Monday, 22 July 2013

চৰকাৰী বৃক্ষৰোপন আচনিৰ দ্বাৰা কাৰ কি লাভ হয়?

পৰিবেশ দিৱস, বৃক্ষৰোপন, এখন ব্যতিক্ৰমি বিদ্যালয়ৰ পৰিবেশ সচেতনতা আৰু আমাৰ উদাসীনতা ...


যোৱা নিশা শুৱাপাটিত ল'ৰাটোৱে ময়ে বিশ্ব পৰিবেশ দিৱস আৰু এইবাৰৰ থিমটোৰ বিষয়ে কথা পাতি আছো। নানান কথা; তাৰ অনুসন্ধিৎসু মনটোৰ বিভিন্ন প্ৰ্শ্নবোৰৰ যথাযথ উত্তৰ দিবলৈ মোৰ জ্ঞান বুদ্ধিৰে চেষ্টা চলাই আছো। মাজতে তাৰ বিদ্যালয়খনৰ কথা ওলাল। তাহাঁতৰ লখৰাৰ বিদ্যালয় চৌহদটো কতৃপক্ষই বিভিন্ন গছ-গছনিৰে কেনেকৈ সজাই পৰাই তুলিছে সেই বিষয়ে খুব উৎসাহেৰে সি কৈ গ'ল।

বিদ্যালয়খনৰ অধ্যক্ষা আৰু তেখেতৰ স্বামীৰ ব্যক্তিগত প্ৰচেষ্টাত গোটেই চৌহদটো কি দৰে ফলে ফুলে জাতিস্কাৰ হৈ উঠিছে তাৰ আভাষ এটা তাৰ কথাৰ পৰাই পালো। এখন ফুটবল খেলপথাৰ, ল'ন গ্ৰাচৰ এখন সুবৃহৎ পথাৰ, এটা বৃহ্ৎ চুইমিং পুল, এখন বাস্কেট বলৰ কৰ্ট, চাৰিখন বেডমিন্টনৰ কৰ্ট, এখন টেনিচ কৰ্টেৰে সমৃদ্ধ তাহাঁতৰ চৌহদটো সচায় মনোমোহা। লগতে আছে শাৰী শাৰীকৈ ৰোৱা বিভিন্ন ফল, ফুলৰ গছ-লতিকাবোৰ। এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হোৱা স্বত্বেও তাহাঁতক অসমীয়া আৰু ভাৰতীয় সংস্কৃতিৰ বিষয়ে এক আভাষ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষ সততে তৎপৰ হোৱা দেখা যায়। এই বিদ্যালয়খনৰ নিজা ছাত্ৰ ছাত্ৰীৰে গঠিত এটা বিহু হুচৰিৰ দল আছে। মই জনাত গুৱাহাটিৰ এইখনেই একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় য'ত বহাগ বিহু উৎসৱ দুদিনীয়াকৈ উৎযাপন কৰা হয়। মাঘ বিহুত মেজি কেনেকৈ আৰু কিয় জ্বলোৱা হয় তাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক হাতে কামে বুজাই দিয়া হয়; লগতে আজিৰ ল'ৰা-ছোৱালীয়ে সাধাৰণতে বেয়া পোৱা দৈ, চিৰা, পিঠা, জলপান আদি সিহঁতক খুৱাই আমাৰ বাপতি সাহোন বিহুৰ মুটামুটা এক বিশ্লেষন কৰা হয়। কাতি বিহুত তুলসীৰ তলত চাকি কিয় জ্বলাব লাগে তাকো শিকোৱা হয়। তেনেকৈ দীপাৱলী সচেতন আৰু সাৱধানেৰে কেনেকৈ উৎযাপন কৰিব লাগে তাৰো শিক্ষা দিয়া হয়। লগতে ফাকুৱা খেলৰ আনন্দও তাহাতক দিয়া হয়। খ্ৰীষ্টমাচ বা ঈদ কি আৰু কিয় পালন কৰা হয় সেই বিষয়েও এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক এক সম্যক জ্ঞান দিয়া হয়। আৰূ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইযে এনে সকলোবোৰ কাম বিদ্যালয়খনে নিজ খৰচত কৰে আৰু অভিভাৱকৰ ওপৰত কোনো ধৰণৰ হেঁচা (অৰ্থনৈতিক বা আন) প্ৰয়োগ কৰা নহয়।

মই আচলতে বেলেগ এটা কথা ক'বলৈহে এই প'ষ্টটো লেখিছিলো। এই বিদ্যালয়খনৰ এনে ধৰনৰ সকলো সৎ প্ৰচেষ্টাৰ ভিতৰত অন্যতম হ'ল আমাৰ উঠি অহা নৱপ্ৰজন্মক পৰিবেশ, সেউজী ধৰা, গছ-গছনিৰ প্ৰ্য়োজনীয়তা সম্পৰ্কে দিয়া ব্যৱহাৰিক জ্ঞান। পানী সংৰক্ষণৰ বিষয়ে সকলোকে কঠোৰ ভাৱে শিকোৱা হয়। সৰু ল'ৰা-ছোৱালীহঁতৰ কুমলীয়া মনত এইবোৰে কেনেধৰণে ক্ৰিয়া কৰে তাক আমি কৈ বুজাব নোৱাৰো। দুটা উদাহৰণ দিওঁ; যোৱা দেওবাৰে আমাৰ ঘৰৰ কৃ্ষ্ণচুড়াজোপা ডাঙৰ হৈ আন কেইজোপামান গছ হেচাঁ মাৰি ধৰাৰ উপক্ৰম হোৱাত দুটামান ডাল কাটিবলৈ লওঁতেই আমাৰ ল'ৰাটোৱে চিঞৰি উঠিল "দেউতা, গছডাল কিয় কাটিছা? গছ আমি ৰুবহে লাগে, তুমি কিয় কাটিছা?" .. কি ক'ম..। গা-ধোৱা ঘৰৰ টেপ এটা লিক হৈ পানী নিগৰি নিগৰি গৈ আছিল; মই মনে মনে আজি কৰিম কালি কৰিম বুলি ভাবি থাকোতেই এদিন সি (আমাৰ ল'ৰাটোৱ) বৰ চিন্তিত ভাৱে মোক ক'লে "দেউতা, আমাৰ বাথৰুমটোৰ টেপটোৱেদি কিমান পানি ৱেষ্ট হৈ আছে.. সেইটো ঠিক কৰি ল'ব লাগে নহয়।" ... মই নিশ্চিত, এনে ধৰণৰ কথা কেৱ্ল মোৰ ল'ৰাটোৱেই নহয়; তাৰ সমনীয়া বা তাৰ বিদ্যালয়ত পঢ়া প্ৰতিটো শিশুৱেই তাৰ মাক-দেউতাক বা আনক ক'ব। আৰু এয়াই সচেতনতা। কল্পনা কৰকছোন, আমাৰ প্ৰ্তিখন বিদ্যালয়েই যদি এনেকৈ শিক্ষা (মই নাজানো, আন কোনোবাই কৰে নে নকৰে) দিলেহেতেন, তেন্তে হাজাৰ কোটি টকা খৰচ কৰি 'বিশ্ব পৰিবেশ দিৱস' পাতি বেলেগকে বুজাব নালাগিলেহেতেন। আমাৰ অসমখনক প্ৰকৃতিয়ে কোনো কৃপনালী নকৰাকৈ বহু কিবা কিবি দিছে; তাৰ অৰ্থ এইটো নহয় যে আমি তাক ধ্বংস কৰি থাকিম। আমাৰ ইয়াত গছ -গছনি, অৰণ্যৰ আধিক্যৰ বাবে আমি যধে মধে এই বোৰ কাটি তহিলং কৰিম সেইটো কেনে উদ্ভৎ চিন্তা। আমাৰ দেশৰ বাকী অংশত আমাৰ দৰে সেউজীয়া নাই বুলি আমিও সিহঁতৰ দৰে নঙঠা হৈ থাকিম বুলি যদি কোনোলোকে যুক্তি দৰ্শায় তেন্তে সেয়া এক স্থুল বুদ্ধিৰ পৰিচায়কৰ বাদে একো নহয়। এক ৰুগ্ন মগজুৰ অনুৰ্বৰ ফচল।

অসমৰ দৰে এখন ঠাইত বিশেষকে গুৱাহাটীত হোৱা খোৱা পানীৰ সমস্যাৰ সমাধান কি? কোনেও ক'ব নোৱাৰে। ব্ৰ্হ্মপুত্ৰ কাষেৰেই বৈ গৈছে, অথচ খোৱা পানী এটুপি নাই। পৰিবেশ সম্পৰ্কত আমাৰ চৰম উদাসিনতা আৰু অসচেতনতাই ইয়াৰ কাৰক নহয়নে? আমি বা আমাৰ অগ্ৰজসকলে যি ভুল কৰিলে তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে উঠি অহা নৱপ্ৰজন্মক উপযুক্ত শিক্ষা দিয়াতো আমাৰ কৰ্তব্য; নহলে ভবিষ্যতে এওঁলোকে আমাকে জগৰীয়া নকৰিব নে? আমি এনে এক প্ৰাকৃতিক পৰিবেশত বাস কৰো য'ত গছপুলি এটা গোঁজ মাৰি দিলেই লাহে লাহে এজোপা ডাঙৰ গছলৈ ৰুপান্তৰিত হয়, কিন্তু অতি দুখেৰে লক্ষ্য কৰো যে আমাৰ বৰ্তমান থকা ঠাই গুৱাহাটী চহৰখনতেই অতি কমসংখ্যক গছ-গছনি আছে আন আন তেনে সমপৰ্য্যায়ৰ নগৰ চহৰৰ তুলনাত। আকাশীজানেৰে গ'লে কলিকতা, দিল্লী, মুম্বাই বা বাংগালুৰু চহৰৰ সেউজীয়া আৱৰণখন দেখিলে আমাৰ মনত গুৱাহাটীখনৰ কথা ভাবি এক ধিক্কাৰ ভাৱৰ জন্ম হয়। যিকোনো শিক্ষাৰ আদিপাঠ যিহেতুকে ঘৰতেই আৰম্ভ হয়, গতিকে এনে অমূল্য শিক্ষা আমি আমাৰ ল'ৰা-ছোৱালীহঁতক ঘৰতেই দিওঁ আহক।

আমি এইদৰে কথা পাতি থাকোতে ল'ৰাটোৱে ক'লে 'দেউতা, ইন্টাৰেষ্টিং কথা এটা শুনা; আমাৰ লগৰ যে নেহা, তাইক মাক-দেউতাকে আমাৰ স্কুলৰ পৰা লৈ যাব হেনো। যোৱা সোমবাৰে তাই নতুনকে এডমিশ্বন ল'ব লগীয়া স্কুলখনলৈ মাক-দেউতাকৰ লগত গ'ল। কিন্তু তাইৰ বোলে ইমান বেয়া লাগিল যে তাই তাত নপঢ়ে।" মই কিয় বোলা সোধাত সি ক'লে "তাই মোক আজি ক'লে, 'ধেৎ, তাত পঢ়ে নেকি? অকনমানো ঘাহঁ নাই; গেটৰ পৰা গোটেইখন পকা। পকা ফিল্ডত কেনেকে খেলিম? ডাঙৰ হলেও আমাৰ ইয়াৰ নিচিনা ইমান ধুনীয়া নহয়; এডাল গছো নাই'।" কথাটো মন কৰিছেনে? আজিৰ ল'ৰা-ছোৱালী কংক্ৰিটৰ জংঘলৰ মাজত জন্ম-ডাঙৰ দীঘল হলেও মনে প্ৰাণে কিন্তু অলপ সেউজীয়া বিচাৰে। তাঁহাতিও বিচাৰে গছ-গছনিৰে ভৰা এখন মনোমোহা খেলা ঠাই। আমি যে অকনমান শান্তি বিচাৰি মাজে মাজে শ্বিলঙলে যাওঁ, তাত আমি আচলতে কি বিচাৰি যাওঁ? সেউজী দলিচা যেন লগা লানি লগা পাহাৰবোৰ চাই চাই আমি আপোন পাহৰা হৈ নপৰো নে?

কেইবছৰমান আগতে কোনো মতে ধাৰ ঋণ কৰি, বেংকৰ ল'ন লৈ গুৱাহাটীৰ উপকন্থ অঞ্চলত এচিকত মাটি কিনি সৰু পঁজা এটা সাজিলো। পৰিবাৰৰ অক্লান্ত পৰিশ্ৰমত চৌহদটোও ক্ৰমে কেইবাজোপা গছ-লতিকাৰে জাতিস্কাৰ হৈ উঠিছে। কিন্তু বৰ আচৰিত হওঁ তেতিয়া, যেতিয়া কোনো চিনাকী মানুহে বা বন্ধু-বান্ধৱে সোধে ভাড়া ঘৰ কেইটা আছে বুলি? মোৰ ভাড়াঘৰ নাই বুলি ক'লে কোনোৱে বিশ্বাস নকৰে বা আন কোনোৱে মোক আচৰিত প্ৰাণী এটা চোৱা দি চায়। গুৱাহাটীত মাটি, আৰু ভাড়াঘৰ নাই?!!! কি বুৰ্বক মানুহ হে ..!! মই যেতিয়া কওঁ, মোৰ ঘৰত বিভিন্ন গছ আছে বুলি, তেতিয়া আৰু অচৰিত হয়; বহুতে হয়তো মোৰ মুৰৰ গণ্ডগোল আছে বুলিও ভাবে। মই পিছে তেনে লোক পালে খুব আমোদ পাওঁ আৰু তেওঁলোকক জোৰ কৰি (মানে মোৰ কথা শুনিবলৈ ইচ্ছা নাথাকিলেও) আঙুলিৰ মুৰত হিচাপ কৰি কৰি গছৰ নামবোৰ কৈ যাওঁ ... চাৰিজোপা আম, ৫ জোপা অমিতা, জাহাজী-মনোহৰ-ভীম কল, লমা-লমে লগা এজোপা ৰহদৈ, এজোপা আটলচ, এজোপা পৰামলখি, এজোপা নাহৰ, এজোপা বকফুল, তৰোৱা কদম এজোপা, ঘৰটোৰ সমান ওখ এজোপা কৃষ্ণচূড়া, এজোপা বগাজামু, এজোপা গুটিহীন লেচু, চাৰিজোপা সুমথিৰা টেঙা, ৩ জোপা কাজি নেমু-এজোপা গোল নেমু, এজোপা মধুৰী, বকুল এজোপা, তেজপাত এজোপা, কেইবাজোপা তিতাফুল, পাইন এজোপা... লগতে আছে লোহাৰ খুটাৰে বনাই লোৱা এখন লাউৰ চাং আৰু বতৰত কৰা বিলাহীৰ চাং... কাৰ্পেট গ্ৰাচৰ এখন সৰু ল'ন, ২০০ টা মান টাবত ৰোৱা বিভিন্ন ফুল, ষ্ট্ৰবেৰি আৰু আন আন গছ। মই দিয়া এই লিষ্টখন শুনি বেছিভাগেই বিশ্বাস নকৰে। নকৰিলে নাই। যি বিশ্বাস কৰে, তেওঁ সোধে, আপোনাৰ এবিঘা মান মাটি আছে নেকি? কি বিড়ম্বনা..!! মোৰ ডেৰ কঠা মাটিও নাই !! আমাৰ হাবি জংঘলৰ মাজতে ডাঙৰ দীঘল হোৱা, অসমত জন্মা এই লোক সকলৰ কেইজোপা মান গছ ৰুবলৈ কিমান ঠাইৰ আৱশ্যক সেইকণ জ্ঞানো নাই...। বেয়া লাগে; ভাবো, আমিবোৰ আচলতে একো একোটা কংক্ৰিটৰ খুটালৈ পৰিনত হৈছো নেকি বাৰু লাহে লাহে?? মোৰ বাগানীয়া বেকগ্ৰাউণ্ডৰ কথা জনা লোকে আকৌ সোধে 'কেইজন মালি ৰাখিছে এইবোৰ কৰিবলৈ?' মালি?? মোৰ আৰু পৰিবাৰৰ এইবোৰ হল এটা নেচা। অৱশ্যেই তেওঁৰ অৰিহনা ৯০% আৰু মোৰ নামমাত্ৰ। আজিকালি ল'ৰাটোকো লগাও মাজে মাজে।

মূৰ্খৰ স্বৰ্গত বাসকৰা এনেলোক এতিয়াও আমাৰ মাজত আছে যি ভাবে প্ৰাকৃতিক ভাৱে চহকী আমাৰ অসমত এতিয়াও অগণন গছ-গছনি আছে; আমাক চাৰিওফালে জংঘলেৰে আৱৰি আছে। ইমান হাবি বননিৰ মাজত মহঁ ডাহঁৰ কামোৰ খাই থাকি আকৌ গছ-গছনি কিয় লাগে? নিজকে মূৰ্খ সজোৱা বাদ দি ধৰিত্ৰী ঘন্টাৰ সংকেত শুনক। নিজৰ বাবে নহলেও নিজৰ ল'ৰা-ছোৱালীৰ বাবে অন্তত কিবা এৰি যাওক। সকলোবোৰ নিজেই খাবনে? আমাৰ ধৰাখনক সেউজীয়া কৰি আৰু অধিক মোহনীয়া কৰিবলৈ ৩৬৫ দিনৰ ভিতৰত এদিন পৰিবেশ দিৱস পতাটো অৰ্থহীন কথা। প্ৰ্তিটো দিনেই পৰিবেশ দিৱস। গছপুলি এডাল নিয়্মীয়াকৈ ৰুৱাটো এটা অভ্যাসত পৰিনত কৰক। ময়ো আজি সেয়ে গছপুলি ৰোৱা নাই, কাৰণ আমি প্ৰ্তি শণিবাৰ/দেওবাৰে কিবা নহয় কিবা এটা ৰুঁওৱেই।

# সুৰজিত নেওগ - ৫ জুন ২০১৩, আবেলি ৬.৩০ বজা, গুৱাহাটী
https://www.facebook.com/groups/axomiyakothabotora/permalink/554076534644847/ 

THINK, EAT, SAVE

ভাবক, খাওক আৰু বচাওক


বিশ্ব পৰিবেশ দিৱস - আমাৰ ধৰাত উৎযাপন কৰা এক বৃহত্তম বছৰেকীয়া অনুস্থান যাৰ উদ্দেশ্য হৈছে পৰিবেশ সম্পৰ্কীয় সঠিক আৰু যোগাত্মক এক ধ্যান ধাৰণাৰ সৃষ্টি কৰি আমাৰ মাজত এক সচেতনতা অনা . . .
কালিলৈ অৰ্থাৎ ৫ জুন তাৰিখে উৎযাপিত হ'বলগীয়া বিশ্ব পৰিবেশ দিৱসৰ এইবাৰ মুল থিম হৈছে Think, Eat, Save ... ভাবক, খাওক আৰু বচাওক। খাদ্য সামগ্রীৰ অপচয় আৰু খাদ্যবস্তুৰ লোকচান সন্দৰ্ভত আপোনাৰ মাজত সচেতনতা আনি খাদ্য সামগ্রীৰ উপযুক্ত সংৰক্ষণৰ বাবে আপোনাক উৎসাহিত কৰি আপোনাৰ দ্বাৰা এক নুন্যতম খাদ্য অপচয় কৰাটোৱেই সমগ্র পৃথিৱীজোৰা এক প্র্চাৰ অভিযানৰ মূল লক্ষ্য এই "ভাবক, খাওক আৰু বচাওক" । ৰাষ্ট্রসংঘৰ FAO (Food & Agricultural Organisation) ৰ এক প্র্তিবেদন মতে গোটেই পৃথিৱীত প্র্তি বছৰে ১৩০ কোটি টন খাদ্য সামগ্রীৰ অপচয় হয় যিটো নেকি আফ্রিকাৰ উৰ্বৰ চাহাৰা অঞ্চলত এবছৰত উৎপাদিত হোৱা খাদ্যসামগ্রীৰ সমপৰ্য্যায়ৰ। একে সময়তে, প্র্তি ৭ জনৰ ভিতৰত এজন লোকে প্র্তি নিশাই অনাহাৰে ৰাতি শুৱা পাটিলৈ যায় আৰু ৫ বছৰৰ তলৰ বিশ হাজাৰৰো ওপৰ শিশুৱে প্র্তি দিনেই খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰে।

আমাৰ জীৱিকাৰ এই সুবৃহৎ অসন্তুলনীয় অৱস্থাটোৱে আমাৰ ধৰাৰ পৰিবেশৰ ওপৰত সৃষ্টি কৰা কুপ্র্ভাৱৰ ফলস্রুতিতেই এই বছৰৰ এই বিশেষ থিমটো, "ভাবক, খাওক আৰু বচাওক" ... যিটোৱে অপোনাক নিশ্চয়কৈ উৎসাহিত কৰিব আপোনাৰ দৰকাৰ অনুযায়ি সচেতন ভাৱে নিজৰ খাদ্য সামগ্রীৰ উপযুক্ত নিৰ্বাচন কৰা যাৰ ফলত আমাৰ পৰিবেশৰ অলপ হলেও উন্নতি হ'ব। মনত ৰাখিব, খাদ্য সামগ্রীৰ শুদ্ধ নিৰ্বাচনে আপোনাৰ সচেতনতাৰ নিদৰ্শন দাঙি ধৰিব।

যি সময়ত আমাৰ মোহনীয় ধৰাখনে ইয়াত বসবাস কৰা ৭০০ কোটি জনসংখ্যাৰ (২০৫০ চনত ৯০০ কোটি হ'বগৈ) বাবে পৰ্য্যাপ্ত পৰিমানে খাদ্য যোগাৰ কৰিবলৈ তীব্র সংগ্রাম কৰি আছে, সেই একে সময়তে FAO ৰ সমীক্ষামতে বৰ্তমানে উৎপাদিত এক তৃতীয়াংশ খাদ্য সামগ্রীৰ অপচয় আৰু লোকচান হয়। এনে সুবৃহৎ খাদ্য সামগ্রীৰ অপচয়ে আমাৰ প্রাকৃতিক পৰিবেশৰ ওপৰত এক অকল্পনীয় হেচাঁ প্র্য়োগ কৰিছে যাৰ ফলত পৰিবেশৰ ওপৰত এক ঋনাত্মক প্রভাৱ পৰাটো খাটাং।

এই বছৰৰ এই অভিযানটোৰ ফলত আমি কি দেখিবলৈ পাম? এই ক্ষেত্রত আপোনাৰ নিজৰ ঘৰৰ পৰা আৰম্ভ হোৱা এই অভিযান আৰু আপোনাৰ দৰে আন বহুতৰ এক সমুহীয়া প্রচেষ্টাৰ ফলত বিশ্বজোৰা বৃহৎ খাদ্য সামগ্রীৰ অপচয় ৰোধ, ফলস্রুতিত নিজৰ সঞ্চয় বৃদ্ধি আৰু আমাৰ পৰিবেশৰ ওপৰত সৃষ্ট হেচাঁৰ কিছু পৰিমানে হলেও অৱসান আদি অতি স্পৰ্শকাতৰ বিষয়। আৰু এনে সম্ভৱ আপোনাৰ সময়োপযোগী সিদ্ধান্তৰ বলত।

খাদ্য সামগ্রীৰ যেতিয়া অপচয় হয় তেতিয়া এনে খাদ্য সামগ্রীৰ উৎপাদন, প্র্স্তুতকৰণ বা বিপননত খৰচ হোৱা সমস্ত খৰচ, শ্রম আদিৰ একেলগে অপচয়। আপুনি জানেনে, ১ লিটাৰ গাখীৰ উৎপাদনত ১০০০ লিটাৰ পানী খৰচ হয়..!! আপুনি খোৱা এটা হেমবাৰ্গাৰ, এটা মাটন চপৰ বাবে প্র্য়োজন হোৱা এটা ছাগলীৰ খাদ্য আৰু জীৱন কালত ১১০০০ লিটাৰ পানীৰ দৰকাৰ ...!! আচলতে সমগ্র বিশ্বৰ খাদ্য উৎপাদনত আমাৰ ধৰাখনৰ ২৫% বাসোপযোগী ভুমি, ৭০% বিশুদ্ধ পেয় পানীৰ দৰকাৰ হয় আৰু ৮০% বনাঞ্চল ধ্বংস হোৱাৰ লগতে ৩০% সেউজগৃহ (greenhouse) গেচৰ নিৰ্গমন হয়। এই গোটেই প্র্ক্রিয়াটো পৃথিৱীৰ বৃহত্তম জৈৱ-বৈচিত্র লোকচানৰ আৰু বাসোপযোগী ভুমিৰ ব্যৱ্হাৰৰ কাৰক।

আপোনাৰ সুচিন্তিত সিদ্ধান্তই, আপোনাৰ উদ্দেশ্য প্রণোদিত খাদ্য বাছনিয়ে, যেনে ধৰক বেছি পৰিমানে জৈৱিক খাদ্য গ্রহনে আমাৰ পৰিবেশ সংৰক্ষনৰ ক্ষেত্রত এক যোগাত্মক প্র্ভাৱ পেলোৱাৰ লগতে আপোনাৰ স্বাস্থ্য নিৰুগী কৰি ৰখাতো নিসন্দেহে অৰিহনা যোগাব। ৰাসায়্নিক সাৰ নথকা জৈৱিক খাদ্যই আপোনাৰ খাদ্যচাপ (foodprint) হ্রাস কৰি ৰখাতো নিশ্চয় সহায় কৰিব। অ' আৰু এটা কথা, স্থানীয়ভাৱে উৎপাদিত খাদ্যগ্রহনে তেনেবোৰ খাদ্য সামগ্রী বিভিন্ন প্রান্তৰ পৰা আপোনাৰ বাবে কঢ়িয়াই অনাৰ বাবদ হ'ব পৰা খৰচ আৰু এই প্রক্রিয়াটোৰ সৈতে যুক্ত সেউজগৃহ (greenhouse) গেচৰ নিৰ্গমনৰ পৰাও ৰক্ষা কৰিব।

গতিকে আহক, আমি ভাবো (Think) খোৱাৰ (Eat) আগতে যাতে আমি আমাৰ পৰিবেশক ৰক্ষা (Save) কৰিব পাৰো।

বি.দ্র. - এই লেখাটো মোৰ নিজৰ wall ত প্র্কাশিত এটা লেখাৰ ভাবানুবাদৰ চেষ্টা, যিটো প্রস্তুত কৰোতে বিভিন্ন উৎসৰ পৰা সহায় লৈছো।

মানসিক আৰু শাৰিৰীকভাৱে বৄদ্ধ আমাৰ ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতাৰ পৰিচয়


প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা . . . কিছু কথা ৰাজনীতিৰ উৰ্ধতো চিন্তা কৰিব পাৰি, লাগে এটা সুস্থ মন...

উত্তৰাখণ্ডত প্ৰকৃতিয়ে যি তাণ্ডৱ চলালে তাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পাচঁ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কিছু অসমৰ্থিত সুত্ৰই। এয়া নিসন্দেহে এক অতি কৰুণ ঘটনা আৰু হয়তো পৃথিৱীৰ অন্যতম বৃহৎ দুৰ্ঘটনাবোৰৰ অন্যতম। যদিও আমি প্ৰকৃতিকে দোষাৰোপ কৰি আহিছো এই ঘটনাৰ বাবে, শেহতীয়া তথ্য মতে ইয়াৰ বাবে মানৱ সৃষ্ট কিছু কাৰকো জগৰীয়া। বিশেষ কোনো বৈজ্ঞানিক অনুসন্ধান, চিন্তা চৰ্চা নকৰাকৈ আৰু কেৱ্ল হ্ৰ্স্যমাদী লাভালাভৰ বাবে যধেমধে নিৰ্মান কৰা নদীবান্ধ আৰু পাহাৰীয়া কোমল মাটিত বহুমহলীয়া আট্টালিকাবোৰেও এই তাণ্ডৱত আৰু অধিক সহায় কৰিলে।

এই সমষ্ট ঘটনাৰ পিছৰ পৰ্য্যায়ত উত্তৰাখণ্ড ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ (যদি তেনে কিবা আছিল বা আছে) সকৰুণ স্বৰুপটো ওলাই পৰিল। এনে এটা বিভাগ ভাৰতবৰ্ষৰ প্ৰ্তিখন ৰাজ্যতে আছে আৰু আমাৰ অসমো তাৰ ব্যতিক্ৰম নহয়। অৱশ্যে আমি জনসাধাৰণে এনে এটা বিভাগৰ অস্তিত্ব কেৱ্ল কোনো দুৰ্যোগ যেনে বানপানী, ভুমিকম্প, মেলেৰিয়াৰ সংক্ৰমন আদিৰ পিছত বাতৰি কাকতত অনুভৱ কৰো। দুদিনমান বহু টকা পইচা খৰচ কৰি বাতৰি কাকতৰ শেষপৃষ্ঠা ভৰি একো একোটা বিজ্ঞাপন কি কৰিব আৰু কি নকৰিব আদি কিছু তথ্য প্ৰ্কাশ কৰিয়েই এই বিভাগ টোৱে দায়িত্ব সামৰে!! সদায় দেখি আহিছো। এয়াই আমাৰ চৰকাৰি যন্ত্ৰৰ সৰ্বসাধাৰনৰ প্ৰতি দায়িত্ববোধ।

উত্তৰাখণ্ডৰ চাৰিধামত আৱদ্ধ প্ৰায় লাখলোকৰ ষাঠি হাজাৰমান লোকক ভাৰতীয় সেনাই অতি তৎপৰতাৰে উদ্ধাৰ নকৰা হলে কেনে এক পৰিস্থিতিৰ সৃষ্টি হ'লহেতেন সেয়া ভাবিলেও ভয় লাগে। এতিয়াও কেই হাজাৰমান লোক তাত আৱদ্ধ হৈ আছে যি সকলক উদ্ধাৰৰ বাবে সেনাই আহোপুৰুষাৰ্থ কৰি আছে। এতিয়া প্ৰ্শ্ন হ'ল, সেনাই নিজৰ মানৱীয় কৰ্ত্তব্য হিচাপে কৰা এই মহৎ বৃহৎ উদ্ধাৰ অভিযানটোক একাষৰিয়াকৈ ৰাখি আমি যদি স্থানীয় ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ কৰ্মৰ পৰ্য্যালোচনা কৰো, তেন্তে আমি হয়তো এটা ডাঙৰ শূণ্য দেখা পাম। কিছু কাম নিশ্চয় কৰিছে, কিন্তু সেয়া লাখ কোটি টকা খৰচ কৰি পুহি ৰখা এই বিভাগটোৰ বাবে তেনেই নগন্য কাম। এয়া কেৱ্ল উত্তৰাখণ্ডৰে সমস্যা নহয়, মোৰ মতে প্ৰায় সকলো ৰাজ্যৰে একেই পুতৌলগা অৱস্থা। আমি অসমত প্ৰ্তি বছৰে দেখি আহিছো। ইয়াৰ মুল কাৰণ নিশ্চয় চৰকাৰ, বিভাগীয় বিষয়া আৰু কৰ্মৰত কৰ্মচাৰিৰ হেমাহি, উদাসীনতা আৰু চৰম দায়্ত্বহীন মনোভাৱ।

ৰাজনৈতিক নেতাৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা :
---------------------------------------------------------

এইকিদিনৰ এই কৰুণ ঘটনাৰাজিৰ মাজতে এক অতি উৎসাহজনক কৰ্মকাণ্ড দেখা পালো; মানে কাকতে পত্ৰই আৰু বিশেষ কেইটামান ইন্টাৰনেট বাতৰি পৰ্টেলত পঢ়িলো। কোনো ৰাজনৈতিক দৃষ্টিকোণেৰে নাচাই আমি যদি কেৱল মানৱীয় দৃষ্টিৰে চাওঁ, এয়া আমাৰ বাবে সঁচাকে এক অভূতপূৰ্ব অভিজ্ঞতা। ১৭ জুনৰ দিনা যেতিয়া এই মহাপ্ৰলয়ৰ কথা টিভিত বাতৰি হিচাপে আহিছিল, এখন ৰাজ্যৰ এজন প্ৰ্তাপী ৰাজনৈতিক নেতা দিল্লীত বাহৰ পাতি আছিল ব্যক্তিগত কামত। এই বাতৰিটো চায়েই দুৰদৃষ্টিসম্পন্ন এইলোকজনে ৰাতিলৈ এখন জৰুৰী মেল আহ্বান কৰিলে নিজ ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে। তাতেই সম্ভাব্য বৃহৎ দুৰ্যোগটোৰ ওপৰত বিষদ ভাৱে আলোকপাত কৰি আৱদ্ধ লোকসকলৰ উদ্ধাৰৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল। এই কাম সেনা বাহিনীৰ লোকৰ প্ৰ্তিক্ৰিয়াতকৈও আগতে কৰা হৈছিল। পিছদিনাই এই নেতাজনে দুৰ্যোগস্থানত উপস্থিত হৈ নিজ ৰাজ্যৰ ২৫ জনীয়া উচ্চপদস্থ বিষয়া আৰু এক বৃহৎ সংখ্যক চিকিৎসকৰ দলৰ সৈতে উদ্ধাৰ অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। নিজে থাকি তিনিদিন সমস্ত উদ্ধাৰ অভিযানৰ তদাৰকী কৰে। ইয়াৰ ফাকে ফাকে তেওঁ নিৰ্দেশ দিয়ে উত্তৰাখণ্ড ৰাজ্যৰ বিভিন্ন উচ্চপদস্থ বিষয়া, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আৰু আন আন তেনে দৰকাৰি লোকৰ যোগাযোগ নম্বৰ গোটোৱাৰ বাবে; আৰু লগে লগে এই বোৰ যোগাৰ কৰি প্ৰথমতে নিজ ৰাজ্যৰ স্থানীয় বাতৰি কাকতত সেইবোৰ প্ৰ্কাশ কৰাৰ ব্যৱস্থা কৰে যাতে সেই সময়ত উত্তৰাখণ্ডত আৱদ্ধ নিজ আত্মীয় স্বজনক সেই নম্বৰবোৰ যোগান ধৰি নিজৰ অৱস্থিতি জনাই উদ্ধাৰ অভিযান খৰতকীয়া হয়। ইয়াৰ উপৰিও সেই নেতাজনে বয়িং কোম্পানীৰ বিমান ভাড়া কৰি কেইবাখেপত কেইবাহাজাৰ লোকক উদ্ধাৰ কৰাৰো ব্যৱস্থা কৰে। লগতে শ শ বাচ, সৰু গাড়ীৰ দ্বাৰাও আন কেইহাজাৰ মান লোকক উদ্ধাৰৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে উক্ত নেতাজনে কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ লেখা এখন পত্ৰত টানি অনুৰোধ জনায় যে অতি সোনকালে বিশেষ ৰেলৰ ব্যৱস্থা কৰিব লাগে আৰু ৰেলত যাতে কোনো ভাড়া লোৱা নহ্য় াৰু বিনামূলীয়া খোৱাৰ যোগান ধৰা হয়। কাৰণ এই লোকসকলে সমস্ত হেৰুৱাইছে। এই নেতাজনৰ উপস্থিতিয়ে তৎক্ষণাত এক অনুঘটকৰ কাম কৰে আৰু ভাৰতৰ দুটা বৃহৎ সংঘঠনৰ স্বেচ্ছাসেৱ্ক এই উদ্ধাৰ অভিযানত উবুৰি খাই পৰে!! এক অসমৰ্থিত সুত্ৰমতে এই উদ্ধাৰ অভিযানত প্ৰায় ২০ হাজাৰ লোকক সফলতাৰে উদ্ধাৰ কৰা হয়। এনে নেতাৰ হাতত আমাৰ দেশখন ভবিষ্যতে সুৰক্ষিত যেন কেতিয়াবা কেতিয়াবা ভাৱ হয়.... নাজানো মোৰ অনুমান কিমান শুদ্ধ...

ইয়াৰ তুলনাত আপুনি ভাৱ্কছোন আমাৰ নেতা সকললৈ। জাবৰৰ পৰিমানেই উন্নয়্নৰ মাপকাঠী,বানপানীৰ পৰা বাচিবলৈ কলপুলি ৰুই ভোঁৰ সজাৰ পৰামৰ্শ দিয়া অতি স্থূলবুদ্ধিৰ, ভাৰসাম্যহীন ৰুগ্ন মগজু আৰু অনুৰ্বৰ চিন্তাৰ অধিকাৰি লোকৰ নেতৃত্বৰ পৰা অৱ্শ্যে আমি আন কিবা আশা কৰিবও নোৱাৰো। আমাৰ ৰাজ্যৰো কেইবাজনো লোক এই মহাপ্ৰলয়ত আৱদ্ধ হৈ পৰিছিল; টিভিৰ বাতৰিত শুনিলো, আমাৰ ৰাজ্য চৰকাৰে দুজনমান বিষয়াক তালৈ পঠিয়াই নিজ দায়িত্ব সামৰিলে..!!

মোৰ এই লেখাটোৰ উদ্দেশ্য কোনো এক বিশেষ ৰাজনৈতিক নেতাৰ গুণগান কৰা বা আন কোনো ৰাজনৈতিক নেতাৰ অকৰ্মণ্যতাৰ উদাহৰণ দিয়াটো নহয়। ৰাজনীতিৰ উৰ্ধত কেৱ্ল মাত্ৰ মানবীয় চিন্তা চৰ্চাৰে চালিত হৈ ব্যক্তিবিশেষৰ উপস্থিত বুদ্ধি, বিচক্ষনতা, কৰ্মদক্ষতা আৰু এদল সমানেই কৰ্মপটু, বিশ্বাসী লোকৰ দলৰ দ্বাৰা চলোৱা এক বৃহৎ মানৱ উদ্ধাৰ অভিযানৰ সফল সমাপ্তি। কিছু কথা ৰাজনীতিৰ উৰ্ধতো চিন্তা কৰিব পাৰি, তাৰ বাবে লাগে কেৱ্ল এটা সুস্থ মন...

[কিবা ৰাজনৈতিক বিতৰ্ক হোৱাৰ ভয়ত বা কোনোবাই মোক বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক বুলি লেবেল মাৰি (!!) দিয়াৰ ভয়ত ওপৰুক্ত বিচক্ষন নেতাজনৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো !! আপোনালোকে অলপ খুচৰি মেলি চালে সহজেই জানিব। ইতিমধ্যেই এজন প্ৰবাসী ভাৰতীয়ই এই সমস্ত প্ৰক্ৰিয়াটোক নেতাজনৰ ৰাজনৈতিক লাভালাভৰ অংক বুলি অভিযোগ দাখিল কৰিছেই...!!! ]

# সুৰজিত নেওগ / ২৫ জুন ২০১৩ ॥ দুপৰীয়া ১২.৪৫ মিনিট

https://www.facebook.com/groups/axomiyakothabotora/permalink/564537353598765/

উগ্রপন্থীৰ হুমকী, বুদ্ধিজীৱি বনাম গায়্ক বনাম সাধাৰণ শ্রোতা আৰু কিছু বাস্তৱ চিন্তা

বিহু মঞ্চত হিন্দীগীত, পৰেশ বৰুৱা-জুবিন গাৰ্গ-তৰুণ গগৈ-হোমেন বৰগোহাঞি আৰু কিছু বাস্তব চিন্তা ...





এইবাৰ ৰঙালীবিহুটো মোৰ বেছ ভাল কাটিল ... মানে বেছ eventfully & excitingly ... অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে বিভিন্ন বিহু মঞ্চৰপৰা এজনৰ পিছত এজনকৈ খ্যাত অখ্যাত শিল্পীৰ অনুস্থান, বিহু কুঁৱৰী, বিহুৰাণী বা বিহুসাম্রাজ্ঞীৰ বিহু নাচ, বিভিন্ন বিহুৱা দলৰ হুচৰী আৰু লগতে অসমীয়া ক'লা কৃষ্টিৰ ঘাই খুটাস্বৰুপ বিভিন্ন জনগোষ্ঠীয় গীত নৃত্য প্রদৰ্শন ৮-৯ টা টিভি চেনেলত লাইভ টেলিকাষ্ট.. কোনো কষ্ট নকৰাকৈ নিজৰ বেডৰুমত, ড্রয়িংৰুমত বহি শুই নিজ খুচিমতে চেনেল সলনি কৰি কৰি চোৱাৰ মজাই বেলেগ... তাতোকৈ ডাঙৰ কথা, প্রায় প্র্তিটো চেনেলতে ব্রেকিং নিউজ হিচাপে পৰেশ বৰুৱা-জুবিন গাৰ্গ-তৰুন গগৈৰ মাজত চলা মুখ চুপতিৰ একেবাৰে শেহতীয়া মানে লেটেষ্ট আপডেট ... কোনো চেনেলত আকৌ জুবিনৰ সাক্ষাতকাৰ, লগত গৰীমা। ক'ৰবাত ৪-৫ জনমান বাঘা বাঘা শিল্পীৰ সৈতে কোন শুদ্ধ কোন ভুল ইয়াৰ পষ্টমৰ্টেম আৰু কোনো চেনেলত পৰেশ বৰুৱাৰ ডাইৰেক্ট টেলিফ'নিক সাক্ষাতকাৰ সঘন কমাৰ্চিয়েল ব্রেকৰ মাজে মাজে ... মুঠতে যোৱা ৬-৭ দিন টিভিটো এৰি কলৈকো যাবলৈ মুঠেও মনকেই নাযায় ... ৰাতিপূৱা জা-জলপান খাই টিভি খুলি বহি যাওঁ, বিহু সুৰীয়া আধুনীক গীতবোৰ শুনাৰ লগতে পৰেশ বৰুৱাৰ মাজে মাজে লাগি ধৰা (খঙতে চাগে) ধমকি, হুমকী, আবেদন আদিৰ বিষয়ে দিনটোৰ বাবে আপডেটেড হৈ লওঁ... মুঠতে বেছ মজেদাৰ বিহু এইবাৰ... মোৰ দুকুৰী ছবছৰীয়া জীৱনত এনে এক্সাইটিং বিহু কেতিয়াও হোৱা নাছিল ... যি কি নহওক, ঢেৰ কিবা কিবা শুনিলো, পঢ়িলোও... অকবৰ পৃষ্ঠা ভৰি গ'ল বাক-বিতন্ডাৰে... কোনোৱে কয় জুবিনে যি কৰিছে ভাল কৰিছে, কোনোৱে কয় নাই, জুবিনে অলপ বেছি কৰে, পৰেশ বৰুৱাই ঠিক কথা কৈছে ইত্যাদি ইত্যাদি... ইয়াৰ ফাকে ফাকে কিন্তু আমাৰ স্থানীয় টিভি চেনেল কিটাই বিহুৰ মাজতে অসমীয়াৰ থুনুকা আবেগ সৰ্বস্ব মানষিকতাক ভেটি কৰি গোটেই ইচ্ছ্যুটো (বিষয়) জীয়াই ৰাখি টিআৰপিৰ যুদ্ধত ইটোৱে সিটোৰ লগত প্র্তিযোগিতাত নামি পৰিল; আমি হয়তো গমকেই নাপালো ...

বন্ধুসকল, মোৰ এই লেখাটোৰ উদ্দেশ্য কোন শুদ্ধ কোন ভুল তাক বিচাৰ কৰা নহয়; কিন্তু এই আপাহতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাটোহে। এইখিনিতে ঘটনাটোৰ মূল নায়্ক-খলনায়্ক বা দৰ্শক/পাঠক সকলৰ মতামত সমুহ চমূকৈ এবাৰ চাই লওঁ আহকছোন . .

পৰেশ বৰুৱাৰ কথা -- বিহু মঞ্চত হিন্দি গীত গোৱাটো সহ্য কৰা নহ'ব আৰু সেয়ে তেনে কৰিলে উপযুক্ত ব্যৱস্থা লোৱা হ'ব । জুবিনে এনে গৰ্হিত কাম কৰিছে গতিকে 'সি' (তেওঁ) ক্ষমা খুজিব লাগিব। জুবিন আলফাতকৈ ডাঙৰ নহয়।

জুবিনৰ কথাৰে -- সংগীতৰ কোনো ভাষা নাই আৰু সেয়ে মই মোৰ সৃষ্টি সমুহ যি ভাষাতে নহওক কিয় গামেই। যিকোনো মঞ্চত মোৰ গোৱাৰ অধিকাৰ আছে। মই যিহেতু একো ভুল কাম কৰা নাই, গতিকে কাৰো ওচৰত ক্ষমা খোজাৰ কথা নাহে।

বিহু মঞ্চৰ কৰ্মকৰ্তাৰ ভাষ্য -- কোন শিল্পীয়ে কি ভাষাত গীত গাব সেইটো তেওঁলোকৰ নিজা কথা গতিকে বিহু মঞ্চৰ কৰ্মকৰ্তা এইবিষয়ত দায়বদ্ধ নহ্য়।

হোমেন বৰগোহাঞিৰ প্রতিক্রিয়া -- বিহুমঞ্চত বিশেষকৈ সাতবিহুৰ কেইদিন হিন্দি বা অনা-অসমীয়া গীতমাত পৰিবেশন কৰাটো অসমীয়াৰ বাবে অশুভ আৰু এনে কৰাটো সমৰ্থনযোগ্য নহয়।

তৰুণ গগৈৰ মতামত -- জুবিনে আলফাৰ ফতোৱা নুশুনি ভাল কৰিছে আৰু তেওঁ যি কৰিছে সেয়া সমৰ্থনযোগ্য। আজি ভাৰতৰ আন অংশত কোনোবাই অসমীয়া গীত গালে তাত কোনোবাই বাধা দিলে আমি ভাল পাম নেকি ?

এচাম শিল্পী আৰু বুদ্ধিজীৱিৰ মত -- শিল্পীয়ে ক'ত কি জীত পৰিবেশন কৰিব সেয়া শিল্পীজনৰ নিজা কথা আৰু এইবিষয়ে কোনেও মাত মতা উচিত নহয়।

আন এচাম শিল্পী আৰু বুদ্ধিজীৱিৰ মত -- জুবিনে ঊদ্ধতালি কৰি বিহু মঞ্চত হিন্দি গীত পৰিবেশন কৰাটো বেয়া হৈছে।

. . . . সকলোৰে কথাত জোৰ আছে। যুক্তিও আছে। এনে পৰস্পৰবিৰোধি কথাত সকলো ব্যক্তি সংগঠনৰ নিজ নিজ কথাত যুক্তি আছে। মই অনুভৱ কৰিছো আমাৰ অকবৰ মাননীয় সদস্য-সদস্যা সকলো এইবিষয়ত নিজ মতামতেৰে বহুধাবিভক্ত। কোন শুদ্ধ কোন ভুল তেন্তে ? মোৰ বোধেৰে আমাৰ দৰে সাধাৰণ শ্রেণীৰ মানুহখিনি বাদ দি এই বিতৰ্কত প্রত্যক্ষভাৱে ভাগ লোৱা বেছিভাগৰে নিজ নিজ স্বাৰ্থ জড়িত হৈ আছে । মই সাধাৰণ শ্রেণী বুলি কওঁতে অকবত বিতৰ্কত ভাগ লোৱা মানুহখিনিৰ কথাও কৈছো।

বিহু মঞ্চত হিন্দি গীত পৰিবেশন কৰিব লাগে/নালাগে বা পাৰি/নোৱাৰিৰ বিতৰ্কলৈ নগৈ এইখিনিতে এই অহেতুক পৰিস্থিতিৰ সৃষ্টিকৰ্তা কেইজনলৈ চকু ফুৰাও আহক .. এই বিতৰ্কৰ সৃষ্টিকৰ্তা পৰেশ বৰুৱাৰ আজিৰ তাৰিখত অসম বা অসমীয়াৰ বাবে ( সৰ্বভাৰতীয় পৰ্য্যায়ত নকলোৱেই যেনিবা !) প্রাসংগিকতা কিমান? যুদ্ধ কৰাৰ ৩৬ টা উপায় (36 ways to fight a war) নামৰ কোনো লেখকৰ কিতাপ এখন পঢ়ি পৰেশ বৰুৱাই এতিয়াও মূৰ্খৰ দৰে ভাবি আছে যে অসমক স্বাধীন কৰাটো সম্ভৱ। আৰু চাওক তেওঁৰ কৰ্মপন্থা, আজি ৩০ বছৰৰো ওপৰকাল চোৰৰ দৰে বেলেগ দেশত লুকাই থাকি নিজ জাতিভাইক অত্যাচাৰ উৎপীড়ন কৰি দাবী-ধমকী, অপহৰণ, হত্যা ভাবুকি দি টকা পইচা নি বিদেশত ব্যৱসায় বাণিজ্য কৰি দেশ স্বাধীন কৰাৰ লোভ দেখুৱাই হিংসা-সন্ত্রাস ৰাজত্ব চলাই আছে। দেশক স্বাধীন কৰাৰ ঠিকা লোৱা এনে বীৰ সেনাধ্যক্ষ বা সেনানী সকলৰ আনকি নিজৰ নামটোৰে চিনাকি দিবলৈও ভয়... ওৰফে ওৰফে ওৰফে ওৰফে অসম বুলি কৈহে ভাল পায়। কণ কণ শিশুক ব'ম ফুটুৱাই মাৰি, নিৰিহ পথচাৰিৰ ওপৰত ভাড়াতীয়া হত্যাকাৰীৰ হতুৱাই গ্রেনেড নিক্ষেপ কৰি বা কাৰোবাক অপহৰণ কৰি ধন দাবী কৰি 'যুদ্ধ' কৰে "দখলদাৰী ভাৰতীয়"ৰ বিৰুদ্ধে ...!!! সম্পূৰ্ণভাৱে মুৰৰ বিকৃতি ঘটা বা হতাশাত ভোগা পৰেশ বৰুৱাই কালিলৈ হয়তো ক'ব, আপুনি ৰাতিপূৱা চিৰা দৈ পিঠা হে ব্রেকফাস্ট হিচাপে ল'ব লাগিব, দখলদাৰি ভাৰতীয়ই বনোৱা মটৰ গাড়ী, দুচকীয়া বাহনত উঠিব নোৱাৰিব, খোজ কাঢ়ি যাতায়্ত কৰিব লাগিব বা দখলদাৰি ভাৰতীয়ই বনোৱা চাবোনেৰে গা ধুব নোৱাৰিব, ক'লগেটেৰে দাতঁ ব্রাচ কৰিব নোৱাৰিব, দখলদাৰি ভাৰতীয়ই বনোৱা থাল কাহীঁ বাটিত খাব নোৱাৰিব, কলপাতত খাব লাগিব . . .। এটা কথা কিন্তু মই মানিছো, পৰেশ বৰুৱাৰ বুদ্ধিমত্তা; এই গোটেই বিতৰ্কটো সৃষ্টি কৰি পৰেশ বৰুৱাই অসমীয়া ৰাইজৰ মনস্তত্বৰ বিষয়ে উমান লৈ লৈছে। ইমানৰ পিছতো যদি তেওঁ স্বাধীন অসমৰ কথা কৈ থাকে তেন্তে সেয়া তেওঁৰ গুড়ান্ত মূৰ্খামীৰ বাদে আৰু একো নহ'ব . . .

ধৰি লোৱা হওক অসম স্বাধীন হ'ল . . . আলফাই এতিয়াৰ গৰিষ্ঠসংখ্যক দুৰ্নীতিগ্রস্থ আমোলাসকলক চিধা কৰি কেনেকৈ দুৰ্নীতিমুক্ত কৰিব ? "দখলদাৰি ভাৰতীয়"ৰ পৰা আমদানীকৃত অসমবাসীৰ ৯৯% নিত্যব্যৱহাৰ্য্য বস্তুবাহানি কি উপায়েৰে থলুৱাকে উৎপাদন কৰিব? এনেবোৰ প্র্শ্ন কোনোবাই কৰিলে হয়তো বন্দুকেৰে গুলিয়াই দিয়া হ'ব ...!!! আৰু এনেহেন মানষিক ভাৰসাম্যহীন পৰেশ বৰুৱাৰ দৰে চালিত সংগঠণ এটাই আকো অসমীয়া জাতিৰ সাংস্কৃতিক ঠিকাদাৰীৰ কাম কৰে ...

জুবিন গাৰ্গ যে এজন ভাল গায়্ক সেই কথা সন্দেহৰ উৰ্ধত । সংগীতৰ লগত অকনমান হলেও সম্পৰ্ক থকা লোকে এই কথাত দ্বিমত নহ'বযে জুবিন যিমান ভাল গায়্ক সিমানেই বদমেজাজী। জুবিন 'স্টাৰ' হোৱাৰ আগৰে পৰাই মই ব্যক্তিগত ভাৱে তেওঁক জানো আৰু সেয়ে জুবিনৰ এই খেয়ালী বদ মেজাজী (মুডি) মানষিকতাৰ লগত পৰিচিত। আমি সকলোৱে জানোৱেই, জুবিনৰ গায়কী যিমান ভাল, তেওঁ সিমানেই খুটাই চুটাই বগোৱাতো পাৰ্গত। ড্রেচ চেঞ্চৰ কথা নকলোৱেই যেনিবা। জুবিন যিমানেই ডাঙৰ শিল্পী নহওক কিয়, ৰাজহুৱা স্থানত বহুৱালী শোভা নাপায়। জুবিন বা আন শিল্পীয়ে এটা কথা জনাটো দৰকাৰি যে যেতিয়া কোনো শিল্পীয়ে ৰাজহুৱা মঞ্চ এখনত অনুস্থান পৰিবেশন কৰে তেতিয়া তেওঁ তেওঁৰ কাৰ্য্যৰ দ্বাৰা ৰাইজৰ ওচৰত দায়বদ্ধ। তেওঁ যি ইচ্ছা তাকে কৰিব নোৱাৰে। জুবিন, তুমি হিন্দি, মাৰাঠী, বঙালী, পাঞ্জাবী যি ভাষাত গীত গোৱা গাই থাকা,আমাৰ ক'বলৈ একো নাই; কিন্তু অসমীয়াৰ বাপতি সাহোন বিহুত নিভাজ অসমীয়া গীত মাত পৰিবেশন কৰিবলৈ তোমাৰ কিবা অসুবিধা আছে নেকি? তোমাৰ নিজৰ ১৫ হাজাৰ অসমীয়া গীত মাতৰ পৰা ১০ টা গীত বাচি উলিয়াই তুমি ২-৩ ঘন্টা ৰাইজক যদি আমোদ দিব নোৱাৰা, তেন্তে তুমি প্র্কৃতাৰ্থত শিল্পী নহয়...!!

কথা হিন্দি বা অনা-অসমীয়া গীত মাতৰ নহ্য়, মুখ্যকথা বিজতৰিয়া গীত মাত বা সংস্কৃতিৰ আগ্রাসন ৰোধ কৰাহে । আমি যদি ৩৬৫ দিনৰ ভিতৰত কেৱ্ল মাত্র ৬ টা বা ৭ টা দিন ৰাজহুৱা মঞ্চত কেৱ্ল অসমীয়া বা থলুৱা গীত মাত শুনো তাত কি মহাভাৰতখন অশুদ্ধ হ'ব ?? বেলি পশ্চিমত উদয় হ'ব নেকি? এইকথাটো অনুধাৱন কৰাবলৈ বোধকৰো আমাক পৰেশ বৰুৱাৰ দৰে সন্ত্রাসবাদী এজনৰ উপদেশ নালাগে ।

ৰাজপথত জুবিনৰ বিন্দাচ চৰ . . . মিছা কলে কিডাল হ'ব??

বিন্দাচ বে বিন্দাচ ....




জুবিন গাৰ্গ বোলা গায়্কজনক মোৰ এইবোৰ কাৰণতে ভাল লাগে . . . একদম বেপেৰুৱা মানুহ দেই... কিবা বোলেনে বিন্দাচ টাইপ .... আমি কলেজত পঢ়ি থাকোতে 'বিন্দাচ' হৈ থাকি বেছ গৌৰৱবোধ কৰিছিলো...!! এই শব্দটোৰ লগত মোৰ পৰিচয়ো হৈছিল তেতিয়াই; নাচিকত থাকোতে। মুম্বাইৰ ওচৰত বাবে মুম্বাইয়া হিন্দীৰ প্ৰয়োভৰ খুব আ্ছিল আৰু 'বিন্দাচ' শব্দটো প্ৰায় প্ৰ্তিটো বাক্যৰ লগতেই ব্যৱহৃত হৈছিল। প্ৰ্থমে এই 'বিন্দাচ' শব্দটো শুনোতে একো মাঠা মুণ্ড বুজি নাপাই কেইবাদিনো ভাবি ভাবি একো উলিয়াব নোৱাৰিলো। সকলোৱে এইটো কৈয়ো থাকে, মানে চবেই অৰ্থটোও জানে। কেৱ্ল মোৰ দৰে এটা বুৰ্বকেহে নাজানো; সুধিবলৈও তামাম লাজ। মোৰো কবলৈ মন যায়; কিন্তু ক'ত কেতিয়া কিয় ক'ব লাগে সেইটোতো নাজানো...যি কি নহওক, সকলো লাজ মান কাতি কৰি এদিন খাচদোষ্ট মাৰাঠী ফ্ৰেণ্ড এটাক সুধিলো 'ঐ, বিন্দাচ কা ক্যা মতলব হ্যে?'
সি কয় 'আব্বে, মজাক মৎ কৰ য়াৰ..' ...
মই বোলো "নহয় দোষ্ট, হামকো চহি মে নেহি মালুম, বাটানা প্লীজ, ইচকা মতলব.. আজ এক চাই চামোচা মেৰে তৰফ চে.."
এপলক মোলৈ চালে, মই ধেমালী কৰা নাই বুলি চিউৰ হৈ তেতিয়া সি কলে "আব্বে, চুন, বিন্দাচ বলেতো বিন্দাচ...একদম বিন্দাচ... ন' ফিকৰ, মেৰে তৰফ"
ময়ো কিবা কিবি বুজিলো... তাৰ পিছৰ পৰা এতিয়ালৈকে যতে ত'তে যেতিয়াই তেতিয়াই এনিটাইম বিন্দাচ বে টাইপ ....

জুবিন গাৰ্গ সেই কাৰণেই 'বিন্দাচ' ... এপাট কাণফুলি, বেলেগ ৰঙী দুপাট জোতা পিন্ধি মঞ্চত স্প্ৰিঙৰ নিচিনা জপিয়াই জপিয়াই বিন্দাচ হৈ গান গোৱা, ওচৰৰ খুটাই চুটাই বগাঁওতেও বিন্দাচ, টিভিত কথা কওঁতেও বিন্দাচ, কাৰোবাৰ চিতাৰ কাষলৈ আহোতেও বিন্দাচ... আহ, একদম বিন্দাচ টাইপ.... মই আন যি কোনো কাৰণত নহলেও, জুবিনৰ এই গুণটোৰ বাবে একদম মাৰামাৰি ফাটাফাটি 'আই এম আ ডাইহাৰ্ড ফ্যান অব জুবিন' ...

আমাৰেই ভাগ্য বেয়া যে সেইদিনা জোনালীৰ ওচৰৰ বিন্দাচ চৰিওৱা ঘটনাটোৰ লাইভ টেলিকাষ্ট ক'তো পাবলৈ নাই... মানে আমাৰ খাৰখোৱা চেনেল কেইটাৰ চাৰলক হমচ টাইপ ৰিপৰ্টাৰ কিজনে জি এচ ৰ'ড কাণ্ডৰ দৰে প্ৰ্পাৰলি এন্টিচিপেট কৰিব নোৱাৰিলে... গতিকে সঠিক সময়ত স্পটত উপস্থিত থাকিব নোৱাৰি আমাক শতিকাৰ এক শ্ৰেষ্ঠ এক্সক্লুচিভ ভিচুৱেলৰ পৰা বঞ্চিত কৰিলে ... যি হ'ল হ'ল.. এতিয়াতো আৰু সেই এক্সাইটিং ঘটনাৰ ৰি-টেক সম্ভৱ নহয় ... গতিকে জুবিন আৰু 'চৰখোৱা' ল'ৰাটো, আৰু আন কেইজন মান মুষ্টিমেয় প্ৰত্যক্ষদৰ্শীৰ বাদে "চিগাৰেট খোৱা", "চৰ মৰা", "চৰ খোৱা", চৰত গাল ৰঙা পৰি পাঁচোটা আঙুলীৰ চাপ বহা", "অতপালি কৰা", "অপহৰণ কৰাৰ অপচেষ্টা কৰা" আদিৰ দৰে আদালতৰ মজিয়া শুৱনী কৰা শব্দবোৰৰ যথাৰ্থতা যথাসময়ত এক আমোদজনক উকিলি বাদানুবাদৰ অন্তত প্ৰ্তিস্থিত হ'ব বা উফৰি পৰিব .... আমাৰ সিমানলৈকে চিন্তা কৰাৰ কি দৰকাৰ? বিন্দাচ খাওক, পিয়্ক, থাকক এনজয় কৰক...!!

বাতৰি কাকতত আৰু টিভি চেনেলে লগোৱা এটা বিশেষণ 'বিশিষ্ট/প্ৰ্তিস্থিত উকিল/অধিবক্তা' শ্ৰী অৰুপ বৰবৰুৱা ... আহ, মানুহজনৰ চচমাৰ তলৰ চকু কেইটা দেখিলেই কিবা এক ভয় ভাব হয়, এৰা, তেনেলোক ফালাফালি উকিল নহৈ আন কোন হ'ব? এওঁও বিন্দাচ বে... যুক্তিও বিন্দাচ... (১) ধৰি ললো, এজন ১৫ বছৰীয়া নাবালক ল'ৰাই চিগাৰেট খাই আছে ৰাস্তাত, তাতে আপোনাৰ মোৰ কি হ'ল? আপুনি/মই চৰিয়াম নেকি?!! হোহ... (২) বিনা দোষত বিনা কাৰণত জুবিনে তেওঁক চৰিয়াব কিয় আৰু জোৰ জবৰদষ্টি অপহৰণৰ চেষ্টা কৰিছে। (৩) এই নাবালক জনে চিগাৰেট খোৱা নাছিল....।

এক্সেলেন্ট মাই লৰ্ড.... টুচি গ্ৰেট হ'... অৰুপ বৰবৰা ... নামটো শুনা শুনা যেন লাগে... এই মানুহজন এসময়ত পি চি জি বোলা মহৎ (!) অনুস্থান এটাৰ সৈতে ওতঃপ্ৰোটভাৱে জড়িত হৈ থকা নাছিল নে ? হয় হয় ... এজন নাবালক (বা সাবালক বা বৃদ্ধ) ল'ৰাই মুকলিকৈ ৰাজহুৱা স্থানত চিগাৰেট,ধপাত বা আন ৰাগীয়াল বস্তু সেৱন কৰাটো আইন মতে দণ্ডনীয় সেই সাধাৰণ কথাটো নিশ্চয় বৰবৰা ডাঙৰীয়াই জানে; আৰু সেয়ে তেওঁ প্ৰ্থমতে 'ধৰি লৈ' পিছত নাইখোৱা বুলিও কৈছে....!! কোনোবা নাবালক সাবালকে ৰাস্তাত থিয় হৈ মদ চিগাৰেট খাই থাকক...খাই উদ্ভণ্ডালী কৰক, 'বেহুদা' অশ্লীল মাত মাতি ছোৱালীক বোৱাৰিক জোকাওক, তাত আপোনাৰ মাত মাতিবৰ কি অধিকাৰ আছে?!! হুহ ... বেটা, গায়্ক হবলৈ আহিছে ...'মই' কোন চিনি পোৱা নাই... উকিল চে তক্কৰ ??

মুঠতে বিন্দাচ যি কৰিবৰ মন আছে কৰক... আৰু মাজে মাজে আমাকো এক ৰসাল অমোদজনক 'থিম' দিয়্ক ... বিন্দাচ আলোচনা বিলোচনা কৰিবলৈ ... বিন্দাচ বলেতো একদম বিন্দাচ ....

# সুৰজিত নেওগ - ২ জুলাই ২০১৩, গুৱাহাটী

https://www.facebook.com/groups/axomiyakothabotora/permalink/567494359969731/

গাড়ীৰ চিটবেল্ট, দুচকীয়াৰ হেলমেট পৰিধানৰ বাধ্যবাধকতা আৰু ৰুপালী পৰ্দ্দাৰ ভুমিকা

আমি ভাৰতীয়সকলৰ (অসমীয়াৰ অলপ বেছিয়েই কিজানি) এটা বদনাম আছে; আনৰ বিশেষকৈ পাশ্চাত্যৰ অনুকৰণ; তাকো অন্ধ অনুকৰণ। অসমীয়াই আকৌ 'চাহাবক' অনুকৰণ কৰাৰ ওপৰিও আমাৰ দেশীয় ভাই-ভনীহতকো অনুকৰণ কৰে। অনুকৰণ কৰাটো সিমান বেয়া নহয় যদি এনে অনুকৰণে কিবা হিত সাধন কৰে। পিছে লেঠা তাতেই; প্ৰায়ভাগ এনে অন্ধ অনুকৰণ হকে বিহকে কৰা হয় যাৰ পৰা লাভতকৈ ক্ষতি বেছি হোৱা যেন ভাৱ হয়.... অনুকৰণৰ প্ৰ্তাপত ইকুল সিকুল দুয়োকুল হেৰোৱাই দুই নাৱত দুই ভৰি দি অথাই সাগৰত পৰাদি হয়... যেনে ঘৰচিৰিকাই ৰাজহাঁহৰ গহীন গম্ভীৰ খোজৰ অনুকৰণ কৰিবলৈ গৈ নিজৰটোও পাহৰিলে আৰু ৰাজহাঁহৰ দৰেও হ'ব নোৱাৰি জপিয়াই জপিয়াই খোজ দিবলৈহে শিকিলে..!!!


কি ভাবি এইখিনি কথা মনলৈ আহিল কওঁ শুনক ... মই আজিলৈকে পাশ্চাত্যৰ কোনো দেশত (ইউৰোপ, আমেৰিকা আদিত) ভৰি দি পোৱা নাই যদিও টিভি চেনেলৰ জড়িয়তে, বন্ধু-বান্ধৱৰ মুখত আৰু সবাতোকৈ বেছি ইংৰাজী (হলিউদি) চিনেমাবোৰৰ দ্বাৰা এই দেশসমুহৰ মানুহৰ জীৱনধাৰণ প্ৰ্ণালী, সামাজিক ব্যৱস্থা, আচাৰ-ব্যৱহাৰ, নীতি-নিয়্ম আদিৰ বিষয়ে কি্ছু কথা জানিব পাৰো। আপুনি মন কৰিবছোন, হলিউদি বা এনে চিনেমাবোৰত যিকোনো চৰিত্ৰ এটাই যেতিয়া গাড়ীখন চলাই থাকে বা আন আৰোহী গাড়ীখনত বহি গৈ থাকে, তেওঁলোকৰ চিটবেল্টবোৰ সঠিককে বন্ধা থাকে। ঠিক তেনেদৰে কোনোৱে যেতিয়া এখন দুচকীয়া বাহন চলায়, তেওঁ হেলমেটটো পিন্ধিহে বাহনখন চলায়। আনকি আৰক্ষীৰ লোকেও এই কামটো অতি নিয়্মীয়াকৈ বাধ্যতামুলক ভাৱে কৰে। সাধৰণ অৱস্থাতো বাদেই, আনকি সাংঘাটিক 'একচন' ধৰ্মী চিনেমাটো নায়কেই হওক, খলনায়কেই হওক বা আৰক্ষীয়েই হওক, গাড়ী এখনত বহি পোনপ্ৰ্থমে 'চিটবেল্ট' ডাল মাৰি লয়। চোৰ-পুলিচৰ শিহৰণকাৰি তীব্ৰ উত্তেজনাময় দৃশ্যবোৰতো আনকি গাড়ীৰ ভিতৰত চালক/আৰোহীৰ চিটবেল্ট বন্ধা থাকে। দুচকীয়া বাহনৰ খেদা-খেদিৰ দৃশ্যবোৰত খেদোতা আৰু খেদা খাওঁতা দুয়ো কিন্তু হেলমেটটো পিন্ধিবলৈ ঠিকেই সময় পায়....

এতিয়া অকণমান আমাৰ দেশলৈ ঘুৰি আহোঁ.. আজিকালি উন্নত তথ্য-প্ৰযুক্তিৰে আমাৰ বলিউদি চিনেমাবোৰতো বেছ সাংঘাটিক 'একচন' দৃশ্য দেখুৱাব পৰা হৈছে... নায়কে নায়িকাক দুচকীয়াৰ পিছত বহুৱাই তীব্ৰ বেগত দৌৰিছে... দুচকীয়া এবাৰ সোফালে হালিছে, এবাৰ বাওঁফালে হালিছে... নায়িকাৰ দুপাত্তা, চুলি বতাহত উৰি গৈছে... নায়কৰো দীঘল চুলি উৰিছে... দুয়োৰে কাৰো মুৰত হেলমেট নাই...!! কেতিয়াবা এনে খেদা-খেদিত দুচকীয়া বাগৰি পৰিছে... আৰোহীৰ চাল এডোখৰো চিঙা নাই... চুপাৰহিৰ' যে ..!! আকৌ অত্যাধুনিক গাড়ীত বহি নায়্ক-নায়িকাই এশ কিমি গতিবেগত গৈ গীত গাই মচগুল হৈ আছে... স্টীয়েৰীঙৰ ওপৰত থিয় হৈ কেতিয়াবা নায়্ক আৰু কেতিয়াবা নায়িকাই বতাহত হালি জালি ৰোমান্তিক গীত গাইছে ... কেতিয়াবা আকৌ চুপাৰ চোৰে পলাইছে, পিছে পিছে পুলিছৰ খেদা... কোনেও চিটবেল্টডাল বান্ধি লবলৈ আহৰি পোৱা নাই ...আহ.. চিটবেল্ট? ধুৰ চিটবেল্ট কোন পাগলে মাৰে? বলিউদ বাদেই দিলো, আমাৰ খাৰখোৱা হিৰ' হিৰ'ইন সকল আৰু এখোপ চৰা.... 'পালচাৰ' (এইখন আজিকালি হেনো 'মৰ্ড' সকলৰ ট্ৰ্ডমাৰ্ক বাহন) এখন লৈ গুৱাহাটীৰ ব্যস্ত পথেদি, উপপথেদি আৰু কেতিয়াবা পদপথৰ ওপৰেদি ষ্টান্টমাৰি "ইউ আৰ মাই ডাৰ্লীং, অ' মোৰ ৰুপেশ্বৰী.." বুলি কেনে ধুনীয়াকৈ গীত গাই গাই নায়িকাৰ মন মুহিবৰ চেষ্টা কৰে...!! আৰু তাকে দেখি এনে সুযোগ নোপোৱা (মানে আচল দুনীয়াৰ ষ্টান্টপ্ৰিয় "হিৰ' ৱৰশ্বিপাৰ" সকল) ডেকা সকল পাগল হৈ যায়... মুৰত হেলমেট নিপিন্ধা হালি জালি গৈ বাটত কাৰোবাক খুন্দিয়াই এসময়ত ডিভাইদাৰত/খুটাত/গছত মাৰি সিপুৰি পায়গৈ...।

মই জনাত গাড়ী চলাওঁতে চিটবেল্ট মৰাতো আৰু দুচকীয়া চলাওঁতে হেলমেট পিন্ধাটো আমাৰ ইয়াতো বাধ্যতামুলক। কিন্তু আমাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে থকা, সিৰাই উপসিৰাই বোৱা তেজত আৰু জন্মসুত্ৰে পোৱা 'আইন উলংঘাকাৰি অসামাজিক চৰিত্ৰটোৱে' এনে কাম আন কোনোৱে কৰিলে ফিচিঙা ফিচিং কৰি হাহোঁ। দুচকীয়া এখন চলাওঁতে হেলমেটটো বাওঁহাতত বা সোঁহাতত সুমুৱাই লৈ যোৱাটোহে আমাৰ ইয়াৰ নিয়্ম; তাকো হেলমেটটো আৰক্ষীৰ (বিহুৱে-পূজাই) এশটকীয়া জৰিমনাৰ পৰা হাত সাৰিবৰ বাবেহে...। দেশী-বিদেশী অত্যাধুনিক গাড়ীবোৰৰ ৯০% ই নাজানে চিটবেল্টডাল কেনেকৈ মাৰিব লাগে..!! কাৰণ আমাৰ সামাজিক দায়িত্ববোধ বোলা বস্তুটোৰ যে অভাৱ...! বেলেগৰ কথা চিন্তা কৰাতো বাদেই দিলো, নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিব পৰা জ্ঞান-বুদ্ধি, সচেতনতা খিনিয়েই এই মূৰ্খ সকলৰ নাই।

হিৰ'ৱৰশ্বিপাৰেৰে ভৰি থকা আমাৰ সমাজখনৰ এনে মুৰুখমতি সকলৰ বাবে চিনেমা জগতৰ লগত জড়িত লোকসকলৰ কিছু কৰণীয় নিশ্চয় আছে। হিৰ' জনে গাড়ীখন চলাওঁতে চিটবেল্ট ডাল মাৰি লোৱা দেখুৱাত একো অসুবিধা থাকিব নালাগে। ঠিকে তেনেদৰে হিৰ'ই দুচকীয়া বাহনখনত বহোঁতেই মুৰত হেলমেট পিন্ধাটো বাধ্যতামুলক ভাৱে দেখুৱাব নোৱাৰি কিয়? দৃশ্যাংশৰ প্ৰ্য়োজনত ৰুপালী পৰ্দ্দাত কোনোৱে ধুমপান বা মদ্যপান কৰাৰ চিন থাকিলে তলত "ধুমপান বা মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক" বুলি লেখাটো আজিকালি বাধ্যতামুলক নহয় জানো? আমাৰ বাবে দুখঃজনক কথাটো হ'ল এই যে এনেধৰণৰ "বাধ্যতামুলক" কথা কেৱ্ল উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে হয়...!! বাকি সৰ্বভাৰতীয় পৰ্য্যায়ত বাদ দিলো, আমাৰ অসমীয়া চলচিত্ৰ, ধাৰাবাহিকবোৰৰ পৰিচালক/প্ৰযোজক সকলে এনে সুদুৰপ্ৰসাৰি পদক্ষেপ লৈ অদুৰ ভবিষ্যতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ আগতেই সমগ্ৰ দেশৰ বাবেই বাটকটিয়া হওকছোন.... অসমীয়া পৰিচালক/প্ৰযোজক সকলে সমগ্র দেশক দেখুৱাই দিয়ক যে তেখেতসকল সামাজিক ভাৱে যথেষ্ঠ দায়বদ্ধ আৰু এই বিষয়ত আনতকৈ আগবঢ়া ...আশাকৰো শুভবুদ্ধিৰ উদয় হোৱাত বেছি পলম নহয়...

# সুৰজিত নেওগ -- ২২ জুলাই, ২০১৩ / গুৱাহাটী
https://www.facebook.com/groups/axomiyakothabotora/permalink/576391985746635/