়াও বিদ্যমান …
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/425180714201097/

বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা আৰু সাৰু চাইকেল দোকানীৰ লুচি ভাজি ...

পূজাৰ বতৰ আৰম্ভ হৈ গৈছে ... বিশ্বকৰ্মা পূজা আৰু ১৭ ছেপ্তেম্বৰৰ মাজত থকা এৰাব নোৱাৰা সম্পৰ্কটোৰ ওপৰত ভিন্ন জনৰ ভিন ভিন মত... যিকি নহওক, এই বিশ্বকৰ্মা পূজা বুলিলেই সৰু কালৰ কিছু স্মৄতিয়ে আমনি কৰে । ৰাতিপূৱাই উঠি দেউতাই চাইকেলখন আটোমটোকাৰিকৈ ধুৱে । মায়ে ঘৰত থকা উষা চিলাই মেচিনটো ভালকৈ চাফ চিকুন কৰি অটোৱাৰ পিছ্ত মাহ-প্রসাদৰ শৰাই এখন আগবঢ়াই পূজা এভাগ আগবঢ়ায় ।

মোৰ জন্মস্থান উজনি অসমৰ সৰু মফচলীয়া উদ্যোগীক চহৰখনত আমি সৰু থাকোতে বিশ্বকৰ্মা পূজা বেছ ভালদৰেই কেইবাঠাইতো উদযাপিত হৈছিল । বহুকেইটা প্লাইউদ কাৰখানা, ক'ল ইন্ডিয়াৰ ৱৰ্কচপ, বিভিন্ন গেৰেজ ইত্যাদিত পতা বিশ্বকৰ্মা পূজাৰ আমেজেই আছিল বেলেগ । দেউতাৰ হাতত ধৰি ক'ৰবালৈ যোৱা বয়সত মোৰ পিছে এই বিশ্বকৰ্মা পূজাৰ আকৰ্ষন অন্য কৰবাতহে আছিল । বেছিভাগ পূজা মন্ডপতেই মাহ-প্রসাদ আৰু কৰবাত কৰবাত এটা বুনিয়া লাডুৰেই ভক্তসকলক আপ্যায়িত কৰা হৈছিল । চহৰখনৰ মাজমজিয়াত থকা সেই সময়ৰ লেখত ল'বলগীয়া ব্যৱসায়িক প্র্তিস্থান সাৰু দোকানী (মই সাৰু খুৰা বুলি মাতিছিলো) কিন্তু এই বিষয়ত ব্যতিক্র্ম আছিল । একমাত্র ইয়াতেই নিমন্ত্রিত লোকক আবেলিৰ ফালে লুচি, লাব্ৰা ভাজি আৰু সুস্বাদু মিঠাইৰে আপ্যায়িত কৰা হৈছিল । মোৰ মা দেউতাও এনে নিমন্ত্রিত লোকৰ তালিকাত থকা বাবেই মোৰ এই বিশেষ দিনটোৰ প্র্তি এক অনামি আকৰ্ষন আছিল । লুচি, লাব্ৰা ভাজিৰ আকৰ্ষন । বছৰেকীয়া বিশ্বকৰ্মা পূজাৰ আগমনৰ খবৰ পোৱা মাত্রেই মোৰ সেই উৎকন্থা আৰম্ভ হৈছিল আৰু পূজাৰ দিনা পেট ভৰাই লুচি, লাব্ৰা ভাজি খোৱাৰ পিছতহে এই অৱস্থাৰ অৱসান ঘটিছিল । অৱশ্যে লগতে আৰু এটা আকৰ্ষন আছিল সেইদিনা সাৰুৰ দোকানত থকা সৰু ধূনীয়া চাইকেলবোৰ হেপাহ পলুৱাই লিৰিকি বিদাৰি চোৱাৰ সুযোগ ।

বুজন হোৱাৰ পিছ্ত আৰু কাণ-সমনীয়াৰ লগত পূজা চোৱাৰ বয়্সতো এপাক সাৰুৰ দোকানলৈ গৈছিলো আৰু সাৰু খুৰাই আমাক অথেবেথে মাতি লুচি-ভাজি খোৱাইছিল । মোৰ 'যহতেই' যে মোৰ লগৰকেইটাইও পূজাৰ দিনা এনে 'দুৰ্লভ' খানা খাবলৈ পাইছিল সেইবাবে মোৰ সৰু বুকুখন গৰ্বত ওফন্দি উঠিছিল । আজিকালি সাৰুৰ চাইকেল দোকানখন আছেনে নাই নাজানো । বহুদিন সেইফালে যোৱা হোৱা নাই ।

এতিয়া অৱশ্যে চাইকেলৰ ঠাই ল'লে বাইক আৰু গাড়ীয়ে । আজিকালি বিশ্বকৰ্মা পূজাৰ দিনা কিছুসংখ্যক বাইক আৰোহিৰ ৰাস্তাইঘাটে কৰা উদ্ভন্ডালি আৰু বলিউডি কাইদাত কৰা স্টান্টবাজীয়ে মনত্ পেলাই দিয়ে আমাৰ সেই সৰুকালৰ বিশ্বকৰ্মা পূজাৰ দিনা অনাবিল আনন্দৰ লগত আজিৰ প্রজন্মৰ কিছুৰ মানষিক তফাৎ । আজি ৰাতিপূৱা অফিচলৈ আহোতেও তেনে দুই এটা অতপালি চকুত পৰিছিল ।
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/438381302881038/

জীৱনলৈ দুখ যেতিয়া আহে হিল দোল ভাঙি আহে

জীৱনলৈ দুখ যেতিয়া আহে হিল দোল ভাঙি আহে - এটা জীয়া অনুভৱ . . .

আজি পূৱা অফিচলৈ আহিবলৈ যো জা চলাইছো । সেই সময়খিনিত 'সময়ৰ' খুব টানাটানি । আহিল নহয় তেনেতে এটা ফ'ন; বৰ আপদ । শ্রীমতীক কলো উঠাবলৈ । চিনাকি ল'ৰা এটাই কৰিছে, সি এইফালে কামৰ সংক্রান্তত আহিছিল, মোক এবাৰ লগ পাই যাবলৈ বিচাৰিছে । ল'ৰাজন, মানে মনোজ পেচাত এজন বাৰ্নিচ মিষ্ট্রি । খুব অমায়িক, ভদ্র হাহিমুখিয়া মনোজে মোৰ ঘৰৰ প্রায়ভাগ কাঠৰ বাৰ্নিচৰ কামেই কৰিছিল । এজন কষ্টসহিঞ্চু, চিনচিয়াৰ অসমীয়া খাটি খোৱা ল'ৰা । চাৰি পাচ বছৰৰ পৰা চিনাকি হেতুকে সি মাজে মাজে আহি থাকে । আজি সি প্রায় এবছৰমান পিছত আহিছে ।আমি জনাত তাৰ স্ত্রী অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়ীত্রি আৰু এক মাত্র ল'ৰাটো মোৰ ল'ৰাটোৰ সমবয়সীয়া । আমি দুয়ো তাক মৰমতে একো নাথাকিলেও কিবা কিবি খুচুৰা কাম ওলিয়াই কেতিয়াবা কৰিবলৈ দিওঁ । আজি পিছে একেবাৰে সময়ৰ নাটনিৰ বাবে তাক কলো "তুমি মোৰ লগতে ব'লা, গাড়িতে অলপ কামৰ কথা পাতি ল'ম" । কামকৰা মানুহ জনীয়ে দিয়া চাহ কাপ খাই সি মোৰ লগত ওলাল । লগত শ্রীমতী; বাটতে নামি যাব, ল'ৰাটোৰ স্কুলফিজ দিবৰ বাবে ।

কামৰ কথা বতৰা পাতি আছো । মাজতে তাৰ পৰিয়ালৰ খা-খবৰ লঁও বুলি এনেয়ে সুধিলো ল'ৰাটো কোন ক্লাচ পালে বুলি । তাৰ চকুযোৰ চলচলীয়া হৈ গ'ল । সি ক'লে "চাৰ মোৰ ল'ৰাটো এক্সিডেন্ট হৈ ঢুকাল নহয় ।" কি ক'ম ভাবি থাকোতেই সি পুনৰ ক'লে "যোৱাবছৰ এনেকুৱা দিনতে মোৰ দেউতাৰ শ্রাদ্ধৰ কাৰণে গাৱঁলৈ যাবলৈ জালুকবাৰীত বাচৰ বাবে ৰে আছিলো । মই আগে আগে, মোৰ পিছে পিছে মাক আৰু ল'ৰাটো ৰাস্তা পাৰ হওতেই চাৰ গাড়ি এখনে মহতিয়াই নিলে । লগে লগেই শেষ ।" ... মই আৰু শ্রীমতী দুয়ো বাকৰুদ্ধ । কি ক'ম । তেনেতে মনোজে পুনৰ ক'লে "চাৰ, যোৱাবছৰটো আমাৰ কাৰণে খুব বেয়া । এই দুৰ্ঘটনাটোৰ সময়ত মাকৰ চাৰি মাহ চলি আছিল । আৰু চাৰি মাহৰ পিছত কেচুৱাটো ভিতৰতে বেয়া হৈ গ'ল । ডক্টৰে অপাৰেচন কৰি এটা মৃত বাচ্চা পেটৰ পৰা উলিয়ালে ...।"

মোৰ ষ্টিয়েৰিং ধৰি থকা হাতখন কিবা জঠৰ হৈ যোৱা যেন লাগিছিল । মনোজৰ মুখলৈ চালো; সি বাহিৰলৈ চাই চকুদুটা মুচি আছিল । মই কোনোমতে গাড়িখন বাটৰ কাষলৈ আনি ৰখাই খিৰিকিখন নমাই দীঘলকৈ উশাহ এটা লোৱাতহে কিছু প্র্কৃতিস্থ হোৱা যেন লাগিল । শ্রীমতীক নমাই বেলতলাৰ পৰা গনেশগুৰিলৈ ট্রেফিকৰ ভিৰ ফালি আহি থকা মোৰ আৰু মনোজৰ মাজৰ সেই নিৰব সময়খিনি ক্রমাত অসহনীয় হৈ আহিছিল যেন লাগিবলৈ ধৰিলে । মই তাক "মোক তুমি সেই সময়ত কিয় খবৰ নিদিলা" বুলি ক'ম বুলি ভাবিও ৰৈ গলো, এই ভাবি যে মইনো তাক কি সহায় কৰিব পাৰিলোহেতেন; সান্তনা দিয়াৰ বাদে । সি গনেশগুৰিত নামি যোৱাৰ সময়ত ক'লে "চাৰ দুৰ্ভাগ্যক ধিয়াই থাকি বহি থাকিলেতো আমাৰ পেট নভৰিব । জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো ।" . . . মই লাহেকৈ ক'লো, "কাইলৈ আহিবাছোন মোৰ ঘৰলৈ; অলপ কাম আছে । বস্তু কি কি লাগিব হিচাপ দিবা, শণিবাৰৰ পৰা কাম আৰম্ভ কৰিবা ।"
Facebook Link -  https://www.facebook.com/groups/axomiyakothabotora/permalink/439127652806403/ 

গুৱাহাটীত এডোখৰ মাটি, এটা ঘৰ, কিছু গছ-গছনি আৰু ভাড়াঘৰ

গুৱাহাটীত এডোখৰ মাটি, এটা ঘৰ, কিছু গছ-গছনি আৰু ভাড়াঘৰ

আপোনালোকে ইতিমধ্যে কিবা অনুমান কৰিব পাৰিছে নিচ্ছয়… হয়, ঠিকেই ধৰিছে । গুৱাহাটীখন সমগ্র উত্তৰপূবৰ দুৱাৰমুখ স্বৰুপে ভাৰতবৰৰ্ষৰ এখন ব্যস্ত তথা লেখত লবলগীয়া চহৰ । গুৱাহাটীত স্থায়িভাৱে কাম-চাকৰি কৰা বা গুৱাহাটীত নথকা বহুতো সমৰ্থবান লোকৰ সেয়ে গুৱাহাটীত এডোখৰ মাটি-ঘৰ বা এটা ফ্লেট লোৱাটো আজিকালি জীৱনৰ এটা “প্র্ধান উদ্দেশ্য” যেন হৈছে । আজিৰ পৰা ৯ বছৰ আগেয়ে গুৱাহাটীলৈ আহো চাকৰি সূত্রে থাকিবলৈ । মই মোৰ নলেগলা লগা যোৰহাটৰ বন্ধু এজনৰ গুৱাহাটীৰ ঘৰত ভাড়াতীয়া হিচাবে থিতাপি ললোহি । যদিও ভাড়াতীয়া, নিজৰ ঘৰ বুলিয়েই থাকো, বিশাল চৌহ্দত (গুৱাহাটীৰ স্টেন্দাৰ্ত অনুসৰি) গছ-গছনিৰে ভৰা দুমহলীয়া ঘৰটোত মই মোৰ পৰিয়ালসহ একমাত্র বাসিন্দা । কৰ্মসুত্রে চাহ বাগানৰ বিভিন্ন গছ-গছনি, ফুলেৰে সুসোভিত বিশাল চৌহদৰ ব্রিটিছ কায়দাৰ বঙলাত ৮ বছৰ অতিবাহিত কৰি অভ্যস্থ হৈ পৰা মনটোৱে অলপ হাহাকাৰ কৰি উঠিছিল যদিও মনে মনে নিজক সান্তনা দিলো যে গুৱাহাটীত নিজৰ সামৰ্থ অনুযায়ি ইয়াতকৈ ভাল থকা ঠাই আৰু নাপাওঁ ।

দুবছৰ মান সুখে শান্তিৰে পাৰ কৰাৰ পিছ্ত যেতিয়া দেখো মোৰ আৰু লৰচৰ কৰাৰ কোনো সম্ভাৱনা নাই অৰ্থাৎ গুৱাহাটীয়েই মোৰ স্থায়ী ঠিকনা হোৱাৰ পথত, লাহে লাহে কুটকুটনিটো আৰম্ভ হ’ল । ‘দেখাক দেখি উঠিল গা, কেতুৰীয়ে বোলো মোকো খা’ … বিভিন্ন বন্ধু-বান্ধৱ, শুভাকাংখী তথা আত্মীয়-স্বজনৰ উপদেশ-হেচাত চিন্তা কৰিলো গুৱাহাটীত ‘নিজাকৈ’ কিবা এটা কৰিব লাগে দেখোন … বছ, আৰম্ভ হৈ গ’ল… বিভিন্ন অলিয়ে গলিয়ে থকা সদাপ্র্স্তুত মাটিৰ ‘দালাল’ কেইজনক অতি কম সময়ৰ ভিতৰতে চিনি পোৱা হলো… দুবছৰ মানৰ ভিতৰত গুৱাহাটীত খালি থকা প্রায়্ভাগ বিক্রিযোগ্য (বা অযোগ্য) মাটি আৰু বহু ফ্লেটৰ নক্সা পৰ্য্যন্ত মুখস্থ হৈ গ’ল…। পিছে নাই, একো আগ নাবাঢ়িল, কাৰণ সাধাৰণতে প্রায়্ভাগ ক্রেতাৰ ক্ষেত্র্ত যি হয় মোৰো হ’ল … যিবোৰ পচন্দ হয় সেইবোৰ বলে নোৱাৰা আৰু যিবোৰ সামৰ্থ্যৰ ভিতৰত পৰা যেন লাগে সেইবোৰ মনে নাখায় । ইতিমধ্যে ঠিক কৰিলো, যদি নিজৰ বুলি কিবা কিনোৱেই তেন্তে মাটিয়েই কিনিম, ফ্লেটত নাথাকো; একেবাৰে ভীষ্ম প্র্তি্জ্ঞা ! দুবছৰৰ নিষ্ফল প্র্চেষ্টাৰ পিছ্ত হতাশ হৈ নিজে নিজক শান্তনা দিলো ‘ভাগ্যত নাই, ভাৰা ঘৰতেই থাকিম আৰু ।‘ হাড়ে-হিমজুৱে কথাষাৰ আকৌ এবাৰ অনুভৱ কৰিলো - আমাৰ দৰে চাকৰিজিৱী বাহিৰা পইছা নথকা দৰমহা কিটাৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিগত প্রতিস্থানত কাম কৰা লোকৰ বাবে গুৱাহাটী হেন চহৰত মাটি কিনি ঘৰ সজা প্রায় অসম্ভৱ ।

এনেদৰে দুবছৰমান পাৰ হ’ল । ইতিমধ্যে ‘নিজাকৈ’ ঘৰ-মাটি কিনাৰ ভূত্টোও আতৰিছে । মোৰ ভাৰাঘৰটোৱেই মোৰ স্থায়ী পৰিচয় । ভাৰাঘৰৰ মালিকেও ঘৰৰ সমস্ত মেইনটেনেঞ্চৰ দায়িত্ব মোৰ ওপৰত এৰি দি সুখে-শান্তিৰে দিন নিয়াইছে । ইতিমধ্যে অঞ্চলটোৰ স্থায়ী বাসিন্দা তথা বিভিন্ন ভাষা-ভাষি ভাড়াতীয়া সকলৰ লগতো চা-চিনাকি বাঢ়ি এক আত্মীয়তা গঢ়লৈ উঠিছে । সকাম নিকাম, মেল-মিটিঙ, ৰাজহুৱা অনুস্থানত আমি (মানে মই বা শ্রীমতী) অনুপস্থিত থাকিলে ৰাইজে অভিযোগো কৰে কেতিয়াবা । এনেতে এদিন মাঘ বিহুৰ ৰাজহুৱা ভোজৰ দিনা ওচৰ-চুবুৰীয়া শুভাকাংখী এজনে সুধিলে “নেওগ, মাটি-চাটি যোগাৰ হ’লনে ? ফ্লেট এটাকে লৈ পেলাওক ।“ মই মোৰ অৱস্থাটোৰ কথা কলো । কেইদিন মান পিছ্ত উক্ত মানুহজনে মোক জনালে, “এডোখৰ মাটি আছে, সস্তাতে দিব, লয় যদি ওলাওক চাবলৈ”… এনেয়ে কলো, যাম বুলি । তথাপিও মানুহজনৰ অনুৰোধ পেলাব নোৱাৰি ওলালো চাবলৈ… তেখেতে ক’লে, “গাড়ী নিব নালাগে, ওচৰতে”, বাইক খনলৈ ওলালো এদিন শনিবাৰ এটাত… আধা পকা আধা কেচা ওখোৰা মোখোৰা ৰাস্তাত থেকেচনি খাই দুইকি.মি. মান যোৱাৰ পিছ্ত স্কুলৰ খেল পথাৰ এখনৰ ওচৰত ৰলোগৈ । দুডুখৰিমান ভাল প্লট দেখি মনটো ভাল লাগি গ’ল । গুৱাহাটী চহৰৰ একেবাৰে গাতে লাগি আছে অথচ একদম গাৱঁলীয়া পৰিবেশ, হাই-উৰুমি নাই । ওৱা, এখেতে দেখোন মোক কেইখোজ মান আগুৱাই লৈ গৈ পিতনি এখনৰ ওচৰ পোৱালেগৈ । “এই ডোখৰেই প্লট, কাগজে পত্রই আঢ়ৈ কঠা, কিন্তু আছে পুৰা তিনিকঠা । মিয়াদি পত্তা ।“ হাৰে কথা হ’ল নেকি, গুৱাহাটী হেন চহৰত মই এই পূখুৰীটোতহে ঘৰ বনাম নে ? বিশেষ একো নোকোৱাকৈ হাহি এটা মাৰি গুচি আহিলো । মোৰ শুভাকাংখি জনেও গ’ম পালে কেনা ক’ত ! তেখেতে গধূলী আহি মোক ক’লে, শ্রীমতিক এবাৰ দেখুৱাই আনকছোন, এনেই যাওক । পিছদিনা শ্রীমতিক লৈ গলো, তেওঁ অলপ ভাবিচিন্তি ক’লে, “বেয়া নহয়, দাম-দৰ মিলিলে লৈ থব পাৰি” ….

যিকিনহওক, বহুতো চিন্তা-চৰ্চা, হিচাব নিকাচ, দাম-দৰৰ পিছ্ত আধা পিটনিখন লোৱাৰ সিদ্ধান্ত ললো… কাম আৰম্ভ কৰাৰ (agreement sign) ‘শুভদিন’ হিচাবে মই শ্রীমতিক ১৫ বছৰৰ আগতে প্র’পজ কৰা দিনটোতকৈ আৰু ভাল দিন বিবেচনালৈ নাহিল দেখুন… বেংক ল’ন, চেল পাৰ্মিচন আদিৰ পিছত দৌৰা-দৌৰি… সেই শুভাকাংখিজনক মাটি দেখুৱাই দিয়া, মালিকৰ লগত দাম-দৰ কৰা আদি কষ্টকনৰ বাবদ মাটিৰ ক্রয়মূল্যৰ ১০% দক্ষিণা দিলো (তেখেতৰ মতে তেখেতে মাটিৰ দালালি নকৰে হেনো, মাত্র সহায়হে কৰে) । চাৰিমাহ মানৰ মূৰত অহা চেল পাৰ্মিচনখন খন দেখি চকু কপালত উঠিল… চাৰিওফালে ঘৰেৰে আৱৰি থকা পুখুৰীটো হেনো খেতি-বাতিৰ উপযোগী মাটিহে, তাত মাস্টাৰ্প্লেন অনুসৰি ঘৰ বনোৱাৰ অধিকাৰ নাই… কি কৰ কৰ এতিয়া…. গুৱাহাটী উন্নয়ন বিভাগৰ সেই অতি লেতেৰা অফিচটোলৈ তাত-বাতি কৰোতে কৰোতে হায়ৰাণ । প্রায় ৯ মাহ মানৰ পিছত এজন সন্দেহযুক্ত প্র্ৱ্জন কাৰিৰ (মৰিগাওঁ ফালৰ) এনেধৰণৰ মাটি ক্রয়-বিক্রয় সংক্রান্তীয় আদালতত কৰা এখন আৱেদনৰ ৰায়দানৰ (সেইবোৰ বহুত দিঘ্লীয়া কথা, বখানিলে মহাভাৰত হ’বগৈ) ওপৰত ভিত্তি কৰি কোনোমতে মই মাটিডোখৰৰ মালিকিস্বত্ব পালোগৈ । হাউচিং ল’ন, পাৰ্চনেল ল’নৰ হেচাত ককাল বেকা হলেও ‘গুৱাহাটীত অন্তঃত নিজা বুলিবলৈ কিবা এটা হ’ল’ ৰ জোৰতেই (!!) হবলা কোনোমতে টিকি থাকিলো । পূখুৰী পূটি, কোৱাঁ খান্দি, তৰ্জাবেৰৰ ঘৰ বনাই আচল কামফেৰা কৰিবলৈ ককালত তঙালী বান্ধিলো… সচৰাচৰ জ্যোতিষিয়ে নিৰ্ধাৰণ কৰি দিয়া অথবা পঞ্জীকাই লিখি দিয়া “শুভদিন”ৰ ওপৰত থকা মোৰ অবিশ্বাসৰ হেতু মই মোৰ সুবিধা অনুসৰি বন্ধবাৰ এটাত ঘৰৰ লাইখুটা পোতিলো…. ইয়াৰ পিছ্ত শ্রীমতিৰ ৮০%, মোৰ ২০% কষ্ট আৰু বেংকৰ উদাৰ সহযোগিতাত আমাৰ সপোনৰ ঘৰটোৱে এটা ৰুপ পাবলৈ আৰম্ভ কৰিলে… আৰু ইয়াৰ ঠিক ৩৬৫ দিন পিছ্ত এদিন দুপৰীয়া ধূপ-ধূনা জ্ব্লাই ওচৰৰ ১০ টা মান আপেক্ষিক ভাৱে দৰিদ্র শিশুক পেট ভৰাই এসাজ খুৱাই ২০০৯ চনত মোৰ গৃহ্প্রবেশ ঘটিল… কাকতালীয় সংযোগটো হ’ল সেই বিশেষ দিনটো মোৰ বন্ধবাৰ আছিল লক্ষ্মীপূজা ওপলক্ষে… সম্পূৰ্ণ নিজা আৰ্হিৰ কিন্তু প্র্ফেচনেল স্ত্রাকচাৰেল ডিজাইনাৰে তৈয়াৰ কৰা '১৩, কামিনী কাঞ্চন' অৱশেষত থিয় হ'ল... বছ, জীৱনৰ এটা গুৰুত্বপূৰ্ন অধ্যায়ৰ সফল পৰিসমাপ্তিত আমাৰ উশাহ-নিশাহবোৰ যথেষ্ঠ সুচল হ’বলৈ আৰম্ভ কৰিছে …।

আমাৰ দুয়োৰে একান্ত ইচ্ছা তথা কষ্টত ঘৰৰ বাৰিখনেও লাহে লাহে থন ধৰিবলৈ আৰম্ভ কৰিছে । আম চাৰিজোপা, একোজোপা আটলচ, বগাজামূ, মধূৰী, কৰ্দৈ (ৰহদৈ), গুটিহীন লেচু, তিতাফুল, কেইবাজোপা কাজীনেমু আৰু গোলনেমু, দুজোপা কমলাটেঙা, বকুলগছ এজোপা, নাহৰগছ এজোপা, কেইবাজোপা কলগছ (জাহাজী, মনোহৰ আৰু কাচকল) আৰু অতি সম্প্রতি এটা আহোমবগৰীৰ পুলি আনি লগাইছো…. গৰমদিনত কিছু চাঁ পাবলৈ এজোপা কৄষ্ণচূড়া আৰু দুজোপামান নীমগছো লগাই লৈছো… তদোপৰি বতৰৰ খেতি হিচাবে বিলাহী, লাউ, কচু, বেঙেনা, ভেন্দি কেইটামান পাওঁ । আমি সৰুসুৰাকৈ এখন টেৰেচ গাৰ্ডেনো কৰি লৈছো য’ত প্র্ধানকৈ ফুল আৰু এজোপা সাচিগছ আৰু এজোপা নীমগছ আছে । মোৰ শ্রীমতিৰ ঐকান্তিক প্রচেষ্টাত এশৰো ওপৰ টাবত বিভিন্ন ফুলে জকমকাই থাকে । (এই কামবোৰ যদিও আমাৰ বুলি কৈছো, ইয়াত পিছে মোৰ অৰিহনা মাত্র ৫% মানহে, মিছা ক’লে পাপে চুব)… এইখিনিৰ বাদে আমাৰ এটা কুকুৰ (প্রায় ১৩ বছৰ বয়স) আৰু মাক-বাপেক সহ তিনিটা পোৱালীৰ এখন মেকুৰিৰ সংসাৰো আছে । এই গোটেইখিনি আমাৰ একান্ত নিজৰ….

এইখনেই আমাৰ স্ব্য়ংসম্পূৰ্ন সংসাৰ …

মোৰ আত্মীয়, বন্ধু-বান্ধৱ (কেইবা গৰাকী ফে’চবুকৰ জৰিয়তে চিনাকী হোৱা) সকল আহে মাজে । আড্ডা মাৰি, ড্রিংক এটা লৈ, গ’পচ’প কৰি আমি সকলোৱে বেছ উপভোগ কৰো সময়বোৰ । প্র্শংসাৰ চকুবোৰ দেখি আপ্লুত নোহোৱাকৈ নাথাকো, মনে মনে গৰ্ববোধো কৰো । প্রায় সকল (কেইজনমান ব্যতিক্র্ম) অতিথিৰ এটাই মাত্র আপচোচ… তেওঁলোকৰ চকুবোৰে কিবা এটা যেন বিচাৰি পিতপিতাই ফুৰে… ঘৰৰ আগফাল-পিছ্ফাল, তল-ওপৰ চাই কেতিয়াবা কৈয়েই পেলাই (নিচ্ছয় ভাল ভাবি) … “চব ধূনীয়া, ইমান গছ-গছনি.. বঢ়িয়া.. পিছে গুৱাহাটী হেন চহৰত মাটি-বাৰি কৰি ভাড়াঘৰ এটা নবনোৱাটো মুৰ্খামী নহয়নে ? এই গোটেই ঘৰটোত তোমালোক মাত্র তিনিটা প্রাণীহে থাকিবানে ? এটা পাৰ্ট ভাড়া দি দিব পাৰা দেখুন … অন্তঃত তৰ্জা বেৰাৰ একলাইন মান ঘৰ হলেও এটা ৰানিং ইনকাম…” …. মোৰ তেতিয়া মনত পৰি যায়, মোৰ এলেকাটোত থকা ৯০% মূলঘৰৰ লগতে থকা তৰ্জা বেৰাৰ ঘৰবোৰত বসবাস কৰা সন্দেহজনক বাংলাদেশী নাগৰীক সকলৰ মুখবোৰ …. নাই নাই মই সুখতেই আছো নেকি ? ৰাইজ, কি কয় ??
Facebook link - https://www.facebook.com/groups/axomiyakothabotora/permalink/421221887930313/ 

মানৱতাৰ ধৰ্ম্মনিৰপেক্ষতা


মানৱতাৰ ধৰ্ম্মনিৰপেক্ষতা -

আজিৰ পৰা প্রায় ২৪ বছৰ মান আগৰ কথা । স্থান তিনিচুকীয়া । এজন ২০ বছৰীয়া ত্জ-বজীয়া চফল যুৱ্ক, ফুটবলেই যাৰ প্রাণ, যেন গোটেই জীৱ্নটো ফুটবল খেলিয়েই পাৰ কৰি দিব । ১২-১৩ বছৰ বয়সৰ পৰাই পেছাদাৰি ফুটবল খেলা ল’ৰাজনে মহাৰানা ক্লাব, গুৱাহাটী টাউন ক্লাব আদিত খেলাৰ ওপৰিও জুনিয়ৰ পৰ্য্যায়ত দেশক প্ৰ্তিনিধিত্ব কৰি বিদেশতো খেলিছিল । সেই সময়ৰ প্রখ্যাত খেলুৱৈ ৰেৱতি ফুকন, বাবুল ফুকন, পৰেশ বৰুৱাহঁতৰ লগত একেখন খেলপথাৰত খেলি ডাঙৰ-দীঘল হৈছিল বুলিব পাৰি । মই যিটো সময়ৰ কথা কৈছো, তেতিয়া তেওঁ তিনিচুকীয়া ৰে’লৱেৰ সাধাৰন কৰ্মচাৰি হিচাবে এজন নিয়্মীয়া খেলুৱৈ । ঘৰৰ অৱস্থা ভাল নোহোৱাৰ বাবে এটা স্থায়ী সংস্থাপনৰ তাড়নাত অনিচ্ছাস্বত্বেও ৰে’লৱেৰ চাকৰিত যোগদান কৰিব লগীয়া হৈছিল, কাৰণ মাক, দুজনী ভনীয়েকৰ পঢ়াশুনা আৰু হঠাৎ অহা এটা দুৰ্ঘটনাৰ বাবে উপাৰ্জন অনিয়মীয়া হোৱা দেউতাকৰ একমাত্র ভৰসাৰ স্থল । মাহেকীয়া দৰমহা ১৩০০ টকা । সংসাৰৰ দুই মুৰ ধৰিবৰ বাবে মাকে তাত বাই মেখেলা-চাদৰ আৰু গামোচা বৈ বিক্রি কৰিও কিছু উপাৰ্জন কৰিছিল । ওচৰ চুবুৰীয়া সকলোৰে সুপৰিচিত মোৰ কাহিনীৰ নায়্ক ধৰ্ম্মসূত্রে এজন মুছ্লমান যুৱ্ক । পোছাকী নাম ইফতিকাৰ, কিন্তু ৰাজ নামেৰেই সকলোৱে চিনি পায় । তেওঁলোক তিনিচুকীয়াৰ এটা বিভিন্ন ভাষা-ভাষি তথা ভিন্ন ধৰ্ম্মীয় লোকে বসবাস কৰা এটা ক’লনীত আছিল । নিম্ম মধ্যবিত্তিয় লোকৰ বসতিস্থল কলনীটোৰ ইজন-সিজনৰ মাজত সদ্ভাৱ্ৰ পিছে অভাৱ নাছিল । সময়বোৰ ঘাট-প্রতিঘাটৰ মাজেৰে পাৰ হৈ গৈছিল ।

এনেদৰে এদিন মাহেকৰ মুৰত জেপত দৰমহাটো লৈ ৰাজ আহি আছিল মহা ফুৰ্তিৰে, দুই ভনিয়েক আৰু মাক গৈছিল ডিব্রুগড়লৈ মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ । এই আহি পাওঁ পাওঁ । গোটেই মাহটোৰ হিচাব-নিকাচ তাৰ জেপত । ৰেচন দোকানৰ বাকী, কেৰাচিন তেল, নিত্য ব্যৱ্হাৰ্য্য কিছু বস্তু, দুই ভনিয়েকৰ পঢ়াশুনা সম্পৰ্কীয় কিছু খৰছ... সকলোবোৰ এই ১৩০০ টকাৰ ওপৰত নিৰ্ভৰশীল । তথাপিও দৰমহা পোৱাৰ দিনা জেলেপী, চিঙাৰা আৰ ফুচকা খোৱাটো গোটেই ভাই ভ্নী কেইটা আৰু মাক দেউতাকৰ এটা অলিখিত পৰম্পৰা । এইদৰে ভাবি-গুণি ক’লনীৰ গলিটোত ভৰি দিছে, ঘৰলৈ কেইখোজ মান । এইবাৰ ডেৰশ মান টকা যেনে তেনে বচাব পাৰিলে সি চেকেন্ডহেন্দ চাইকেল এখন ল’ব পাৰিব আৰু তেতিয়া তাৰ এইদৰে গৰমত খোজ কাঢ়িব লগা নহ’ব ঘৰৰ পৰা অফিচলৈ । যথেষ্ট সময়ো সি বচাব পাৰিব ; ফুটবল অনুশীলনৰ সময় অন্তঃত ব্ঢ়াব পৰা যাব, ৰাজে মনে মনে হিচাব এটা কৰি ল’লে । এনেতে শুনিলে সন্মুখৰ তিৱাৰীৰ ঘৰৰ পৰা অহৰহ ভাহি অহা সৰু সৰু ল’ৰা ছোৱালী দুটাৰ কান্দোনৰ ৰোল । এটাৰ বয়স ৮ আৰু আনটোৰ ৩ । কিছু সময় তভকমাৰি থাকি ৰাজে কি হৈছে জানিবৰ বাবে তিৱাৰীৰ ঘৰলৈ সোমাই গ’ল । ভিতৰত যি দেখিলে তাৰ বাবে সি অকণমানো প্ৰ্স্তুত নাছিল ; তিৱাৰীৰ পত্নীৰ মৃত্যু হৈছে, মৃতদেহ পৰি আছে বিছনাত । সৰু ল’ৰা ছোৱালী দুটাই ভোকত কান্দি আছে আৰু বাপেকে দুয়োকে সাৱতি ধৰি আছে । ওচৰত আৰু কোনো নাই ।

ৰাজৰ হঠাৎ মনত পৰি গ’ল তাৰ মাকে দুদিনমান আগতে কৈছিল মানুহজনীৰ কিবা অসুখৰ কথা । তিৱাৰীয়ে স্থানীয় বিদ্যুৎ বিভাগত এটা সৰু চাকৰী কৰে । প্র্থমা পত্নীৰ অকাল বিয়োগত তিৱাৰীয়ে এই গৰাকীক বিয়া পাতিছিল ঘৰৰ দুৰ্ঘোৰ প্রতিবাদ স্বত্বেও । কাৰণটো এই মহিলা গৰাকী আছিল চাহ জ্নগোষ্ঠীয় । সেইবাবেই তিৱাৰীৰ পৰিয়ালটোৰ লগত কাৰো আহ যাহ নাছিল । ওচৰতে থকা তিৱাৰীৰ ডাঙৰ ককায়েকেও আনকি তিৱাৰীৰ পৰিয়ালটোৰ লগত সম্পৰ্ক ছেদ কৰিছিল । গতিকে তথাকথিত ‘নিম্ন’ জাতৰ ছোৱালীৰে সংসাৰ কৰাৰ কাৰণে তিৱাৰীৰ এনে দূৰ্যোগৰ সময়তো কোনো আত্মীয় আনকি কোনো ওচৰ চুবুৰিয়াও উপস্থিত নাছিল । ৰাজৰ ভাবিবলৈ সময় নাছিল ; সি হাতত থকা জেলেপী, চিঙাৰাৰ ঠোঙাখন ল’ৰা ছোৱালী দুটালৈ আগবঢ়াই দিলে । তিৱাৰীৰ লগত আলোচনা কৰি সি বাঁহ কেইডাল মান আনিবলৈ গ’ল । লগতে আৰু কেইপদমান লাগতীয়াল সামগ্রী যেনে বগা কাপোৰ, ধূপ-ধুনা, ধাৰি, ঘ্ট আদি... আধাঘন্টামানৰ পিছত এইবোৰ লৈ আহি দেখে যে তাৰ মাক আৰু দুই ভনিয়েকো ইতিমধ্যে আহি পাইছে । ল’ৰা ছোৱালী দুটাকো মাকে লৈ গৈছে ঘৰলৈ কিবা আৰু খুৱাবলৈ । তিৱাৰীৰ লগ লাগি চাঙি খন বনোৱা হৈছেই । বাকীবোৰ জা-জোগাৰ কৰি দুয়ো ধৰা-ধৰি কৰি মৃতদেহ চাঙিত ওঠাইছে । এজন মানুহো নাই সহায় কৰিবলৈ ; কাৰণ মানুহজনীযে (বৰ্তমান এটা মৃত্দেহ মাথো) অস্পৃস্য ! কিন্তু সিযে এটা মুছ্লমান ল’ৰা.. উপায়বিহীন কিংকৰ্তব্যবিমূঢ় ৰাজে চিন্তা কৰি এটা উপায় পালে । তিৱাৰী আৰু ৮ বছৰীয়া পুত্রই আগফালে চাঙীখন আৰু ৰাজে পিছ্ফালে মাজত ধৰি ‘ৰাম নাম সত্য হেই’ বুলি শ্মশানলৈ আগবাঢ়িব ধৰিলে । কিছুদুৰ যোৱাৰ পিছ্ত ৰাজৰ বন্ধু দুজনে যেনিবা দেখা পাই চাঙীৰ দুটা মূৰ চম্ভালি ললে ।

শৱদাহৰ পিছত গোটেই কাম খিনি কৰি যেতিয়া ৰাজ ঘৰ পাইহি তেতিয়া নিশা প্রায় ১০ বাজে । তিৱাৰীৰ ৩ বছৰীয়া ছোৱালীজনী মাকক বিচাৰি বিচাৰি ইতিমধ্যে তাহাতৰ ঘৰতেই টোপনীত লালকাল । কিবা এটা খাই সিও শুই পৰিবলৈ চেষ্টা কৰিলে । পকেটত হাত ভৰাই বাকী থকা পইছাখিনি হিচাব কৰি দেখিলে যে ১৩০০ টকাৰ ৯০০ মান টকা ইতিমধ্যে খৰছ হৈ গৈছে । মাকে কথাটো অনুমান কৰি ৰাজক ক’লে, “হ’ব দে, মই এইবাৰ অলপ বেছিকৈয়ে কাপোৰ লগাইছিলো, পূজা আহি আছে নহয় । তাৰে কিবা এটা কৰিম আৰু” সৰু ভনিয়েকেও মাত লগালে, “আমাৰ এইবাৰৰ ফিজটো মাহিটিকে ক’ম, দিব” ।

মাকে কিজানিবা গালিয়েই পাৰে, ৰাজে মনে মনে ভয় খাই আছিল; পৰিয়ালৰ একমাত্র আশা-ভৰষাৰ স্থল তাৰ দৰমহাৰ টকাকিটা ‘অনাহকত নলগা জেঙত লাগি’ খৰছ কৰি পেলোৱাৰ বাবে । সি স্বস্তিৰ নিশ্বাস এটা এৰি দিলে । লগতে তাৰ এইটো ভাবি ভাল লাগিল যে সি তাৰ চকুৰ সন্মুখতে মানৱতাক সম্পূৰ্ণ ৰুপে ধৰ্ষিতা হোৱাৰ পৰা বচাব পাৰিলে … সেইনিশা ৰাজে এটা ভাল সপোন দেখিলে, ‘সি ফ্রান্সৰ মাইকেল প্লাটিনিৰ লগত একেলগে UEFA কাপ খেলিছে …’

[আজিৰ সমাজৰ জটিল পৰিবেশত তথা পাৰস্পৰিক ধৰ্ম্মীয় অবিশ্বাস আৰু সংঘৰ্ষৰ সন্ধিক্ষণত উপৰোক্ত কাহিনীটো প্রাসংগিক বুলি বিবেচনা কৰি অ.ক.ব.ৰ মজিয়াত আপোনালোকলৈ আগবঢ়ালো । হুবহু ৰুপত কাহিনীটো মোক কৈছিল মোৰ শ্রীমতীয়ে আমাৰ বিয়াৰ আগতে এদিন মোৰ ঘৰত হোৱা এটা আড্ডাত কেইবাজনো বন্ধু-বান্ধবীৰ উপস্থতিত ১৫ বছৰ মান আগতে । ৰাজ বৰ্তমান তিনিচুকীয়া ৰে’লৱেত কৰ্মৰত বিষয়া ; যদিও সক্রিয় ফুটবলৰ পৰা বিদায় লৈছে, ফুটবলৰ ভূতটোৱে এতিয়াও এৰা নাই । গুৱাহাটীলৈ আহিলে বাবুল ফুকনদাক লৈ টাউন ক্লাবৰ পৰা এপাক মাৰি আহেগৈ এতিয়াও। আপোনালোকৰ কোনোবাই হয়টো ৰাজক চিনি পাবও পাৰে ]
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/421561804562988/