আমি ভাৰতীয়সকলৰ (অসমীয়াৰ অলপ বেছিয়েই কিজানি) এটা বদনাম আছে; আনৰ বিশেষকৈ
পাশ্চাত্যৰ অনুকৰণ; তাকো অন্ধ অনুকৰণ। অসমীয়াই আকৌ 'চাহাবক' অনুকৰণ কৰাৰ
ওপৰিও আমাৰ দেশীয় ভাই-ভনীহতকো অনুকৰণ কৰে। অনুকৰণ কৰাটো সিমান বেয়া নহয় যদি
এনে অনুকৰণে কিবা হিত সাধন কৰে। পিছে লেঠা তাতেই; প্ৰায়ভাগ এনে অন্ধ
অনুকৰণ হকে বিহকে কৰা হয় যাৰ পৰা লাভতকৈ ক্ষতি বেছি হোৱা যেন ভাৱ হয়....
অনুকৰণৰ প্ৰ্তাপত ইকুল সিকুল দুয়োকুল হেৰোৱাই দুই নাৱত দুই ভৰি দি অথাই
সাগৰত পৰাদি হয়... যেনে ঘৰচিৰিকাই ৰাজহাঁহৰ গহীন গম্ভীৰ খোজৰ অনুকৰণ কৰিবলৈ
গৈ নিজৰটোও পাহৰিলে আৰু ৰাজহাঁহৰ দৰেও হ'ব নোৱাৰি জপিয়াই জপিয়াই খোজ
দিবলৈহে শিকিলে..!!!
কি ভাবি এইখিনি কথা মনলৈ আহিল কওঁ শুনক ... মই আজিলৈকে পাশ্চাত্যৰ কোনো দেশত (ইউৰোপ, আমেৰিকা আদিত) ভৰি দি পোৱা নাই যদিও টিভি চেনেলৰ জড়িয়তে, বন্ধু-বান্ধৱৰ মুখত আৰু সবাতোকৈ বেছি ইংৰাজী (হলিউদি) চিনেমাবোৰৰ দ্বাৰা এই দেশসমুহৰ মানুহৰ জীৱনধাৰণ প্ৰ্ণালী, সামাজিক ব্যৱস্থা, আচাৰ-ব্যৱহাৰ, নীতি-নিয়্ম আদিৰ বিষয়ে কি্ছু কথা জানিব পাৰো। আপুনি মন কৰিবছোন, হলিউদি বা এনে চিনেমাবোৰত যিকোনো চৰিত্ৰ এটাই যেতিয়া গাড়ীখন চলাই থাকে বা আন আৰোহী গাড়ীখনত বহি গৈ থাকে, তেওঁলোকৰ চিটবেল্টবোৰ সঠিককে বন্ধা থাকে। ঠিক তেনেদৰে কোনোৱে যেতিয়া এখন দুচকীয়া বাহন চলায়, তেওঁ হেলমেটটো পিন্ধিহে বাহনখন চলায়। আনকি আৰক্ষীৰ লোকেও এই কামটো অতি নিয়্মীয়াকৈ বাধ্যতামুলক ভাৱে কৰে। সাধৰণ অৱস্থাতো বাদেই, আনকি সাংঘাটিক 'একচন' ধৰ্মী চিনেমাটো নায়কেই হওক, খলনায়কেই হওক বা আৰক্ষীয়েই হওক, গাড়ী এখনত বহি পোনপ্ৰ্থমে 'চিটবেল্ট' ডাল মাৰি লয়। চোৰ-পুলিচৰ শিহৰণকাৰি তীব্ৰ উত্তেজনাময় দৃশ্যবোৰতো আনকি গাড়ীৰ ভিতৰত চালক/আৰোহীৰ চিটবেল্ট বন্ধা থাকে। দুচকীয়া বাহনৰ খেদা-খেদিৰ দৃশ্যবোৰত খেদোতা আৰু খেদা খাওঁতা দুয়ো কিন্তু হেলমেটটো পিন্ধিবলৈ ঠিকেই সময় পায়....
এতিয়া অকণমান আমাৰ দেশলৈ ঘুৰি আহোঁ.. আজিকালি উন্নত তথ্য-প্ৰযুক্তিৰে আমাৰ বলিউদি চিনেমাবোৰতো বেছ সাংঘাটিক 'একচন' দৃশ্য দেখুৱাব পৰা হৈছে... নায়কে নায়িকাক দুচকীয়াৰ পিছত বহুৱাই তীব্ৰ বেগত দৌৰিছে... দুচকীয়া এবাৰ সোফালে হালিছে, এবাৰ বাওঁফালে হালিছে... নায়িকাৰ দুপাত্তা, চুলি বতাহত উৰি গৈছে... নায়কৰো দীঘল চুলি উৰিছে... দুয়োৰে কাৰো মুৰত হেলমেট নাই...!! কেতিয়াবা এনে খেদা-খেদিত দুচকীয়া বাগৰি পৰিছে... আৰোহীৰ চাল এডোখৰো চিঙা নাই... চুপাৰহিৰ' যে ..!! আকৌ অত্যাধুনিক গাড়ীত বহি নায়্ক-নায়িকাই এশ কিমি গতিবেগত গৈ গীত গাই মচগুল হৈ আছে... স্টীয়েৰীঙৰ ওপৰত থিয় হৈ কেতিয়াবা নায়্ক আৰু কেতিয়াবা নায়িকাই বতাহত হালি জালি ৰোমান্তিক গীত গাইছে ... কেতিয়াবা আকৌ চুপাৰ চোৰে পলাইছে, পিছে পিছে পুলিছৰ খেদা... কোনেও চিটবেল্টডাল বান্ধি লবলৈ আহৰি পোৱা নাই ...আহ.. চিটবেল্ট? ধুৰ চিটবেল্ট কোন পাগলে মাৰে? বলিউদ বাদেই দিলো, আমাৰ খাৰখোৱা হিৰ' হিৰ'ইন সকল আৰু এখোপ চৰা.... 'পালচাৰ' (এইখন আজিকালি হেনো 'মৰ্ড' সকলৰ ট্ৰ্ডমাৰ্ক বাহন) এখন লৈ গুৱাহাটীৰ ব্যস্ত পথেদি, উপপথেদি আৰু কেতিয়াবা পদপথৰ ওপৰেদি ষ্টান্টমাৰি "ইউ আৰ মাই ডাৰ্লীং, অ' মোৰ ৰুপেশ্বৰী.." বুলি কেনে ধুনীয়াকৈ গীত গাই গাই নায়িকাৰ মন মুহিবৰ চেষ্টা কৰে...!! আৰু তাকে দেখি এনে সুযোগ নোপোৱা (মানে আচল দুনীয়াৰ ষ্টান্টপ্ৰিয় "হিৰ' ৱৰশ্বিপাৰ" সকল) ডেকা সকল পাগল হৈ যায়... মুৰত হেলমেট নিপিন্ধা হালি জালি গৈ বাটত কাৰোবাক খুন্দিয়াই এসময়ত ডিভাইদাৰত/খুটাত/গছত মাৰি সিপুৰি পায়গৈ...।
মই জনাত গাড়ী চলাওঁতে চিটবেল্ট মৰাতো আৰু দুচকীয়া চলাওঁতে হেলমেট পিন্ধাটো আমাৰ ইয়াতো বাধ্যতামুলক। কিন্তু আমাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে থকা, সিৰাই উপসিৰাই বোৱা তেজত আৰু জন্মসুত্ৰে পোৱা 'আইন উলংঘাকাৰি অসামাজিক চৰিত্ৰটোৱে' এনে কাম আন কোনোৱে কৰিলে ফিচিঙা ফিচিং কৰি হাহোঁ। দুচকীয়া এখন চলাওঁতে হেলমেটটো বাওঁহাতত বা সোঁহাতত সুমুৱাই লৈ যোৱাটোহে আমাৰ ইয়াৰ নিয়্ম; তাকো হেলমেটটো আৰক্ষীৰ (বিহুৱে-পূজাই) এশটকীয়া জৰিমনাৰ পৰা হাত সাৰিবৰ বাবেহে...। দেশী-বিদেশী অত্যাধুনিক গাড়ীবোৰৰ ৯০% ই নাজানে চিটবেল্টডাল কেনেকৈ মাৰিব লাগে..!! কাৰণ আমাৰ সামাজিক দায়িত্ববোধ বোলা বস্তুটোৰ যে অভাৱ...! বেলেগৰ কথা চিন্তা কৰাতো বাদেই দিলো, নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিব পৰা জ্ঞান-বুদ্ধি, সচেতনতা খিনিয়েই এই মূৰ্খ সকলৰ নাই।
হিৰ'ৱৰশ্বিপাৰেৰে ভৰি থকা আমাৰ সমাজখনৰ এনে মুৰুখমতি সকলৰ বাবে চিনেমা জগতৰ লগত জড়িত লোকসকলৰ কিছু কৰণীয় নিশ্চয় আছে। হিৰ' জনে গাড়ীখন চলাওঁতে চিটবেল্ট ডাল মাৰি লোৱা দেখুৱাত একো অসুবিধা থাকিব নালাগে। ঠিকে তেনেদৰে হিৰ'ই দুচকীয়া বাহনখনত বহোঁতেই মুৰত হেলমেট পিন্ধাটো বাধ্যতামুলক ভাৱে দেখুৱাব নোৱাৰি কিয়? দৃশ্যাংশৰ প্ৰ্য়োজনত ৰুপালী পৰ্দ্দাত কোনোৱে ধুমপান বা মদ্যপান কৰাৰ চিন থাকিলে তলত "ধুমপান বা মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক" বুলি লেখাটো আজিকালি বাধ্যতামুলক নহয় জানো? আমাৰ বাবে দুখঃজনক কথাটো হ'ল এই যে এনেধৰণৰ "বাধ্যতামুলক" কথা কেৱ্ল উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে হয়...!! বাকি সৰ্বভাৰতীয় পৰ্য্যায়ত বাদ দিলো, আমাৰ অসমীয়া চলচিত্ৰ, ধাৰাবাহিকবোৰৰ পৰিচালক/প্ৰযোজক সকলে এনে সুদুৰপ্ৰসাৰি পদক্ষেপ লৈ অদুৰ ভবিষ্যতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ আগতেই সমগ্ৰ দেশৰ বাবেই বাটকটিয়া হওকছোন.... অসমীয়া পৰিচালক/প্ৰযোজক সকলে সমগ্র দেশক দেখুৱাই দিয়ক যে তেখেতসকল সামাজিক ভাৱে যথেষ্ঠ দায়বদ্ধ আৰু এই বিষয়ত আনতকৈ আগবঢ়া ...আশাকৰো শুভবুদ্ধিৰ উদয় হোৱাত বেছি পলম নহয়...
# সুৰজিত নেওগ -- ২২ জুলাই, ২০১৩ / গুৱাহাটী
https://www.facebook.com/groups/axomiyakothabotora/permalink/576391985746635/
No comments:
Post a Comment