জীৱনলৈ দুখ যেতিয়া আহে হিল দোল ভাঙি আহে
জীৱনলৈ দুখ যেতিয়া আহে হিল দোল ভাঙি আহে - এটা জীয়া অনুভৱ . . .
আজি পূৱা অফিচলৈ আহিবলৈ যো জা চলাইছো । সেই সময়খিনিত 'সময়ৰ' খুব
টানাটানি । আহিল নহয় তেনেতে এটা ফ'ন; বৰ আপদ । শ্রীমতীক কলো উঠাবলৈ ।
চিনাকি ল'ৰা এটাই কৰিছে, সি এইফালে কামৰ সংক্রান্তত আহিছিল, মোক এবাৰ লগ
পাই যাবলৈ বিচাৰিছে । ল'ৰাজন, মানে মনোজ পেচাত এজন বাৰ্নিচ মিষ্ট্রি । খুব
অমায়িক, ভদ্র হাহিমুখিয়া মনোজে মোৰ ঘৰৰ প্রায়ভাগ কাঠৰ বাৰ্নিচৰ কামেই
কৰিছিল । এজন কষ্টসহিঞ্চু, চিনচিয়াৰ অসমীয়া খাটি খোৱা ল'ৰা । চাৰি পাচ
বছৰৰ পৰা চিনাকি হেতুকে সি মাজে মাজে আহি থাকে । আজি সি প্রায় এবছৰমান
পিছত আহিছে ।আমি জনাত তাৰ স্ত্রী অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়ীত্রি আৰু
এক মাত্র ল'ৰাটো মোৰ ল'ৰাটোৰ সমবয়সীয়া । আমি দুয়ো তাক মৰমতে একো
নাথাকিলেও কিবা কিবি খুচুৰা কাম ওলিয়াই কেতিয়াবা কৰিবলৈ দিওঁ । আজি পিছে
একেবাৰে সময়ৰ নাটনিৰ বাবে তাক কলো "তুমি মোৰ লগতে ব'লা, গাড়িতে অলপ কামৰ
কথা পাতি ল'ম" । কামকৰা মানুহ জনীয়ে দিয়া চাহ কাপ খাই সি মোৰ লগত ওলাল ।
লগত শ্রীমতী; বাটতে নামি যাব, ল'ৰাটোৰ স্কুলফিজ দিবৰ বাবে ।
কামৰ
কথা বতৰা পাতি আছো । মাজতে তাৰ পৰিয়ালৰ খা-খবৰ লঁও বুলি এনেয়ে সুধিলো
ল'ৰাটো কোন ক্লাচ পালে বুলি । তাৰ চকুযোৰ চলচলীয়া হৈ গ'ল । সি ক'লে "চাৰ
মোৰ ল'ৰাটো এক্সিডেন্ট হৈ ঢুকাল নহয় ।" কি ক'ম ভাবি থাকোতেই সি পুনৰ ক'লে
"যোৱাবছৰ এনেকুৱা দিনতে মোৰ দেউতাৰ শ্রাদ্ধৰ কাৰণে গাৱঁলৈ যাবলৈ জালুকবাৰীত
বাচৰ বাবে ৰে আছিলো । মই আগে আগে, মোৰ পিছে পিছে মাক আৰু ল'ৰাটো ৰাস্তা
পাৰ হওতেই চাৰ গাড়ি এখনে মহতিয়াই নিলে । লগে লগেই শেষ ।" ... মই আৰু
শ্রীমতী দুয়ো বাকৰুদ্ধ । কি ক'ম । তেনেতে মনোজে পুনৰ ক'লে "চাৰ, যোৱাবছৰটো
আমাৰ কাৰণে খুব বেয়া । এই দুৰ্ঘটনাটোৰ সময়ত মাকৰ চাৰি মাহ চলি আছিল ।
আৰু চাৰি মাহৰ পিছত কেচুৱাটো ভিতৰতে বেয়া হৈ গ'ল । ডক্টৰে অপাৰেচন কৰি এটা
মৃত বাচ্চা পেটৰ পৰা উলিয়ালে ...।"
মোৰ ষ্টিয়েৰিং ধৰি থকা
হাতখন কিবা জঠৰ হৈ যোৱা যেন লাগিছিল । মনোজৰ মুখলৈ চালো; সি বাহিৰলৈ চাই
চকুদুটা মুচি আছিল । মই কোনোমতে গাড়িখন বাটৰ কাষলৈ আনি ৰখাই খিৰিকিখন নমাই
দীঘলকৈ উশাহ এটা লোৱাতহে কিছু প্র্কৃতিস্থ হোৱা যেন লাগিল । শ্রীমতীক নমাই
বেলতলাৰ পৰা গনেশগুৰিলৈ ট্রেফিকৰ ভিৰ ফালি আহি থকা মোৰ আৰু মনোজৰ মাজৰ সেই
নিৰব সময়খিনি ক্রমাত অসহনীয় হৈ আহিছিল যেন লাগিবলৈ ধৰিলে । মই তাক "মোক
তুমি সেই সময়ত কিয় খবৰ নিদিলা" বুলি ক'ম বুলি ভাবিও ৰৈ গলো, এই ভাবি যে
মইনো তাক কি সহায় কৰিব পাৰিলোহেতেন; সান্তনা দিয়াৰ বাদে । সি গনেশগুৰিত
নামি যোৱাৰ সময়ত ক'লে "চাৰ দুৰ্ভাগ্যক ধিয়াই থাকি বহি থাকিলেতো আমাৰ পেট
নভৰিব । জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো ।" . . . মই লাহেকৈ
ক'লো, "কাইলৈ আহিবাছোন মোৰ ঘৰলৈ; অলপ কাম আছে । বস্তু কি কি লাগিব হিচাপ
দিবা, শণিবাৰৰ পৰা কাম আৰম্ভ কৰিবা ।"
No comments:
Post a Comment