Sunday 2 December 2012

জীৱনটো এবাৰ ওভতি চাওঁ . . .

জীৱনটো এবাৰ ওভতি চাওঁ - খণ্ড ২

মোৰ মন যায় ... মন যায় বহুত কিবা কিবি কৰিবলৈ . . . মন যায় আহিন কাতি মহীয়া সোণোৱালী ধাননী পথাৰৰ মাজে মাজে সৰু সৰু আলিয়েদি দেই দি দেই দি দৌৰি ফুৰিবলৈ . . . এহাতত এখন ধনু, ডিঙিত এটা বাটুল গুটি ভৰ্তি মোনা, সেই কাঠনীডৰাৰ ফাঁকে ফাঁকে বান্দৰ খেদি ফুৰিবলৈ . . দুপৰীয়া ঘৰৰ যেতিয়া সকলোৱে এখন্তেক ভাত ঘুমটি মাৰে, তেতিয়া মনে মনে বৰশীডাল লৈ পিছ ফালৰ পুখুৰীত মাছ মাৰিবলৈ ... মাছ পাওঁ বা নাপাওঁ, গোহালীটোৰ পিছফালে থকা গোবৰ ডৰাৰ পৰা কেচু খান্দি বৰশীৰ টোপ লগাই একান্তমনে পুঙাটোলৈ চাই থাকিবৰ মোৰ মন যায় . . . মায়ে ডবিয়াই, এই ভৰ দুপৰীয়া পুখুৰীৰ পাৰৰ পৰা আহিলিনে বুলি . . . গাত 'বাক' লাগি আহিব, গম পাবি তেতিয়া . . .

মনত আছে, সৰু থাকোতে আমি বছৰটোত কেইবাবাৰো মোৰ ককাৰ ঘৰলৈ দিঘলীয়াকৈ থাকিবৰ বাবে গৈছিলো । তেতিয়া যাতায়ত বুলিবলৈ মাৰ্ঘেৰিটাৰ পৰা ভজোলৈ কেৱল দুখন পেচেঞ্জাৰ ট্রেইন চলিছিল । এখন ৰাতিপূৱা আৰু এখন আবেলি । যোৱাৰ আগদিনা দেউতাই দুটা বস্তু আনিছিল । এটা ডাঙৰ মাছ, মায়ে ধুই পখালি, ৰেপি ৰেপি নিমখ আৰু হালধি সানি থৈছিল আগনিশা । আমাৰ তেতিয়া ফ্রিজ নাছিল বাবে এনেকৈ থলে পিছদিনাখনলৈকে ভাল হৈ থাকিছিল । তেতিয়াৰ দিনত ডাঙৰ মাছ সহজলব্ধ নাছিল, বিশেষকৈ গাওঁ অঞ্চলত । সেয়ে দেউতাই ককা-আইতালৈ এনেকৈ মাছ এটা লৈ গৈছিল । আৰু এটা বস্তু আছিল, মলাধঁপাত । কোৱা শুনো, মাৰ্ঘেৰিটাৰ মলাধঁপাত হেনো বৰ বিখ্যাত আছিল । সেয়া ককা-আইতাৰ বাবে স্পেচিয়েল গিফ্ট । ককাৰ হোকা খোৱাৰ স্টাইলটো . . .আহ । নিজেও মনে মনে টানি চৰচৰণি খাই চকুৰে সৰিয়হৰ ফুল দেখি গৈছিলো ।

যাত্রাৰ দিনা পূৱাই উঠি কুবাকুবিকৈ ৪.৩০ মান বজাত ওলাওঁ । বেগ চেগ বোৰ দেউতাৰ ৰ'ভাৰ চাইকেলখনত লাদি বুঢ়ীদিহিং নদীৰ সিপাৰে থকা ৰেলষ্টেচনলৈ বুলি ঢাপলি মেলো । ষ্টেচন পাই দেউতাই চাইকেলখন ওচৰৰ এন. কে. ঘোষৰ দোকানৰ পিচফালে থৈ আহে; ধুৰি আহিবৰ দিনা লৈ যোৱাৰ বন্দোবস্তিৰে । দুটা ফুল আৰু এটা হাফ টিকট কিনি আমি অধিৰ আগ্রহেৰে ৰেল অহালৈ অপেক্ষা কৰো । প্র্থম ঘন্টাটো বাজিলে মানে গ'ম পাওঁ ৰেল লিডু এৰিলে । দ্বিতীয়টো মানে বৰগোলাই এৰিলে; উৎকন্থাটো অলপ কমে । তৃতীয়টো বজাৰ লগে লগে প্লেটফৰ্মত থকা মানুহবোৰৰ খদম দম লাগে । আমিও বস্তু-বাহানি বোৰ আকৌ গণি-পিতি ভালকে ধৰি ঠিয় হওঁ । তেনেকোৱাতে দেখো, এটা ধোৱা বৰণীয়া চোলা পিন্ধা এজন মানুহে এডাল ডাঙৰ ৰিং হাতত লৈ ৰৈ আছে । সেই ৰিংডাল আহিব লগীয়া ৰেলখনৰ ড্রাইভাৰক তেওঁ দি দিয়ে আৰু ড্রাইভাৰে তেনেকোৱাই আন এডাল ৰিং প্লেটফৰ্মলৈ দলিয়াই দিয়ে . . . ।

ৰেলত উঠাৰ পিছত এটাই চিন্তা . . খিৰিকিৰ কাষত বহিবলৈ পাওঁ নে নাপাওঁ । কাঠৰ চিট । যেনে তেনে যোগাৰ কৰো খিৰিকিৰ কাষত বহাতো । কেতিয়াবা খিৰিকি বোৰত লোহাৰ ৰেইলিং থাকে; তেতিয়া মনটো মৰি যায়, মুৰটো বাহিৰলৈ উলিয়াব নোৱাৰাৰ দুখত । চকুত প্রায়ে কয়লাৰ গুৰি সোমাইছিল । ক'লা ধোৱা উৰোৱাই উৰোৱাই ৰেল আগবাঢ়ে . . . পাৱৈ, ডিগবৈ . . . তিনিচুকীয়া । ইয়াতে নামি মৰিয়্নী পেচেঞ্জাৰখন ধৰিব লাগে । দৌৰা দৌৰি কৈ নামি ৰৈ থকা সিখন গাড়ীত উঠোগৈ । আকৌ ৰেল চলে . . কিছু সময়ৰ পিছত বৰডুবি ... নামৰুপ, নাহৰকটীয়া . . সাপেখাটি, লংপতীয়া . . ভজো । ইয়াতে নামি পুনৰ এটা আমনিদায়ক যাত্রাৰ বাবে সাজু হওঁ । প্রায় ৫ কিমি দুৰৈৰ কাকতিবাৰি; একমাত্র বাহন চাইকেল নহলে ৰিক্সা । আগতে ঠিক কৰি থোৱা অনুসৰি ককাই পঠিয়াই দিয়া নিমাই চাইকেল দোকানিৰ দুখন ৰিক্সা সাজু হৈ থাকে ককাৰ নুমলীয়া পুতেকক পো-বোৱাৰী সহ আদৰি নিবলৈ. . . এখনত দেউতা, বস্তু বাহানিৰে সৈতে আৰু আনখনত মই আৰু মা । ভজো ৰেলস্টেচনত দেখা মোৰ বাবে আৰু এটা অবিৰস্মৰণীয় বস্তু আছিল ২-৩ খনমান টেম্প’ ভান গাড়ী । গীয়েৰডাল আছিল বাহঁৰ, ড্রাইভাৰ ওচৰতে এটা হেল্পাৰ থাকে; সি গীয়েৰডাল ধৰি থাকে, নহলে পিচলি যায় হেনো । সেইকিখন চলিছিল সোণাৰীলৈ । মোৰ তেনে এখনত উঠি চাবলৈ বৰ মন গৈছিল তেতিয়া; কিন্তু সেয়া আজিলৈকে হৈ নুঠিল । যেইকিনহওক, ৰিক্সাত ঘেটেং মেটেং কৰি কেলধোপ কেলধোপ কৈ ঘৰ আহি পাওঁতে কিজানি ১-২ মান বাজে । প্রায় আধা ফাৰ্লং মান দীঘল পদুলি মুৰত দুজোপা নাহৰ গছে আমাক আদৰনী জনায় । পদুলিত সোমাই বাহৰ দলংখন পাৰ হৈ কিছু দুৰ আহি নঙলা কেইডাল খুলি দিওঁতেই আমাৰ পোহনীয়া প্রকাণ্ড কুকুৰটোৱে (টম) যেনেকৈহে নেজ জোকাৰে দেখি সকলো দুখ ভাগৰ পাহৰি যাওঁ । সি ইমান দিনৰ পিছত দেখিলেও মোক ভালকে চিনি পাইছিল; ময়ো জানো, ইয়াত থকা কিদিন সিয়ে মোৰ লেঙুটিয়া য়াৰ; মোৰ ইয়াত থকাকিদিনৰ অবিচ্ছেদ্য সংগী টম । মই যলৈকে নাযাওঁ, সি মোৰ লগত যাবই । সেয়ে ককাই তাক আগদিনাই গা পা ধুৱাই চাফ চিকুনকৈ ৰাখিছিল ।

দিন বাগৰাৰ লগে লগে মই আমাৰ গাৱঁৰ ঘৰখনৰ প্র্তিটো কাম কাজৰ লগত পুৰণা হৈ পৰিছিলো । দুপৰীয়া ভাতপানী খোৱাৰ পিছত সকলোৱে যেতিয়া এঘুমতি মাৰে, তেতিয়া মই প্রস্তুত হওঁ বৰশী বাবৰ বাবে । লগত মোৰ দোস্ট টম । আৰু এজন ল’ৰা আছিল আমাৰ ঘৰত; তাৰ নাম পকা । আচল নাম আজিলৈকে গমেই নাপালো । মোত্কৈ কেইবাবছৰো ডাঙৰ । ককাৰ মেইন মানুহ; Man Friday । অৱশ্যে মাৰ শেন চকু সদায় মোৰ ওপৰত আছিল মই কি কৰো কলৈ যাওঁ । যদিও মই সচৰাচৰ উৎপতিয়া স্বভাৱৰ নাছিলো, তথাপিও মায়ে সদায় চকু ৰাখিছিল । অলপ আবেলি হলেই ধাননী পথাৰলৈ ধাপলি মেলো । চকুৰে মণিব নোৱাৰালৈকে এখন সোনোৱালী পথাৰ । পথাৰৰ সৰু সৰু আলিয়েদি দৌৰি খুব ফুৰ্টি পাওঁ; পিছে পিছে টম । আমাৰ এখন প্র্কাণ্ড বাঁহনি আৰু কাঠনি বাৰি আছিল । ১৫ বিঘা মানৰ এখন সৰু চাহ বাগিছাও আছিল । আছিল এখন বেতবাৰী আৰু খেৰনী । মোৰ ককা যথেষ্ঠ পৰিশ্রমী আছিল । পিছত বুজিছিলো, আমৰ ১০০ বিঘাৰো ওপৰ মাটি বাৰি আছিল (আৰু এতিয়াও আছে) ।

ৰাতি (সন্ধ্যা) ককাৰ লগত বহি থকাতো হয়তো তেতিয়া মোৰ জীৱনৰ অন্যতম এক আকৰ্ষন আছিল । জোনাক নিশা বাৰাণ্ডাত বহি হোকাটো টানি টানি ককাই বিভিন্ন কথা বুজাইছিল মই বুজি পোৱা ধৰনেৰে । আকাশৰ তৰা, হাতী, বাঘ, বান্দৰ, খোজনীয়া, শাক পাচলী, খেতি ... কত যে টপিক । আমাৰ ককা এনে এজন ব্যক্তিত্বসম্পন্ন লোক আছিল যে যাৰ লগত সকলোৱে সম্ভ্রম সহকাৰে কথা পাতিছিল । ব্রিটিচৰ দিনতেই ককাই স্থানীয় চাহবাগিছা দিপলীংত (পিছলৈ Assam Tea Corporation ৰ হাতত পৰি এতিয়া মৃত্যুৰ ক্ষন গণিছে) ‘বৰবাবু’ হি্চাপে চাকৰী কৰিছিল । সন্ধিয়া আমাৰ লগত মেলত আইতাও বহিছিল চিলিম একোটা লৈ । মোৰ আইতা লাকুৱা অঞ্চলৰ বিখ্যাত ৰাজকুমাৰী (ৰাজকোৱঁৰ ) পৰিয়ালৰ আছিল আৰু সেই সময়ত যি বুজিছিলো, ককা আইতা নিজৰ মতত বিয়া হোৱা বাবে কিছু খেলিমেলিৰ সৄষ্টি হৈছিল যাৰ ফলত ককাই চিৰজীৱনৰ বাবে লাকুৱা এৰি আহি কাকতিবাৰিত থিতাপি লৈছিলহি । ৰাতি বৰ জয়াল পৰিবেশ এটাৰ সৃষ্টি হৈছিল । আমাৰ ঘৰৰ আশে পাশে কোনো জনবসতি নাছিল প্রায় ১-১/২ ফাৰ্লং মান দুৰলৈ । দুৱাৰদলিলৈকে নাহৰফুটুকী আৰু কুকুৰনেচিয়া বাঘৰ খোজ আমি প্রায়ে দেখা পাইছিলো । এনে অৱস্থাৰ বাবে আমাৰ কাৰোবাৰ বেমাৰ আজাৰ হলে বৰ আহুকাল হৈছিল । অৱশ্যে ওচৰৰ বাগিছাখনৰ ডাক্টৰজনক মাতিলেই তেখেত আহিছিল । আমি তেখেতক গগৈ বৰতা বুলিছিলো ।

বছৰটোৰ বিভিন্ন সময়ত আমি কাকতিবাৰিৰ ঘৰত কটাইছিলো । মোৰ বাবে আটাইতকৈ ৰঙিন সময় আছিল বহাগ বিহুৰ সময়ত । কাৰণ তেতিয়াই ককাৰ আটাই কিজন পু-বোৱাৰী একেলগ হৈছিল বিভিন্ন ঠাইৰ পৰা আহি । মোৰ ডাঙৰ আপা (জেঠাই) ওচৰতে মাহমৰাত থাকে । পেহীদেউ আহিছিল শিৱসাগৰৰ পৰা । ডাঙৰ বৰতা আহিছিল গোলাঘাটৰ পৰা আৰু সৰু বৰতাহঁত আহিছিল কোকৰাঝাৰৰ পৰা । লগত আহিছিল এইসকলোৰে ল’ৰা-ছোৱালীবোৰ যি বেলেগ বেলেগ স্তৰত কাণ সমনীয়া আছিল । যেনে পেহীৰ দুজনী ছোৱালী আৰু সৰু বৰতাৰ সৰু ল‘ৰাটো মোৰ কাণ-সমনীয়া । কেনে যে ফুৰ্টি লাগিছিল তাক ভাষাৰে বৰ্নোৱা নাযায় । যৌথপৰিয়াল কাক বোলে তেতিয়াহে হৃদয়ংগম কৰিব পাৰিছিলো । বহাগমহীয়া পথাৰত ডোঙা বন্ধা পানী যুৱলীত দেউতাৰ লগত মাছ ধৰিবলৈ যোৱাৰ আনন্দই বেলেগ আছিল । ব্র্হ্ম পূৱাতে উঠি গোবৰ, তুহ গুৰিৰে সৰু সৰু লাড়ু বনাই এই পানীৰ ডোঙাবোৰত্ দি অহা হয় । সেয়া মাছৰ খাদ্য । মাছবোৰ যেতিয়া এই খোৱাবোৰ খাবলৈ আহি একেলগে থাকে (প্রায় ১ ঘন্টা মানৰ পিছত), তেতিয়াই জালখন পেলোৱা হয় । পুঠি, ভাঙন, সৰু বৰালী, চেং মাছ আদিয়েই প্রধানকৈ উঠে । এবাৰ এনেকৈ জাল মাৰিবলৈ যাওতে মই নিজে মাৰি জালে মানুহে পানীত পৰিছিলো গৈ । অলপ চলপ লেতেৰা পানী খালোও । পকা আৰু দেউতাই ধৰি কোনোমতে উঠালে । পিছলৈ অৱশ্যে মই মুটামুটি পাকৈত জালুৱৈ হৈছিলো ।

প্রত্যেক বাৰেই এদিন আকৌ উভতি আহিবৰ হয় । আকৌ সেই একেই যাত্রা । প্রথমে ৰিক্সাত, তাৰ পিছত ট্রেইনত আৰু ফাইনেলি চাইকেলত উঠি আহি ঘৰ । পুনৰ একঘেয়েমি; পঢ়া-শুনা, স্কুল । বৰ আমনিদায়্ক । মই আজিলৈকে সম্ভৱ এটা কাম কৰি কেতিয়াও ভাল নাপালো; সেইটো হৈছে স্কুল-কলেজৰ পাঠ্যপুথি পঢ়ি । পঢ়াশুনা কৰাটো মোৰ বাবে চৰম কষ্টকৰ কাম আছিল ।

এই কাহিনীবোৰ বৰ্ণাই থকিলে কেতিয়াবা যে শেষ হ’ব সন্দেহ । দিন কাল বদলি হ’ল । আমাৰ ল‘ৰাহঁতে এই কামবোৰৰ প্র্তি কোনো আকৰ্ষন অনুভৱ নকৰে দেখোন । অৱশ্যে এদিন বা দুদিনতেনো কেনেকৈ একাত্ম বোধ কৰিব ? কিছুদিন ৰখাৰো যে উপায় নাই !! টিউচন, হ’মৱৰ্কত পিছ পৰি যাব যে । এনেকৈ গাৱঁৰ নিৰ্মল হাৱা পানী খাই বেছি দিন থাকিবলৈ হলে যে সিহত জীৱনৰ যুজৰ নিগনি–মেকুৰি দৌৰত বেয়াকৈ হাৰি যাব । ৯৫% নম্বৰ স্ক’ৰ বনাম নিৰ্মল আনন্দ . . . choice is yours ....!!
Facebook Link - https://www.facebook.com/groups/axomiyakothabotora/permalink/455749134477588/

No comments:

Post a Comment