Sunday 2 December 2012

জীৱ্নটো এবাৰ ওভতি চাওঁ . . .

জীৱ্নটো এবাৰ ওভতি চাওঁ – খন্ড ১
বিভিন্ন সময়ত মোৰ ল’ৰাটোৰ পৰা আৰম্ভ কৰি সহকৰ্মি, বন্ধু-বান্ধৱৰ তথা ঘৰৰ ওচৰে পাজৰে থকা বিভিন্ন বয়সৰ সৰু-ডাঙৰ ল’ৰা-ছোৱালী বোৰ দেখি মোৰ নিজৰ এৰি অহা শৈশৱ, কৈশোৰৰ দিনবোৰলৈ বৰকৈ মনত পৰে কেতিয়াবা কেতিয়াবা । মাত্র দুটা বা তিনিটা দশকৰ ব্যৱধানত হোৱা শৈশৱ, কৈশোৰৰ মানষিক আৰু ভৌতিক পৰিবৰ্তনবোৰ দেখিলেটো মোৰ কেতিয়াবা জোৰেৰে চিঞৰি ক’বৰ মন যায় ময়ো এসময়ত শিশু আৰু কিশোৰ আছিলো ।


মই জন্মসুত্রে উজনি অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু মফচলীয় চহৰৰ । সৰুতে কি ক’ত কিয় বিখ্যাত বুলি শ্রেণীত লেখোতে আমাৰ চহৰখনৰ বিখ্যাতৰ কাৰণটো কয়লা আৰু প্লাইউদ কাৰখানা আছে বুলি লেখি খুব গৌৰববোধ কৰিছিলো । আমি এটা ক’লনীত ডাঙৰ দীঘল হৈছিলো । যদিও মোৰ জন্ম আন এটা কলনীত, বিদ্যায়তনিক শিক্ষা আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে আমি এই কলনীটোলৈ গুছি আহিছিলো । ঘৰৰ গাতে লাগি আছিল এখন প্রকান্ড খেলপথাৰ, স্থানীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নিজা । সেই বিদ্যালয়খনৰ শিক্ষকসকলৰ ১৫ জনমানৰ সমষ্টিটোৱেই আছিল এই কলনীটো । প্রায়্ভাগৰ ঘৰতেই এটা বা দুটা কাণ সমনীয়া .. তাৰ ভিতৰত আমাৰ গোটটোৱেই আটাইতকৈ ডাঙৰ আছিল, একে শ্রেণীতে পঢ়া ৫ টা ল’ৰা আৰু ৩ জনী ছোৱালী । আমাৰ প্রাথমিক বিদ্যালয়খন অৱশ্যে ১.৫ কি.মি. মান দুৰৈত অৱস্থিত । কোনোবাই ক’ত পঢ়া বুলি সুধিলে তপৰাই মাত দিছিলো ১ নং আলুবাৰী নিম্ন বুনিয়াদি বিদ্যালয় বুলি । হে’ডচাৰ গগৈচাৰ, গোহাঁই চাৰ, প্র্ফূল্ল চাৰ, প্র্তিমা বাইদেউকে ধৰি এজন হে’ডচাৰ, তিনিজন চাৰ আৰু দুগৰাকী বাইদেউৰ সুপৰিচালনাত আমাৰ বিদ্যালয়খন এখন বেছ নামজ্বলা প্রতিস্থান আছিল অঞ্চলটোৰ ভিতৰত । পিছ্ফালেদি বৈ গৈছিল বুঢ়ীদিহিং নদীখন; বিদ্যালয়ৰ ঠিয়গৰাইদি পানীখোৱা চুটিৰ সময়ত সদায় লুকাই চুৰকৈ চাৰ বাইদেউহঁতে নেদেখাকৈ নামি গৈছিলো সমনীয়া কেইটাৰ লগত ।

আমি ক’লনীৰ পৰা দহটামান সদায় ঠিক ৯ মান বজাত ওলাওঁ । সবৰে হাতত ৫ ৰ পৰা ২৫ পইচা ; পানীখোৱা চুটিৰ সময়্ত খাবলৈ চানা, কেচা নাৰিকল, লগৰ কেইটামানে অনা পকা পকা বগৰী, কৰ্পূৰ (এবিধ সুগন্ধি গা-গছ), পনিয়্ল বা আন তেনে বস্তু কিনিবলৈ । শিলগুটি লঠিয়াই-দলিয়াই, বোকা পানী খচকি, ইটোৱে সিটোক ঠেলা ঠেলি কৰি সেই ডেৰ কিমি বাট অতিক্রম কৰোতে আমাৰ ৪৫ মিনিটমান লাগিছিল । কোনোমতে ‘ৱাৰ্নিং বেল’ টো মৰাৰ আগতে বিদ্যালয় পাইছিলোগৈ । তাৰ পিছ্ত দমকলত হাত-ভৰি ধুই কিতাপ-পত্র থৈ প্ৰাৰ্থনা গাবলৈ বাহিৰত থকা প্র্কান্ড আহত জোপাৰ তলত থিয় হওঁহি । ৰোল নং ১, আছো চাৰ, ২ আছো চাৰ, ৩, ‘পেজেন’ চাৰ …..। প্র্ফুল্ল চাৰলৈ আমি আটাইতকৈ ভয় কৰিছিলো কাৰণ নেওঁতা মুখস্থ নোৱাৰিলে বা আখৰকিটা কুকুৰা ঠেঙিয়া হ’লে বা আমটোৰ ঠাৰিদাল ভালকৈ আকিব নোৱাৰিলে চেকনী দালেৰে দুখপোৱাকৈ সাৰোপ সাৰোপকৈ পিটিছিল । কেতিয়াবা বজাৰে সমাৰে মোৰ সন্মুখত চাৰে দেউতাক লগ পালে মোৰ কীৰ্তি-কাহিনীবোৰ সবিস্তাৰে কৈ দিছিল; তেতিয়া দেউতাই চাৰক কয় “দুচাট মান আৰু দিব” বুলি ! বৃত্তি প্ৰৰীক্ষাৰ সময়্ত আমাৰ চাৰহঁতে যে কিমান কষ্ট কৰিছিল আমাক বৃত্তি পোৱাবলৈ; তেনে কিছুমান কষ্টৰ বিনিময়তে মই অনায়াসে বৃত্তি পাবলৈ সক্ষম হৈছিলো । যদিও সেইসময়ত এই বৃত্তি প্ৰৰীক্ষাটোৰ মোল বৰ ভালকৈ উপলব্ধি কৰিব পৰা নাছিলো, পিছ্ত ওভতি চাই দেখো, এইটোৱেইছোন মোৰ জীৱনৰ প্রথম প্র্তিযোগিতামুলক বিদ্যায়্তনিক সাফল্য ।

সঠিককৈ পাহৰিলো আমাৰ ছুটি কেইটা বজাত হৈছিল, বোধহয় ২.৩০ বা ৩ টা মানত হৈছিল । একেই ওভতনি যাত্রা … ‘কট্টি’ হৈ থকা (মানে কেঞা আঙুলী লগাই নমতা-নমতি) কেইটা বেলেগ এটা দলত । বাটত এঘৰ মানুহৰ ঘৰত ঠিক ৰাস্তাৰ কিনাৰতে দুডালমান অমৰা গছ আছিল । অমৰা পকা দিনত আমাৰ ‘টাৰ্গেত’ সদায় সেইকিডাল গছ । মোৰ অমৰা প্রিয় ফল ন’হলেও ময়ো সমনীয়া কেইটাৰ লগত পৰি সদায় ফৰ্মুটি দলিয়াইছিলো । সৰিলেই বাহঁৰ জেউৰা পাৰহৈ বুটলী দে পলা… ঘৰটোৰ গৰাকী আছিল এগৰাকী বঙালী বৃদ্ধা; তেওঁও আমালৈ সদায় খাপ পিটি থাকে ।এদিন এনেকৈ অমৰা পাৰোতে খাপ পিটি থকা বৃদ্ধাই ধৰিলে এটাক, তাৰ নাম আছিল মনোহৰ… সি অলপ স্ল’ আছিল, কাৰণ তাৰ হাপানী বেমাৰ আছিল । আমিবোৰ ফৰিংচিতিকা দি যিয়ে যিফালে পাৰো পলালো । মই আৰু মোৰ লগৰ বিজু বেলেগ এটা ৰাস্তাধৰি কেৱ্ল দৌৰিছো । সেই ৰাস্তাটো আচলতে কলৈ যায় আমি নাজানিছিলো । তথাপিও প্রায় আধা কিমি মান যোৱাৰ পিছ্ত দেখো একেবাৰে অচিনাকী । অথচ ঘূৰি আহিবলৈও ভয় । যি হয় হ’ব বুলি মই আৰু বিজু আগবাঢ়িব ধৰিলো । এইদৰে আমি আৰু আধাঘন্টামান সোঁৱে-বাৱেঁ, বাৱেঁ-সোঁৱে গৈ একেবাৰে প্লেচ অৱ ন’ ৰিটাৰ্ন ওলালোগৈ । চকু পানী ওলাওঁ ওলাওঁ, চলচলীয়া । কলৈ যাওঁ কি কৰো ? তেনেতে এজন চূৰীয়া পিন্ধা লোকৰ আমাৰ চাল চলনৰ ওপৰত সন্দেহ ওপজাত তেখেতে আমাক সুধি প্র্কৃত কথাখিনি জানিব পাৰি আমাক আমাৰ ঘৰত থৈ আহিব বুলি ক’লে । আমাৰ ভয়াৰ্ত চেহেৰা কিটা দেখি আমাক প্রথমতে দুগিলাচ পানী খাবলৈ দিলে ; লগতে এটা এটা জাহাজী কল । তাৰপিছত তেখেতৰ লগত আহি ঘৰ পাওঁতে নিৰ্দিষ্ট সময়তকৈ ইতিমধ্যে ডেৰঘন্টা মান পলম হৈছেই । ঘৰৰ পৰা বিচাৰ খোচাৰ আৰম্ভ হৈ গৈছে । দেউতা মোক বিচাৰি ওলাই গৈছে… ঘৰত মা আছিল । মানুহজনে সবিস্তাৰে আমাৰ চমজাই হেৰোৱা কাহিনী কৈ গ’লগৈ ।

আজিও মনত আছে, সেইদিনা গধূলী পৰত দেউতাই মোৰ পিঠিত হালোৱা এচাৰিৰে দিয়া কোব কেইটা । সেই তেতিয়াই অমৰাৰ প্রতি জন্মা বৃতিষ্ণাটো পিছে এতিয়াও বিদ্যমান …
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/425180714201097/

No comments:

Post a Comment