পৰিবেশ দিৱস, বৃক্ষৰোপন, এখন ব্যতিক্ৰমি বিদ্যালয়ৰ পৰিবেশ সচেতনতা আৰু আমাৰ উদাসীনতা ...
যোৱা নিশা শুৱাপাটিত ল'ৰাটোৱে ময়ে বিশ্ব পৰিবেশ দিৱস আৰু এইবাৰৰ থিমটোৰ বিষয়ে কথা পাতি আছো। নানান কথা; তাৰ অনুসন্ধিৎসু মনটোৰ বিভিন্ন প্ৰ্শ্নবোৰৰ যথাযথ উত্তৰ দিবলৈ মোৰ জ্ঞান বুদ্ধিৰে চেষ্টা চলাই আছো। মাজতে তাৰ বিদ্যালয়খনৰ কথা ওলাল। তাহাঁতৰ লখৰাৰ বিদ্যালয় চৌহদটো কতৃপক্ষই বিভিন্ন গছ-গছনিৰে কেনেকৈ সজাই পৰাই তুলিছে সেই বিষয়ে খুব উৎসাহেৰে সি কৈ গ'ল।
বিদ্যালয়খনৰ অধ্যক্ষা আৰু তেখেতৰ স্বামীৰ ব্যক্তিগত প্ৰচেষ্টাত গোটেই চৌহদটো কি দৰে ফলে ফুলে জাতিস্কাৰ হৈ উঠিছে তাৰ আভাষ এটা তাৰ কথাৰ পৰাই পালো। এখন ফুটবল খেলপথাৰ, ল'ন গ্ৰাচৰ এখন সুবৃহৎ পথাৰ, এটা বৃহ্ৎ চুইমিং পুল, এখন বাস্কেট বলৰ কৰ্ট, চাৰিখন বেডমিন্টনৰ কৰ্ট, এখন টেনিচ কৰ্টেৰে সমৃদ্ধ তাহাঁতৰ চৌহদটো সচায় মনোমোহা। লগতে আছে শাৰী শাৰীকৈ ৰোৱা বিভিন্ন ফল, ফুলৰ গছ-লতিকাবোৰ। এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হোৱা স্বত্বেও তাহাঁতক অসমীয়া আৰু ভাৰতীয় সংস্কৃতিৰ বিষয়ে এক আভাষ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষ সততে তৎপৰ হোৱা দেখা যায়। এই বিদ্যালয়খনৰ নিজা ছাত্ৰ ছাত্ৰীৰে গঠিত এটা বিহু হুচৰিৰ দল আছে। মই জনাত গুৱাহাটিৰ এইখনেই একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় য'ত বহাগ বিহু উৎসৱ দুদিনীয়াকৈ উৎযাপন কৰা হয়। মাঘ বিহুত মেজি কেনেকৈ আৰু কিয় জ্বলোৱা হয় তাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক হাতে কামে বুজাই দিয়া হয়; লগতে আজিৰ ল'ৰা-ছোৱালীয়ে সাধাৰণতে বেয়া পোৱা দৈ, চিৰা, পিঠা, জলপান আদি সিহঁতক খুৱাই আমাৰ বাপতি সাহোন বিহুৰ মুটামুটা এক বিশ্লেষন কৰা হয়। কাতি বিহুত তুলসীৰ তলত চাকি কিয় জ্বলাব লাগে তাকো শিকোৱা হয়। তেনেকৈ দীপাৱলী সচেতন আৰু সাৱধানেৰে কেনেকৈ উৎযাপন কৰিব লাগে তাৰো শিক্ষা দিয়া হয়। লগতে ফাকুৱা খেলৰ আনন্দও তাহাতক দিয়া হয়। খ্ৰীষ্টমাচ বা ঈদ কি আৰু কিয় পালন কৰা হয় সেই বিষয়েও এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক এক সম্যক জ্ঞান দিয়া হয়। আৰূ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইযে এনে সকলোবোৰ কাম বিদ্যালয়খনে নিজ খৰচত কৰে আৰু অভিভাৱকৰ ওপৰত কোনো ধৰণৰ হেঁচা (অৰ্থনৈতিক বা আন) প্ৰয়োগ কৰা নহয়।
মই আচলতে বেলেগ এটা কথা ক'বলৈহে এই প'ষ্টটো লেখিছিলো। এই বিদ্যালয়খনৰ এনে ধৰনৰ সকলো সৎ প্ৰচেষ্টাৰ ভিতৰত অন্যতম হ'ল আমাৰ উঠি অহা নৱপ্ৰজন্মক পৰিবেশ, সেউজী ধৰা, গছ-গছনিৰ প্ৰ্য়োজনীয়তা সম্পৰ্কে দিয়া ব্যৱহাৰিক জ্ঞান। পানী সংৰক্ষণৰ বিষয়ে সকলোকে কঠোৰ ভাৱে শিকোৱা হয়। সৰু ল'ৰা-ছোৱালীহঁতৰ কুমলীয়া মনত এইবোৰে কেনেধৰণে ক্ৰিয়া কৰে তাক আমি কৈ বুজাব নোৱাৰো। দুটা উদাহৰণ দিওঁ; যোৱা দেওবাৰে আমাৰ ঘৰৰ কৃ্ষ্ণচুড়াজোপা ডাঙৰ হৈ আন কেইজোপামান গছ হেচাঁ মাৰি ধৰাৰ উপক্ৰম হোৱাত দুটামান ডাল কাটিবলৈ লওঁতেই আমাৰ ল'ৰাটোৱে চিঞৰি উঠিল "দেউতা, গছডাল কিয় কাটিছা? গছ আমি ৰুবহে লাগে, তুমি কিয় কাটিছা?" .. কি ক'ম..। গা-ধোৱা ঘৰৰ টেপ এটা লিক হৈ পানী নিগৰি নিগৰি গৈ আছিল; মই মনে মনে আজি কৰিম কালি কৰিম বুলি ভাবি থাকোতেই এদিন সি (আমাৰ ল'ৰাটোৱ) বৰ চিন্তিত ভাৱে মোক ক'লে "দেউতা, আমাৰ বাথৰুমটোৰ টেপটোৱেদি কিমান পানি ৱেষ্ট হৈ আছে.. সেইটো ঠিক কৰি ল'ব লাগে নহয়।" ... মই নিশ্চিত, এনে ধৰণৰ কথা কেৱ্ল মোৰ ল'ৰাটোৱেই নহয়; তাৰ সমনীয়া বা তাৰ বিদ্যালয়ত পঢ়া প্ৰতিটো শিশুৱেই তাৰ মাক-দেউতাক বা আনক ক'ব। আৰু এয়াই সচেতনতা। কল্পনা কৰকছোন, আমাৰ প্ৰ্তিখন বিদ্যালয়েই যদি এনেকৈ শিক্ষা (মই নাজানো, আন কোনোবাই কৰে নে নকৰে) দিলেহেতেন, তেন্তে হাজাৰ কোটি টকা খৰচ কৰি 'বিশ্ব পৰিবেশ দিৱস' পাতি বেলেগকে বুজাব নালাগিলেহেতেন। আমাৰ অসমখনক প্ৰকৃতিয়ে কোনো কৃপনালী নকৰাকৈ বহু কিবা কিবি দিছে; তাৰ অৰ্থ এইটো নহয় যে আমি তাক ধ্বংস কৰি থাকিম। আমাৰ ইয়াত গছ -গছনি, অৰণ্যৰ আধিক্যৰ বাবে আমি যধে মধে এই বোৰ কাটি তহিলং কৰিম সেইটো কেনে উদ্ভৎ চিন্তা। আমাৰ দেশৰ বাকী অংশত আমাৰ দৰে সেউজীয়া নাই বুলি আমিও সিহঁতৰ দৰে নঙঠা হৈ থাকিম বুলি যদি কোনোলোকে যুক্তি দৰ্শায় তেন্তে সেয়া এক স্থুল বুদ্ধিৰ পৰিচায়কৰ বাদে একো নহয়। এক ৰুগ্ন মগজুৰ অনুৰ্বৰ ফচল।
অসমৰ দৰে এখন ঠাইত বিশেষকে গুৱাহাটীত হোৱা খোৱা পানীৰ সমস্যাৰ সমাধান কি? কোনেও ক'ব নোৱাৰে। ব্ৰ্হ্মপুত্ৰ কাষেৰেই বৈ গৈছে, অথচ খোৱা পানী এটুপি নাই। পৰিবেশ সম্পৰ্কত আমাৰ চৰম উদাসিনতা আৰু অসচেতনতাই ইয়াৰ কাৰক নহয়নে? আমি বা আমাৰ অগ্ৰজসকলে যি ভুল কৰিলে তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে উঠি অহা নৱপ্ৰজন্মক উপযুক্ত শিক্ষা দিয়াতো আমাৰ কৰ্তব্য; নহলে ভবিষ্যতে এওঁলোকে আমাকে জগৰীয়া নকৰিব নে? আমি এনে এক প্ৰাকৃতিক পৰিবেশত বাস কৰো য'ত গছপুলি এটা গোঁজ মাৰি দিলেই লাহে লাহে এজোপা ডাঙৰ গছলৈ ৰুপান্তৰিত হয়, কিন্তু অতি দুখেৰে লক্ষ্য কৰো যে আমাৰ বৰ্তমান থকা ঠাই গুৱাহাটী চহৰখনতেই অতি কমসংখ্যক গছ-গছনি আছে আন আন তেনে সমপৰ্য্যায়ৰ নগৰ চহৰৰ তুলনাত। আকাশীজানেৰে গ'লে কলিকতা, দিল্লী, মুম্বাই বা বাংগালুৰু চহৰৰ সেউজীয়া আৱৰণখন দেখিলে আমাৰ মনত গুৱাহাটীখনৰ কথা ভাবি এক ধিক্কাৰ ভাৱৰ জন্ম হয়। যিকোনো শিক্ষাৰ আদিপাঠ যিহেতুকে ঘৰতেই আৰম্ভ হয়, গতিকে এনে অমূল্য শিক্ষা আমি আমাৰ ল'ৰা-ছোৱালীহঁতক ঘৰতেই দিওঁ আহক।
আমি এইদৰে কথা পাতি থাকোতে ল'ৰাটোৱে ক'লে 'দেউতা, ইন্টাৰেষ্টিং কথা এটা শুনা; আমাৰ লগৰ যে নেহা, তাইক মাক-দেউতাকে আমাৰ স্কুলৰ পৰা লৈ যাব হেনো। যোৱা সোমবাৰে তাই নতুনকে এডমিশ্বন ল'ব লগীয়া স্কুলখনলৈ মাক-দেউতাকৰ লগত গ'ল। কিন্তু তাইৰ বোলে ইমান বেয়া লাগিল যে তাই তাত নপঢ়ে।" মই কিয় বোলা সোধাত সি ক'লে "তাই মোক আজি ক'লে, 'ধেৎ, তাত পঢ়ে নেকি? অকনমানো ঘাহঁ নাই; গেটৰ পৰা গোটেইখন পকা। পকা ফিল্ডত কেনেকে খেলিম? ডাঙৰ হলেও আমাৰ ইয়াৰ নিচিনা ইমান ধুনীয়া নহয়; এডাল গছো নাই'।" কথাটো মন কৰিছেনে? আজিৰ ল'ৰা-ছোৱালী কংক্ৰিটৰ জংঘলৰ মাজত জন্ম-ডাঙৰ দীঘল হলেও মনে প্ৰাণে কিন্তু অলপ সেউজীয়া বিচাৰে। তাঁহাতিও বিচাৰে গছ-গছনিৰে ভৰা এখন মনোমোহা খেলা ঠাই। আমি যে অকনমান শান্তি বিচাৰি মাজে মাজে শ্বিলঙলে যাওঁ, তাত আমি আচলতে কি বিচাৰি যাওঁ? সেউজী দলিচা যেন লগা লানি লগা পাহাৰবোৰ চাই চাই আমি আপোন পাহৰা হৈ নপৰো নে?
কেইবছৰমান আগতে কোনো মতে ধাৰ ঋণ কৰি, বেংকৰ ল'ন লৈ গুৱাহাটীৰ উপকন্থ অঞ্চলত এচিকত মাটি কিনি সৰু পঁজা এটা সাজিলো। পৰিবাৰৰ অক্লান্ত পৰিশ্ৰমত চৌহদটোও ক্ৰমে কেইবাজোপা গছ-লতিকাৰে জাতিস্কাৰ হৈ উঠিছে। কিন্তু বৰ আচৰিত হওঁ তেতিয়া, যেতিয়া কোনো চিনাকী মানুহে বা বন্ধু-বান্ধৱে সোধে ভাড়া ঘৰ কেইটা আছে বুলি? মোৰ ভাড়াঘৰ নাই বুলি ক'লে কোনোৱে বিশ্বাস নকৰে বা আন কোনোৱে মোক আচৰিত প্ৰাণী এটা চোৱা দি চায়। গুৱাহাটীত মাটি, আৰু ভাড়াঘৰ নাই?!!! কি বুৰ্বক মানুহ হে ..!! মই যেতিয়া কওঁ, মোৰ ঘৰত বিভিন্ন গছ আছে বুলি, তেতিয়া আৰু অচৰিত হয়; বহুতে হয়তো মোৰ মুৰৰ গণ্ডগোল আছে বুলিও ভাবে। মই পিছে তেনে লোক পালে খুব আমোদ পাওঁ আৰু তেওঁলোকক জোৰ কৰি (মানে মোৰ কথা শুনিবলৈ ইচ্ছা নাথাকিলেও) আঙুলিৰ মুৰত হিচাপ কৰি কৰি গছৰ নামবোৰ কৈ যাওঁ ... চাৰিজোপা আম, ৫ জোপা অমিতা, জাহাজী-মনোহৰ-ভীম কল, লমা-লমে লগা এজোপা ৰহদৈ, এজোপা আটলচ, এজোপা পৰামলখি, এজোপা নাহৰ, এজোপা বকফুল, তৰোৱা কদম এজোপা, ঘৰটোৰ সমান ওখ এজোপা কৃষ্ণচূড়া, এজোপা বগাজামু, এজোপা গুটিহীন লেচু, চাৰিজোপা সুমথিৰা টেঙা, ৩ জোপা কাজি নেমু-এজোপা গোল নেমু, এজোপা মধুৰী, বকুল এজোপা, তেজপাত এজোপা, কেইবাজোপা তিতাফুল, পাইন এজোপা... লগতে আছে লোহাৰ খুটাৰে বনাই লোৱা এখন লাউৰ চাং আৰু বতৰত কৰা বিলাহীৰ চাং... কাৰ্পেট গ্ৰাচৰ এখন সৰু ল'ন, ২০০ টা মান টাবত ৰোৱা বিভিন্ন ফুল, ষ্ট্ৰবেৰি আৰু আন আন গছ। মই দিয়া এই লিষ্টখন শুনি বেছিভাগেই বিশ্বাস নকৰে। নকৰিলে নাই। যি বিশ্বাস কৰে, তেওঁ সোধে, আপোনাৰ এবিঘা মান মাটি আছে নেকি? কি বিড়ম্বনা..!! মোৰ ডেৰ কঠা মাটিও নাই !! আমাৰ হাবি জংঘলৰ মাজতে ডাঙৰ দীঘল হোৱা, অসমত জন্মা এই লোক সকলৰ কেইজোপা মান গছ ৰুবলৈ কিমান ঠাইৰ আৱশ্যক সেইকণ জ্ঞানো নাই...। বেয়া লাগে; ভাবো, আমিবোৰ আচলতে একো একোটা কংক্ৰিটৰ খুটালৈ পৰিনত হৈছো নেকি বাৰু লাহে লাহে?? মোৰ বাগানীয়া বেকগ্ৰাউণ্ডৰ কথা জনা লোকে আকৌ সোধে 'কেইজন মালি ৰাখিছে এইবোৰ কৰিবলৈ?' মালি?? মোৰ আৰু পৰিবাৰৰ এইবোৰ হল এটা নেচা। অৱশ্যেই তেওঁৰ অৰিহনা ৯০% আৰু মোৰ নামমাত্ৰ। আজিকালি ল'ৰাটোকো লগাও মাজে মাজে।
মূৰ্খৰ স্বৰ্গত বাসকৰা এনেলোক এতিয়াও আমাৰ মাজত আছে যি ভাবে প্ৰাকৃতিক ভাৱে চহকী আমাৰ অসমত এতিয়াও অগণন গছ-গছনি আছে; আমাক চাৰিওফালে জংঘলেৰে আৱৰি আছে। ইমান হাবি বননিৰ মাজত মহঁ ডাহঁৰ কামোৰ খাই থাকি আকৌ গছ-গছনি কিয় লাগে? নিজকে মূৰ্খ সজোৱা বাদ দি ধৰিত্ৰী ঘন্টাৰ সংকেত শুনক। নিজৰ বাবে নহলেও নিজৰ ল'ৰা-ছোৱালীৰ বাবে অন্তত কিবা এৰি যাওক। সকলোবোৰ নিজেই খাবনে? আমাৰ ধৰাখনক সেউজীয়া কৰি আৰু অধিক মোহনীয়া কৰিবলৈ ৩৬৫ দিনৰ ভিতৰত এদিন পৰিবেশ দিৱস পতাটো অৰ্থহীন কথা। প্ৰ্তিটো দিনেই পৰিবেশ দিৱস। গছপুলি এডাল নিয়্মীয়াকৈ ৰুৱাটো এটা অভ্যাসত পৰিনত কৰক। ময়ো আজি সেয়ে গছপুলি ৰোৱা নাই, কাৰণ আমি প্ৰ্তি শণিবাৰ/দেওবাৰে কিবা নহয় কিবা এটা ৰুঁওৱেই।
# সুৰজিত নেওগ - ৫ জুন ২০১৩, আবেলি ৬.৩০ বজা, গুৱাহাটী
https://www.facebook.com/groups/axomiyakothabotora/permalink/554076534644847/
No comments:
Post a Comment