Thursday 6 June 2013

বাগানিয়া জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি ( খণ্ড ১ ক )

বাগানিয়া জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি . . . ( খণ্ড )


... সুবাদত প্রায় দুই দশকৰ অন্তত নিজ মাতৄভাষাটো লেখিবলৈ পাই মই যথেষ্ট সুখি শেষ 'অসমীয়া' বোধকৰো পঢ়ি থকা দিনতে চিঠিত লেখিছিলো; তাৰ পিছত আৰু নাই বৄত্তিগত কাৰণত আৰু সময়ৰ অভাৱত কেৱ্ল পঢ়োহে, লেখা আৰু নহয়ছিলগৈ আন ভাষাত আমাৰ যিমানেই বুৎপত্তি নাথাকক কিয়, মনৰ আৰু হৃদয়ৰ কিছুমান ভাৱ-অনুভুতি কেৱ্ল নিজ মাতৄভাষাত লেখিহে কিজানি আমি প্রকাশ কৰিব পাৰো মনৰ মাজত খু-দুৱাই থকা কিছু মিঠা (কেতিয়াবা তিতাও !) স্মৃতি লেখিম বুলি বহুদিনৰ পৰাই ভাবি আছিলো; কিন্তু কিয় জানো অলপ ভয় ভাৱ আছিল, কিজানি মোৰ স্মৃতিবোৰ আনৰ বাবে সুখপাদ্য নহবও পাৰে বা অনাহকত কিবা কিবি পেঘেনীয়াই থাকি পাঠকক আমনিদায়্ক পঠন সামগ্রী যোগান ধৰিম নেকি ? কেতিয়াবা হয়তো কথাবোৰ লেখি যাওঁতে দীঘল হৈ আমনিদায়ক হৈ পৰিব; পাঠকবৃন্দই নিজ গুণে দায় দোষ মৰিষন কৰিব বুলি আশা কৰিলো . . .

এক :
-----

মৌখিকভাৱে চাকৰিটো হোৱা বুলি ' পাই ৯৪ চনৰ জুন মাহৰ এটা প্রচণ্ড গৰমৰ দিনত ডিব্রুগড়ৰ পৰা ডুমডুমালৈ (হাহঁচৰা) বুলি ওলালো হিন্দুস্থান লিভাৰৰ চাহ কোম্পানীত যোগদান কৰিবৰ উদ্দেশ্যে যোগদান কৰিব লাগে তেতিয়াৰ ব্রুকবণ্ড লিপ্টন ইণ্ডিয়া লি. মুখ্যকাৰ্য্যালয় হাহঁচৰা বাগিছাত মোক কোৱা হৈছিল যে মই লগত কেৱ্ল নিজা পিন্ধা কাপোৰ আৰু আন ব্যক্তিগত সামগ্রীৰ বাদে একো আনিব নালাগে; চাহ কোম্পানীৰ নিয়্ম অনুসৰি মোৰ বাবে সুসজ্জিত থকা খোৱাৰ বন্দব্যস্ত কৰা ' দিনৰ ঠিক ১০ মান বজাত বাচৰ পৰা নামিলো হাতত চুটকেচটো লৈ ৰাষ্ট্রীয় ঘাইপথৰ পৰা কাৰ্য্যালয়লৈ প্রায় ডেৰ কিমি মান বাট; বৰ গৰম একমাত্র ৰিক্সা এখন পাই উঠিলো ৰিক্সাৱালা জনে মই বাগিছাত যোগদান কৰিম বুলি অহা ' পাই 'লে, "বাবু, আজি তাত কিবা ডাঙৰ গণ্ডগোল হৈছে আপোনাক সোমাব নিদিব কিজানি " মই ভাবিলো, আৰে, মই চাকৰি কৰিবলে অহা মানুহটোক কোনে ৰখাব তেতিয়া বাগিছাৰ আনুসংগিক সমস্যা আদিৰ বিষয়ে একো তলা নলা নাপাওঁ

অলপ দুৰৈৰ পৰা দেখিলো গোটেই বাগিছাখনৰ দুৱাৰমুখৰ পৰা পুলিচ, মিলিটেৰি আৰু চি.আৰ.পি.এফ. লোকে ঘেৰি আছে লগতে প্রায় হাজাৰ মান বাগানৰ মজদুৰ মানুহ সকলোৰে মুখত এটা চেপা উত্তেজনা কাৰ্য্যালয়ৰ গেটত মোক আৰক্ষী বিষয়াজনে সোমোৱাত বাধা দিয়াত কলো মই ইয়াত নতুনকে চাকৰিত যোগদান কৰিব আহিছো তেওঁ মোলে পেন্দুৱাকৈ চাই 'লে 'আপুনি আহিবলৈ দিন আৰু নাপালে ' ভিতৰৰ পৰা মোক আহিবলৈ অনুমতি প্রদান কৰাত সোমাই গলো কি হৈছে একো তলা-নলা নাপাওঁ কাকো চিনিও নাপাওঁ যে কিবা সুধিম আৰু সকলোৰে মুখবোৰ ইমান গোমা হৈ আছিল যে সুধিবলৈ সাহসেই গোটাব নোৱাৰিলো এজনক সোধাত তেওঁ মোক IT কোঠালৈ লৈ গৈ মোৰ হবলগীয়া মুৰব্বী শ্রী জিতেন নাথ ডাঙৰীয়াক লগ পোৱালেগৈ ডেকা মানুহ, হাহিমুখীয়া; 'বছ' যেন নালাগে নামনি অসমৰ অতি দৰিদ্র পৰিয়ালৰ অতি মেধাৱী ছাত্র নাথ ডাঙৰীয়াই ৯০ চনতে প্রথমে পুনে অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্রনিক্স ইঞ্জীনিয়াৰিঙত স্নাত্ক হৈ পোৱাই আই.আই.টিৰ পৰা স্নাতকোত্তৰ ডিগ্রী আৰু MIT পৰা আৰ্টিফিচিয়্লে ইন্টেলিজেঞ্চত ডক্টৰেট ডিগ্রী লৈছিল তেখেতে আগতে আমট্র'নত চাকৰি কৰাৰ সময়ত মই লগ পাইছিলো আৰু সেয়ে মোৰ লগত আগতীয়া চিনাজানা আছিল আৰু এতিয়া ইয়াত মোৰ বিভাগীয় মুৰব্বী হিচাপে পাই আনন্দিত আৰু আচৰিত দুয়োটাই হৈছিলো আচৰিত হৈছিলো এনে এজন মেধাবী লোকে ইয়াত কি কৰিছে বুলি ভাবি

মোক পানী এগিলাচ খুৱাই নাথ দাই (মই দাদা বুলি সম্বোধন কৰিছিলো, যদিও কোম্পানী প্র'টকল মতে সেয়া নিষেধ আছিল) 'লে 'সুৰজিত বেয়া দিনত জইন কৰিলাহে অলপ গুৰুতৰ সমস্যা চলি আছে বাহিৰত ধৰ্মঘট আৰু অনিৰ্দিষ্ট কাললৈ ঘেৰাও কাৰ্য্যসুচি চলিছে আমি কোনেও ওলাই যাব নোৱাৰো 'মই কিবা অলপ বুজি পোৱাত তেওঁ 'লে 'আজি খোৱা বোৱাৰ সমস্যাও আছে খাবলৈ তোমাক বিস্কুত আৰু চাহ হে দিব পাৰিম ' তেতিয়াহে অনুভৱ কৰিলো মোৰ ভোক লাগিছে অলপ পিছতে চাহ বিস্কুত খাই ভোক নিবাৰন কৰিলো এনেদৰে আমি সেইদিনা নিশা প্রায় ১১ বজালৈ কাৰ্য্যালয়তে কটালো; মোৰ একো কাম নাছিল বৰ আমনিদায়ক সময় আছিল সেইখিনি মনে মনে ভাবিলো 'চেহ, ' আহি ফচিলো ! বাগানত চাকৰি কৰ, পা বাপ্পেকে মজাটো ' ... ৰাতি এজন সহকৰ্মীৰ লগত মোৰ থকাৰ ব্যৱস্থা '; মোৰ বাসগৃহ প্রয়োজন অনুসৰি প্রস্তুত নোহোৱাৰ বাবে মোক দুটা অপচন দিয়া হৈছিল; মই নিজে খোৱাৰ ব্যৱস্থা কৰিম, মানে খোৱা সামগ্রী নিজে কিনিম আৰু ৰান্ধনীয়ে ৰান্ধি খুৱাব আৰু আনটো ' মোৰ পৰা নুন্যতম কিবা এটা লৈ খোৱা সামগ্রী (যি মন যায়), ৰন্ধাবঢ়া, বাচন বৰ্তন কোম্পানীৰ ফালৰ পৰা দিয়া ' সেই সময়ত মই কোম্পানীৰ বিশেষ প্রজেক্ট এটাৰ বাবে পূৱা বজাৰ পৰা ৰাতি কেতিয়াবা ১০-১১ বজালৈ কাম কৰিব লাগিব বুলি জানিছিলো আৰু সেয়ে কোনো জঞ্জাল নোলোৱাৰ সিধান্ত কৰি পেলালো

লাহে লাহে বৃটিছে এৰিযোৱা এশবছৰীয়া পৰিস্থিত পৰিবেশৰ লগত খাপ খাই এজন পাক্কা 'লা 'চাহাব' হবলৈ আগবাঢ়িলো . . . যান্ত্রিক বিজুতি বা আন যি কাৰণতেই নহওক কিয় চাহ বাগিছাৰ মজদুৰৰ সপ্তাহিক দৰমহা সময়মতে কম্পিউটাৰত প্রস্তুত কৰি উলিয়াব নোৱাৰিলে যিকোনো বিষম পৰিস্থিতিৰ (মান মাৰ খাই মূৰ ফলা !!) সন্মুখিন 'বলৈ মানসিক ভাৱে প্রস্তুত 'বলৈও শিকিলো নাথ দা আৰু তেওঁৰ পৰিবাৰ পাপৰী নাথ (সেই সময়ৰ আকাশবাণীৰ নিয়্মীয়া গায়িকা) দুয়ো সুগায়্ক-গায়িকা আছিল আৰু আমাৰে সহকৰ্মী মানৱ সম্পদ বিকাশ বিভাগৰ জ্যেষ্ঠ পৰিচালক, ভাল তবলা বাদক শ্রীত্রিদিব গোস্বামী আৰু মই (গীটাৰত) প্রায়ে শনিবাৰে এঠাইত গানৰ মজলিচ বহাইছিলো ব্যক্তিগত কাৰণত ডেৰবছৰ মানৰ মুৰত এই প্র্তিস্থানটোৰ পৰা ইস্তফা দি আহিছিলো যদিও চাহ বাগানৰ প্রথমদিনাৰ অভিজ্ঞতা মোৰ বাবে সদায় স্মৰনীয় হৈ থাকিব

দুই :
----

এটা স্থায়ী জীৱিকাৰ তাড়নাত, অনাগত দিনত প্রেয়্সীৰ সৈতে নিজৰ সংসাৰ গঢ়াৰ সপোন লৈ আৰু এটা নিৰাপদ আয়ৰ প্র্য়োজনত আকৌ এবাৰ চাহবাগানলৈ বুলি চাকৰিৰ বাবে মানসিক প্র্স্তুতি আৰম্ভ কৰিলো কেৱ্ল নিজৰ অভিজ্ঞতাক মূলধন কৰি কোনো 'গদফাদাৰ' নোহোৱাকৈ আগৰ চাকৰি এৰি অহাৰ দুবছৰ পিছত এটা চাহ কোম্পানীত আকৌ এবাৰ সাক্ষাতকাৰ দিলো হাতত এপইন্টমেন্ট লেটাৰ খন লৈ চাকৰিত যোগদান কৰিবৰ বাবে ৯৭ চনৰ ভোগালী বিহুৰ পিছদিনা মাৰ্ঘেৰিটাৰ পৰা যোৰহাট অভিমুখে পৰিবহন নিগমৰ বাচত উঠিলো আবেলি .৩০/ বজাত যোৰহাটত নামিলো লগত নিয়া দুটা বেগৰ সৈতে পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা জানিছিলো যে নিজৰ বস্তুবাহানীৰ বাদে একো নিয়াৰ প্রয়োজন নাই মোৰ গন্তব্যস্থান আছিল টাটা টিৰ অধীনৰ কাকজান চাহ বাগিছা কেইবাজন টেক্সি চালকআৰু ' চালকক সুধিলো, সকলোৱে নাযাওঁ বুলি 'লে শেষত এজন বয়সীয়া টেক্সি চালক ৰাজি ' যাবলৈ যোৰহাটৰ পৰা ওভতনি যাত্রা কৰি ঢেকীয়াখোৱা নামঘৰ পোৱাৰ আগে আগে লাহদৈগড় তিনিআলিয়েদি সোঁহাতে সোমাই গলো গৈ আছো... বাটপথ ধুলিয়ৰি .. এতিয়াহে বুজিলো কিয় কোনো টেক্সি চালক আহিবলৈ ইচ্ছা নকৰে ৰাষ্টা বুলিবলৈ পথাৰৰ দৰে ওখোৰা মোখোৰা; প্রকাণ্ড প্রকাণ্ড গাত ১০ কিমি আহি আহি বাগিছাৰ পকা ৰাষ্টাত উঠিহে স্বস্তিৰ নিস্বাশ এৰিলো ঠিক আন্ধাৰ হোৱাৰ আগে আগে কাৰ্য্যালয় পালোহি আৰু যাৱতীয় কিছু কথা বুজি বাজি লৈ মোক মোৰ থকা ঠাইলৈ লৈ যোৱা '

মোৰ নিদিৰ্ষ্ট আৱাসস্থলী সম্পূৰ্ণভাৱে ব্যৱহাৰোপযোগী হৈ নুঠাত মোক অস্থায়ী ভাৱে এসপ্তাহৰ বাবে আন এজন সহকৰ্মীৰ লগত একেটা বাসভৱনৰ বেলেগ কোঠা এটাত থাকিবলৈ দিয়া ' দুটা শোৱাকোঠাৰ সেই বাসভৱনটোত আচলতে দুজন বৰলা (বেলেগ বিভাগৰ মোৰ সহকৰ্মী) থাকে পিছত গম পাইছিলো তাৰে এজন আছিল 'গাওঁবুঢ়া'; মানে বিয়া পতাৰ বয়স উকলি যাওঁ যাওঁ !! আৰু এজন অতি তীখ্ন বুদ্ধিৰ যুৱ্ক; মোৰ প্রায় সমবয়সীয়া পিছৰজন সেই সময়ত এমাহৰ চুটিত আছিল বাবে তেওঁৰ কোঠাতেই মোৰ এসপ্তাহৰ থকা ব্যৱস্থা হৈছিল যিকি নহওক, দিনটোৰ ভাগৰে হেচা মাৰি ধৰাত গা পা ধুই বাবুৰ্চিক (ৰান্ধনী) কলো মোৰ খোৱা সোনকালে দিবলৈ; কাৰণ পিছদিনা পূৱা বজাত অফিচ হাজিৰ ' লাগিব বাবুৰ্চিয়ে 'লে "চাহাবে আপোনাক তেখেত অহালৈ ৰবলৈ কৈছে খানাৰ কথা একো কোৱা নাই " ... চাহাব মানে আমাৰ 'গাওঁবুঢ়া', ' ঘৰৰ মালিকে কৈছে যেতিয়া উপায় নাই কিবা কিবি ভাবি থাকোতে কেতিয়ানো টোপনী গলো টলকিবই নোৱাৰিলো হঠাৎ চকিদাৰৰ মাতত খকা মকাকৈ সাৰ পাই দেখো আমাৰ 'চাহাবে' গাড়ীৰ হৰ্ন বজাই মোক মাতি আছে কি ' একো বুজি নাপাই ভেবা লাগি চাই থকাত তেওঁ 'লে, 'বহা বহা, এফালে যাওঁ পেন্টটো আৰু জোতাযোৰ ভৰাই আহা ' . . . টোপনীৰ জালতে কোনোমতে আহি তেওঁৰ বসন্তি ফিয়েট গাড়ীত বহিলো; কলৈ যাম বুলি সোধাত কলে 'যাও 'লা, অলপ কামোৰ দি আৰু খাই আহো ' ... অলপ গৈয়ে সোমলো এঘৰত; বাগিছাৰ জ্যেষ্ঠ চিকিৎসক গোস্বামীদেৱৰ ঘৰত

ড০ গোস্বামী আৰু পৰিবাৰ দুয়ো বেছ সৰবৰহি লোক পানিয়ৰ সৈতে মাছে মঙহে দকচি খাই নিশা মান বজাত শুবলৈ যো যা চলালো আমাৰ গাওঁবুঢ়াই বোলে মোৰ লগত হেনো অলপ লেকচাৰ মাৰে ... হে হৰি, মোৰ অৱস্থা নাই ভাগৰত; তাতে পিছদিনা পূৱাই বজাত অফিচ পাবগৈ লাগিব উপায় নাই; ভদ্রতাৰ খাতিৰত টোপনীয়াই টোপনীয়াই কথা চোবাব ধৰিলো; কেতিয়ানো চকু দুটা জাপ খাই আহিল ' নোৱাৰো হঠাৎ তিনিমান বজাত সাৰ পাই দেখো টিভিটো চলি আছে; সিখন বিচনাত মোৰ সহকৰ্মী গাওঁবুঢ়া লাল কাল টিভিটো অফ কৰি আকৌ শুবলৈ ধৰিলো আকৌ কিছু সময়ৰ পিছত সাৰ পাই দেখো যে টিভিটো চলি আছে আৰু গাওঁবুঢ়া এজইউজুৱেল লাল কাল কি ' তৎ ধৰিব নোৱাৰিলো টিভিটো কেনেকে চলে নিজে নিজে ? ভালকে কানেকচন বোৰ চাই আকৌ বন্ধ কৰি থলো ৪৫ মিনিট মানৰ পিছত আকোয সেই একেই অৱস্থা; ইতিমধ্যে ৰাতিপূৱাইছে শুৱাৰ চিন্তা বাদ দি নতুন চাকৰিৰ প্রথম দিনাৰ বাবে সাজু 'বলৈ ধৰিলো দিনটো ব্যস্ত হৈ থাকি গধূলী পৰত ঘৰলৈ আহি দেখো মোৰ সহকৰ্মী এতিয়াও আহি পোৱা নাই বেয়েৰাৰ পৰা গম পালো চাহাব মানে গাওঁবুঢ়া চাৰ দহমান বজাত আহে মই হিচাপ কৰি তিনিঘন্টামান এই চেগতে শুই লওঁ বুলি বিচনাত পৰিলো ৰাতি ভাত খাওঁতে আগনিশাৰ টিভিৰ ঘটনাটোৰ বিষয়ে তেওঁক সোধাত তেওঁ কলে "' তুমি তাৰমানে টিভি টো অফ কৰি দিছিলা বাৰে বাৰে " মই বোলো "হয়, কিন্তু সেইটো বাৰে বাৰে কেনেকৈ ' হৈ যায় ?" উৰহি গছৰ ওৰটো তেতিয়া পালো যেতিয়া মই শুনিলো "এহ, টিভিটো চলি নাথাকিলে মোৰ টোপনী নাহে " তাৰমানে তেখেতেই বাৰে বাৰে টিভিটো চলাই দিয়ে আৰু মই বন্ধ কৰি দিওঁ !!! মোৰ কমল হাসনৰ পুস্পক নামৰ চিনেমাখনলৈ হঠাৎ মনত পৰি ' ... তাৰ মানে এইবোৰ সত্যঘটনা, চৰিত্রৰ আলমত হয় এনেদৰে পাচঁ নিশা মান 'অত্যাচাৰ' সহ্য কৰাৰ পিছত যেনেতেনে বাগিছাৰ জ্যেষ্ঠ পৰিচালকক কৈ মই মোৰ নিজা বাসস্থানলৈ গুছি আহিলো মোৰ জীৱনৰ 'এইচা ভি 'তা হ্যেই' টাইপৰ অভিজ্ঞতাৰ এইটো অন্যতম . . .

## সুৰজিত নেওগ ## ২৮ ফেব্রুৱাৰী ২০১৩

No comments:

Post a Comment