Thursday 6 June 2013

শনি আৰু দেওবৰীয়া টাইমপাচ



লঘু ৰচনা - কিছু বিক্ষিপ্ত চিন্তা, কিছু বিক্ষিপ্ত কথা আৰু কামেৰে শনি আৰু দেওবৰীয়া টাইমপাচ

 
আমাৰ দৰে ব্যক্তিগত খণ্ডৰ চাকৰিয়াল সকলৰ বাবে সপ্তাহৰ অন্তত শনিবাৰ আৰু দেওবাৰবোৰৰ আকৰ্ষন তথা প্ৰয়োজন অপৰিসীম। আকৰ্ষন এইবাবেই যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পুৱা চাৰে আঠ বজাৰপৰা ৰাতি চাৰে আঠ বা বজালৈকে গেবাৰি (মানে গৰু খাটন বা তাধ খাটন !!) খটাৰ পিছত নিত্যনৈমিত্তিক কামখিনি বা দৈনিক অপৰিহায্য কামখিনিৰ বাদে দিনটোৰ শেষত আন কিবা গঠনমুলক কাম কৰিবলৈ শক্তি, ইচ্ছা বা ধৰ্য্য একোৱেই নাথাকেগৈ। কেৱ্ল শৰীৰটো চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা খাদ্য

গ্ৰহনৰ বাদে মানষিক পুষ্টিৰ বাবে কিতাপ এখন পঢ়া, নিজৰ প্ৰিয় গীতটো শুনা বা নিজে ভাল পোৱা বাদ্যযন্ত্ৰটো টুং-টুঙোৱা, টিভিত ভাল কিবা এটা অনুস্থান বা বোলছবি এখন চোৱাৰ আনকি নিকতাত্মীয় কাৰোবাৰ লগত দুৰভাষতে হওক, কথা এষাৰ পতাৰ বাবেও যেন সময়ৰ টনাটনি। নিজ পুত্ৰ-পৰিবাৰৰ লগতো কেইষাৰমান কথা (তাকো অতি প্ৰয়োজনীয়!!) ৰাতি শোৱাপাটিতহে হয়। সততে শুনি অহা 'সময়ৰ সদব্যৱহাৰ' ওপৰত এতিয়ালৈকে 'অৰ্জা' সকলো জ্ঞান, প্ৰায় নিয়্মীয়াকৈ (বছৰত এবাৰকে হলেও) উপস্থিত থকা 'টাইম মেনেজমেন্টৰ' ওপৰত বিভিন্ন অনুস্থান, বিজ্ঞজনৰ এইবিষয়ত দিয়া ভাষন ইত্যাদিবোৰ সপ্তাহৰ এই পাচোটি দিনত অসাৰ যেন ভাৱ হয়... আৰু এই পাচোটি দিনৰ শৃংখলৰপৰা ওলাই আহিবলৈ উদগ্ৰীৱ হৈ থকা মনটো বা শৰীৰটোৰ বাবে সেয়ে সপ্তাহান্তিকৰ এই দুটাদিন যেন জীৱনৰ আটাইতকৈ অমূল্য সময়বোৰ অন্যতম।

কিমান যে কাম? বাৰিষাৰ আগমনৰ লগে লগে ঘৰৰ বাৰীখনত চাৰিওফালে ঘাহ-বন এডাল এডাল কৈ হৈ আগুৰি ধৰিছে। চিকুনাব লাগে; এওঁক কলো, এই শনিবাৰে তোমাৰ লগত এইবোৰ চাফা কৰিম। গেৰেজটোৰ ওপৰত মকৰাজালে আগুৰি ধৰিছে। এওঁ ঢুকি নোপোৱা, ঘৰটোৰ ওপৰৰ ফালে অলপ অলপ মকৰাজাল হৈছে, সেইবোৰ আতঁৰাব লাগে। এই শনিবাৰে কৰিম। ফুলৰ টাবথোৱা দীঘল লোহাৰ ৰেইলিংখন অলপ অলপ মামৰে ধৰিছে; বৰষুন ভালকে অহাৰ আগেয়ে 'লা ৰংটো দি দিব লাগিব। ৰঙৰ টেমা আৰু ব্ৰাছ দুডালমানো আনি থোৱা আছে। ৰং দিলেই 'ল।  এই শনিবাৰ আৰু দেওবাৰে ৰং মাৰিমেই। ঘৰৰ সন্মুখৰ কেচা বাটডোখৰ এইকিদিন বৰষুনত একেবাৰে পথাৰৰ ঘেলঘেলীয়া বোকা হোৱা দৰে হৈছে। প্ৰ্তিবেশী শৰ্মা, দাস, দেৱদা, বলেনহতঁৰ লগত আলোচনা কৰি জামমাটি বা আন তেনে কিবা পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। গাইপতি পাচঁশ মানকে উঠালে হৈ যাব লাগে; অফিচতে বহি মনে মনে হিচাপ এটা কৰিলো। নাই, এনেকৈ আৰু সেই লেতেৰা বাটটোৰে নোৱাৰি দেই; এই শনিবাৰে আলোচনা কৰি দেওবাৰে বাটটো ঠিক কৰিবই লাগিব। গাড়ীখনৰ তলৰফালটো চাব নোৱাৰা হৈছে; জি,এচ ৰোডৰ ফিন ফিনিয়া ৰাস্তাৰ ওপৰত মানুহবোৰে যেন মোৰ বোকাৰে পোতখোৱা গাড়ীখনলৈ চাই ফিচিঙা-ফিচিং কৰি কয় 'এহ, গাড়ী চলাই হে, চফাযে কৰিব লাগে তাকো নিশিকিলে!' .. নাই নাই, এই শনিবাৰে শুই উঠি চাহ খাই প্ৰথম কাম গাড়ী ধুম। কিমান যে কাম? মনে মনে হিচাপ কৰি চাওঁ, এই দুটা দিনত 'বগৈ নে বাৰু? ' ', কিয় নহ'? কিনো ডাঙৰ কথা, সময়ৰ সদব্যৱহাৰ কৰিম আক' টাইম মেনেজমেন্ট.. বছ। ইমান দিনৰ কাগজে-পত্ৰই শিকা কথাখিনি এইবাৰ ব্যৱহাৰিক দিশত সুপ্ৰয়োগ কৰাৰ সময় সমাগত। মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাবে অপেক্ষা।

অলেখ কিবা কিবি কৰাৰ আশাৰে এটা ফৰকাল মন লৈ শুক্ৰবাৰে নিশা বিচনাত পৰিলো। চিৰাচৰিত অভ্যাশৰ তাগিদাত শনিবাৰেও পুৱা ঠিক ছয বজাত সাৰ পালো। ইকাটি সিকাটি কৰি থাকোতে থাকোতে সাত বাজিবৰ 'ল। বিচনাত মই আৰু 'ৰাটো; এওঁ উঠি 'লেই ইতিমধ্যে। কুকুৰ মেকুৰি কিটাৰ বিননি, ভোক লাগিছে; আমি খাওঁ নাখাওঁ, সিহঁতকটো সময়মতে দিবই লাগিব। লেলাই ধেণ্ডাই উঠি, মুখ-হাত ধুই তলৰ খোৱা মেজ পাওঁগৈ মানে চাৰে আঠ বাজিলেই। আহ, আক' সেই একে সময়। সদায় খোৱাৰ সময়। আজি কিবা অফিচ আছে নেকি? অলপ দেৰিকৈ চাহ জলপান খাম; এওঁক কলো। 'আমাৰ অসম' খন মেলি ললো, প্ৰথম পৃষ্ঠাত পঢ়িবলগীয়া একো খবৰ নায়েই। ট্ৰিবিউন খন ইতিমধ্যে 'ৰাটোৱে কব্জা কৰিছেই। চাহ খাই থাকোতে আক' এবাৰ নিজকে নিজে সোৱঁৰাই ললো; আজিৰ কামৰ বিষয়ে। জলপান খাই উঠি টিভিটো লগালো নমান বজাত; আজিৰ ব্ৰেকিং নিউজ কিটা চাই লওঁ বুলি। মনৰ মতন (মানে গা ৰম ৰমাই যোৱা !) ব্ৰেকিং নিউজ নায়েই। গোটেই কিটা চেনেল লিৰিকি বিদাৰি চালো; নাই কতো তেনে কোনো ভাগি চিগি যোৱা খবৰ নাই। এইবাৰ পকালো ৰাষ্ট্ৰীয় ( তথাকথিত !) চেনেল কিটাত। আন খবৰ নাথাকিলেও, অন্তত দেশৰ বিভিন্ন প্ৰান্তত এটা হলেও ধৰ্ষন আৰু নৃশংস হত্যাৰ বাতৰি থাকেই...!!

ক্ৰিং ক্ৰিং ক্ৰিং... 'হেৰা, তোমাৰ ফন হে... হুঁ লোৱা' বুলি পৰিবাৰলৈ তেওঁৰ মোবাইলটো আগবঢ়াই দিলো। এওঁ লগে লগেই চিঞৰি উঠিল; "এহ মোৰ দুয়োখন হাত লেতেৰা, কঠালৰ আঠা লাগি আছে। তুমিয়েই ধৰাছোন।" মই 'নটো ধৰাত সিফালৰ পৰা কলে, মই ৰক্তিমৰ মাকক বিচাৰিছিলো। মই বোলো "মোক ' পাৰে যদি কওকছোন, এওঁ এতিয়া ' ধৰিব পৰা অৱস্থাত নাই। মই স্পীকাৰ 'ডত দি দিছো আপুনি কথা পাতক।" বুলি 'নটো এওঁৰ ওচৰত ধৰিলো।  কথাবতৰাৰ সাৰাংশখিনি ' -- 'ৰাটোৰ স্কুলৰ আগন্তুক বসন্ত উৎসৱত সি দুটা আধুনিক গীতত, এটা বিহুত তবলা বজাব আৰু এটা মিচিং বিহু নৃত্যত নাচিব। গতিকে প্ৰেক্টিচৰ বাবে তাক বিদ্যালয়লৈ লৈ যাব লাগে আজি...!! যি আজ্ঞা বুলি ওলালো 'ৰাটোক লৈ। ঘুৰি আহি পাওঁ মানে দুপৰীয়া ভাত পানী খাই এওঁলোকৰ আৰোহনলৈ যাবৰ হলেই। ময়ো কিনো কৰিম বুলি বিচনাখনতে বাগৰ এটা দিলো। আজিৰ কামখিনি আবেলিকে কৰিম। হঠাৎ ক্ৰিং ক্ৰিং ক্ৰিং... ধৰমৰাই উঠি 'নটো ধৰিলো .. 'কি কৰিছা?" এওঁ সিফালৰ পৰা মাত লগালে। "এহ, শুই আছিলো হে! ইমান দেৰি ' গমকে নাপালো।" ... এওঁ ধমকিৰ সুৰত 'লে "আও, ইমান মেৰাই মেৰাই শুব লাগে নে? শুনা, বৰষুণ দিব, কাপোৰ কিটা আৰু আচাৰ খিনি ভৰাই দিয়া। সোনকালে। আৰু শুনা, ইহঁতকিটাক (মানে আমাৰ চাৰিঠেঙিয়া কিটা) খোৱা দি বাহিৰত অলপ উলিয়াই দিবা, প্ৰ্স্বাব পাইখানা কৰি লবলে। আমাৰ অলপ দেৰি ', থ্ৰেডিং কৰিম আৰু মাইনাৰ পেইন্টিঙৰ বস্তু কিনিব লাগিব।"  মই বুলি শলাগি 'নটো থৈ বাহিৰলৈ চাওঁতে দেখো আন্ধাৰেই 'ল। হঠাৎ মনত পৰিল আজি ৰাতি ক্লাবো আছে, মনটো ভাল লাগি 'ল।

এওঁ সোৱঁৰাই দিয়ামতে কামখিন কৰি উঠো মানে মাক-পুতেক আহি পালে। চাহ একাপ কৰি আবেলিৰ (গধুলীৰ) জলপান আমি তিনিওটাই খাই উঠি দেখো চাৰে সাত বাজো বাজো। কলা ডাড়ি বিচাৰি নোপোৱা মুখখন অলপ চিকুনাই লওঁ বুলি বাথৰুমত সোমালো। ৰাতি বাৰ মান বজাত শুবলে লৈ মনত পৰিল, আজি দেখোন ৰুটিন মতে একো কামেই নহ'ল। ', অহা কালি আৰু এদিন আছে হাতত... একেদিনাই অলপ কষ্ট  ', একো নাই। মাজত এওঁ মাত লগালে "কালি ' দিলে ইহঁতকিটাক (চাৰিঠেঙিয়া কিটা) গা ধুৱাব লাগিব; দুসপ্তাহেই ' গা নোধোৱা সিহঁতক।" মই ' বুলি শলাগি শুবলৈ যো যা কৰিলো।

ছ্য়বজাত টোপনী ভাঙিল। আজি আৰু লিং লাং নকৰো বুলি তুৰন্তে উঠি দেখো বাহিৰত ধাৰাষাৰ বৰষু্ণ। ভালেই ', কাম এটা কমিল বুলি গাড়ীখন গেৰেজৰ পৰা উলিয়াই বাহিৰত দিলো; বৰুণ দেৱতাৰ কৃপাত ফ্ৰি চাৰ্ভিচিং। "হেৰা, শুনাছোন, এই মকৰাজাল এৰোওৱা লাঠিডাল ' হে?" বুলি সুধিছোহে, এওঁ মাত লগালে "আহা চাহ খাই লোৱাহি।" চাহ জলপানখাই উঠি  "এই বৰষুণত আজি আৰু ' কুকুৰ মেকুৰী গা ধুৱাবা হে" বুলি পৰিবাৰক কম বুলি ভাবোতেই দেখো 'দটো টিক টিকাই ওলাই আহিছে। ' ', চব কৰিম আজি.... ঘাহঁ-বন চিকুনাম, ৰং মাৰিম, মকৰাজাল এৰুৱাম, ঘৰৰ সন্মুখৰ বাট ঠিক কৰিম, কুকুৰ মেকুৰী গা ধুৱাম, টিভি চাম, পৰিবাৰৰ লগত কথা পাতিম... সদ্যহতে বাতৰি কাকতখন চাই লওঁ বুলি আৰামেৰে বহিছোহে, 'ৰাটোৱে মাত লগালে "দেউতা, তোমাক কালি 'বলৈ পাহৰিলো; আজি আকৌ প্ৰেকটিচ আছে নহয়.." কি বুলি থৰ লাগিলো... মানে পুনৰ যোৱাকালিৰ ৰুটিনৰ পুনৰাবৃত্তি..!! চেহ.. উপায় নাই।

আবেলি এওঁলোক যোৱাৰ পিছত টিভিটো মেলি বহিলো . . . ৰাষ্ট্ৰীয় চেনেল কিটাত গৰমা গৰমী... আমাৰ শ্ৰেষ্ঠ অসমীয়া অৰ্ণবে দেখো একদম ফালি দিছে... ৰেলমন্ত্ৰীৰ ভাগিনীয়েকে কোটি টকা ঘোচ লৈ চিবিআইৰ হাতত ধৰা পৰিল। ইতিমধ্যে চাকৰি কৰি সোঁৱে বাঁৱে টকা ঘটা এজনক আৰু বেছি টকা খোৱাৰ সুবিধা থকা পদোন্নতিৰ বিনিময়ত কোটিৰ টকাৰ উৎকোচ!! হিচাপ কৰিলো, এক কোটি, মানে এশ লাখ টকা... ওৱা, ইমান টকাৰ ঘোচ দিয়েনে? আমাৰ ইয়াত দৰমহা নোপোৱা মাষ্টৰ চাকৰিৰ পৰা অসম লোক সেৱা আয়োগলৈ ৫০ হাজাৰৰ পৰা লাখ বা অতি বেছি ২০ লাখ... হেৰৌ তোৰ যদি দুই কোটি টকাই আছেই চাকৰি কৰ কিয়? মজা পালি এতিয়া? ... চেনেল পকাই গৈছো... হঠাৎ আমাৰ লকেল ব্ৰেকিং নিউজ এটাত চকু পৰিল .... তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহু সমিতিৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ বিহু কমিতিৰ ফালৰ পৰা দান দক্ষিণাৰ পৰিমান ফিক্সড কৰা হৈছে। শ্ৰীপুৰীয়া অঞ্চলৰ প্ৰ্তি ঘৰৰ পৰা নুন্যতম এহাজাৰৰ পৰা দুহাজাৰ, প্ৰ্তিখন পাণ-তামোলৰ দোকান, সৰু সুৰা চাহ দোকান, ঠেলাৱালা, ৰিক্সাৱালা, কুহিয়াৰৱালাৰ পৰা এহাজাৰ টকা, দৰবৰ দোকানৰ পৰা দুহাজাৰ, কাপোৰ, হাৰ্ডৱেৰ বা তেনেজাতীয় দোকানৰ পৰা দুইৰ পৰা দহহাজাৰ, ব্যৱসায়িৰ পৰা বিছ হাজাৰ টকাৰ নুন্যতম চান্দা ধাৰ্য্য কৰা হৈছে....!! বাহ..!! এয়া হে খাটি অসমীয়া বিহু... তিনিচুকীয়াৰ স্থানীয় চেনেল এটাৰ লগত জড়িত মোৰ পৰিবাৰৰ বায়েকলৈ ' লগালো কথাটো কনফাৰ্ম কৰিবলে। হয়, তেওঁ 'লে। তেওঁলোকৰ চেনেলৰ মালিকৰ পৰাও হেনো ৫০ হাজাৰ টকা বিচাৰিছে... ভাল লাগিল শুনি !! অসমীয়াৰ বাপতি সাহোন বিহুটো যদি তুমি দকা হকা দাবী ধমকী দি চান্দা তুলি নাপাতিলাই তেন্তে কি অসমীয়া হে?? অসমীয়া বিহু জীয়াই থাকিব কেনেকে?? হুহঁ ...!! তাৰোপৰি বিহুৰ নামত ইমান খটাৰ পিছত যদি নিজলৈ দুপইছা নাথাকে সেইয়া কেনেকৈ '...?? যিকি নহওক, বাতৰি আৰু নাচাওঁ বুলি ভাল একচন মুভি এখনকে লগাই বহি গলো...!!

ইতিমধ্যে এওঁলোক আহি পাইছে... আহিয়েই এওঁ কলে.. "আজি 'কলা কে খাম দেই ... লগত '' .. "  .. শনিবাৰ, দেওবাৰৰ গধুলিৰ চাহ কাপ বনোৱাটো মোৰ কাম... খাই বৈ উঠি এওঁক কলো.. "বলা অলপ ওপৰৰ বাৰান্ডাত বহোগৈ; কথা পাতিম।" ... এওঁ খেং খেঙাই উঠিল "কি যে কোৱা? এতিয়া মই তোমাৰ লগত পেন পেনাই থাকিলে ' নেকি? ভাত পানী কোনে ৰান্ধিব? কালিলৈ দেওবাৰ নহয়। 'ৰাৰ স্কুল, তোমাৰ অফিচ নাই নেকি? সোনকালে খাই বৈ উঠি নুশুলে ৰাতিপুৱা কেনেকৈ উঠিম..?" মই লাহেকৈ নেগুৰডাল পেলাই আতৰি যোৱা মেকুৰীৰ দৰে চুচুক চামাককে আহি অকলেই বাৰান্ডাত বহি চিগাৰেট এটা জ্বলাই বহিলোহি .... ভাবিলো, নাহ, এতিয়া মোৰ কিছু নিজস্ব ভাৱে সময় কটোৱা খুবেই প্ৰয়োজন...  তললৈ নামি আহি কাটগ্লাচৰ চেটটোৰ পৰা মোৰ প্ৰিয় গ্লাচটো লৈ ফ্ৰিজটো খুলি বৰফ কেইটুকুৰা মান উলিয়াই লওঁতেই এওঁ মাত লগালে .."যোৱা, মই চিকেন কেইটুকুৰা মান ফ্ৰাই কৰি লৈ গৈ আছো"... মনটো ফৰকাল লাগি '.... এম্পলি স্পীকাৰ বক্সটোত গীটাৰখন লগাই লৈ টুং টুঙাইছো.. "যদি কাহানিবা সুৰবোৰ শেষ হয়, নাও মেলোতেই ভাৱ সাগৰত...." ... '..বাকীখিনি কাম অহা শনিবাৰে আৰু দেওবাৰে কৰিম ...কৰিমেই এইবাৰ..!!!

# সুৰজিত নেওগ --- মে' ২০১৩, সোমবাৰ, আবেলি .৩৫ বজা

No comments:

Post a Comment