Sunday 2 December 2012

বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা আৰু সাৰু চাইকেল দোকানীৰ লুচি ভাজি ...

পূজাৰ বতৰ আৰম্ভ হৈ গৈছে ... বিশ্বকৰ্মা পূজা আৰু ১৭ ছেপ্তেম্বৰৰ মাজত থকা এৰাব নোৱাৰা সম্পৰ্কটোৰ ওপৰত ভিন্ন জনৰ ভিন ভিন মত... যিকি নহওক, এই বিশ্বকৰ্মা পূজা বুলিলেই সৰু কালৰ কিছু স্মৄতিয়ে আমনি কৰে । ৰাতিপূৱাই উঠি দেউতাই চাইকেলখন আটোমটোকাৰিকৈ ধুৱে । মায়ে ঘৰত থকা উষা চিলাই মেচিনটো ভালকৈ চাফ চিকুন কৰি অটোৱাৰ পিছ্ত মাহ-প্রসাদৰ শৰাই এখন আগবঢ়াই পূজা এভাগ আগবঢ়ায় ।

মোৰ জন্মস্থান উজনি অসমৰ সৰু মফচলীয়া উদ্যোগীক চহৰখনত আমি সৰু থাকোতে বিশ্বকৰ্মা পূজা বেছ ভালদৰেই কেইবাঠাইতো উদযাপিত হৈছিল । বহুকেইটা প্লাইউদ কাৰখানা, ক'ল ইন্ডিয়াৰ ৱৰ্কচপ, বিভিন্ন গেৰেজ ইত্যাদিত পতা বিশ্বকৰ্মা পূজাৰ আমেজেই আছিল বেলেগ । দেউতাৰ হাতত ধৰি ক'ৰবালৈ যোৱা বয়সত মোৰ পিছে এই বিশ্বকৰ্মা পূজাৰ আকৰ্ষন অন্য কৰবাতহে আছিল । বেছিভাগ পূজা মন্ডপতেই মাহ-প্রসাদ আৰু কৰবাত কৰবাত এটা বুনিয়া লাডুৰেই ভক্তসকলক আপ্যায়িত কৰা হৈছিল । চহৰখনৰ মাজমজিয়াত থকা সেই সময়ৰ লেখত ল'বলগীয়া ব্যৱসায়িক প্র্তিস্থান সাৰু দোকানী (মই সাৰু খুৰা বুলি মাতিছিলো) কিন্তু এই বিষয়ত ব্যতিক্র্ম আছিল । একমাত্র ইয়াতেই নিমন্ত্রিত লোকক আবেলিৰ ফালে লুচি, লাব্ৰা ভাজি আৰু সুস্বাদু মিঠাইৰে আপ্যায়িত কৰা হৈছিল । মোৰ মা দেউতাও এনে নিমন্ত্রিত লোকৰ তালিকাত থকা বাবেই মোৰ এই বিশেষ দিনটোৰ প্র্তি এক অনামি আকৰ্ষন আছিল । লুচি, লাব্ৰা ভাজিৰ আকৰ্ষন । বছৰেকীয়া বিশ্বকৰ্মা পূজাৰ আগমনৰ খবৰ পোৱা মাত্রেই মোৰ সেই উৎকন্থা আৰম্ভ হৈছিল আৰু পূজাৰ দিনা পেট ভৰাই লুচি, লাব্ৰা ভাজি খোৱাৰ পিছতহে এই অৱস্থাৰ অৱসান ঘটিছিল । অৱশ্যে লগতে আৰু এটা আকৰ্ষন আছিল সেইদিনা সাৰুৰ দোকানত থকা সৰু ধূনীয়া চাইকেলবোৰ হেপাহ পলুৱাই লিৰিকি বিদাৰি চোৱাৰ সুযোগ ।

বুজন হোৱাৰ পিছ্ত আৰু কাণ-সমনীয়াৰ লগত পূজা চোৱাৰ বয়্সতো এপাক সাৰুৰ দোকানলৈ গৈছিলো আৰু সাৰু খুৰাই আমাক অথেবেথে মাতি লুচি-ভাজি খোৱাইছিল । মোৰ 'যহতেই' যে মোৰ লগৰকেইটাইও পূজাৰ দিনা এনে 'দুৰ্লভ' খানা খাবলৈ পাইছিল সেইবাবে মোৰ সৰু বুকুখন গৰ্বত ওফন্দি উঠিছিল । আজিকালি সাৰুৰ চাইকেল দোকানখন আছেনে নাই নাজানো । বহুদিন সেইফালে যোৱা হোৱা নাই ।

এতিয়া অৱশ্যে চাইকেলৰ ঠাই ল'লে বাইক আৰু গাড়ীয়ে । আজিকালি বিশ্বকৰ্মা পূজাৰ দিনা কিছুসংখ্যক বাইক আৰোহিৰ ৰাস্তাইঘাটে কৰা উদ্ভন্ডালি আৰু বলিউডি কাইদাত কৰা স্টান্টবাজীয়ে মনত্ পেলাই দিয়ে আমাৰ সেই সৰুকালৰ বিশ্বকৰ্মা পূজাৰ দিনা অনাবিল আনন্দৰ লগত আজিৰ প্রজন্মৰ কিছুৰ মানষিক তফাৎ । আজি ৰাতিপূৱা অফিচলৈ আহোতেও তেনে দুই এটা অতপালি চকুত পৰিছিল ।
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/438381302881038/

No comments:

Post a Comment